ETV Bharat / sitara

গ্ৰীণ ইণ্ডিয়া চেলেঞ্জ : ৰামোজী ফিল্ম চিটীত গছপুলি ৰোপন ছনু চুডৰ

author img

By

Published : Sep 29, 2020, 1:16 PM IST

'প্ৰব্ৰজিত শ্ৰমিকৰ ত্ৰাণকৰ্তা' হিচাপে সঘনে পৰিচিত অভিনেতা ছনু চুডে সোমবাৰে উপস্থিত হয় ৰামোজী ফিল্ম চিটীত ৷ ফিল্ম চিটীত উপস্থিত হৈ তেওঁ গ্ৰীণ ইণ্ডিয়া চেলেঞ্জৰ অংশস্বৰূপে গছপুলি ৰোপন কৰে ৷

গ্ৰীণ ইণ্ডিয়া চেলেঞ্জ
ৰামোজী ফিল্ম চিটীত গছপুলি ৰোপন ছনু চুডৰ

ছিটাৰা ডেস্ক, 29 ছেপ্তেম্বৰ : 'প্ৰব্ৰজিত শ্ৰমিকৰ ত্ৰাণকৰ্তা' হিচাপে সঘনে পৰিচিত অভিনেতা ছনু চুডে সোমবাৰে উপস্থিত হয় ৰামোজী ফিল্ম চিটীত ৷ ফিল্ম চিটীত উপস্থিত হৈ তেওঁ গ্ৰীণ ইণ্ডিয়া চেলেঞ্জৰ অংশস্বৰূপে গছপুলি ৰোপন কৰে ৷

ডাবাঙৰ অভিনেতা গৰাকীক এই চেলেঞ্জ আগবঢ়াইছিল ছবি পৰিচালক শ্ৰীনু ভাইটলাই ৷ ধেমালিসূলভ ভাৱে ছনু চুডেও এই চেলেঞ্জ গ্ৰহণ কৰি ফিল্ম চিটীত উপস্থিত হৈ গছপুলি ৰোপন কৰে ৷

ৰাজ্যসভাৰ সাংসদ জোগিনাপল্লী সন্তোষ কুমাৰৰ প্ৰচেষ্টাক শলাগ জনাই 47 বৰ্ষীয় অভিনেতাগৰাকীয়ে কয় যে, ক'ভিডৰ পাচত পৰিৱেশ সংৰক্ষণ কৰাটোৱে মুখ্য উদ্দেশ্য হোৱা উচিত ৷

তেওঁ লগতে কয় যে, এনে ধৰণৰ কাৰ্যত প্ৰতিজন লোকেই জড়িত হোৱা উচিত ৷ প্ৰায় বহুকেইটা মাহ ধৰি তেওঁ সমাজ সেৱাৰ সৈতে জড়িত হৈ আছে ৷ চিনেমা জগতত অভিনয়ত ব্যস্ত নাথাকি কিছু সময় সমাজ সেৱাৰ বাবে প্ৰদান কৰিবলৈ অভিনেতাগৰাকীয়ে নিৰ্দেশকসকলক অনুৰোধ জনাইছিল ৷

সংবাদ মাধ্যমক তেওঁ কৈছিল, "বিশ্বাস কৰক, আৰ্তজনক সহায় কৰি মই যি প্ৰকাশ কৰিব নোৱাৰা সুখ লাভ কৰিছো সেয়া 100 কোটিৰ চিনেমাৰ অংশ হোৱাতকৈও বহুগুণে বেছি ৷"

বৰ্তমান দুখনকৈ চিনেমাৰ শ্বুটিঙৰ বাবে সাজু হৈছে ছনু চুড ৷ ইয়াৰ এখন দক্ষিণাত্যৰ চিনেমা হোৱাৰ পৰিৱৰ্তে এখন যশৰাজ-পৃথ্বীৰাজৰ চিনেমা ৷ অহা সপ্তাহৰ পৰা এই চিনেমা দুখনৰ শ্বুটিং আৰম্ভ কৰিব মানৱ দৰদী অভিনেতাগৰাকীয়ে ৷

লগতে পঢ়ক : স্বাস্থ্য মন্ত্ৰণালয়ৰ জ্যেষ্ঠ বিষয়াৰে অমিত শ্বাহৰ পৰ্যালোচনা বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.