Byju's য়ে বন্ধ কৰিলে শ্বাহৰুখৰ সকলো বিজ্ঞাপন

author img

By

Published : Oct 10, 2021, 3:40 PM IST

BYJUs Company bans advertisements done by Shah rukh Khan

শ্বাহৰুখৰ সৈতে কৰা সকলো বিজ্ঞাপন বন্ধ কৰিলে আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান Byju's য়ে ৷ শ্বাহৰুখৰ পুত্ৰ আৰিয়ান খান ড্ৰাগছৰ গোচৰত ধৰা পৰাৰ বাবে Byju's য়ে এই সিদ্ধান্ত লয় ৷ ২০১৭ চনৰ পৰা Byju's ৰ ব্ৰেণ্ড এম্বেছেদৰ হৈ আছিল শ্বাহৰুখ ৷

চিটাৰা ডেস্ক , 10 অক্টোবৰ : সমস্যাই যেন লগ নেৰা হৈছে শ্বাহৰুখ খানক ৷ সকলো কাম এৰি ক্ৰুজ ড্ৰাগছৰ গোচৰত অভিযুক্ত পুত্ৰ আৰিয়ান খানৰ মুক্তিৰ বাবে চেষ্টা কৰি থকা শ্বাহৰুখ খানৰ বাবে আন এক বেয়া খবৰ ৷ পুত্ৰ ড্ৰাগছৰ গোচৰত ধৰা পৰাৰ বাবে আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান Byju's য়ে শ্বাহৰুখৰ সৈতে কৰা সকলো বিজ্ঞাপন বন্ধ কৰি দিছে ৷

সম্প্ৰতি শ্বাহৰুখৰ পুত্ৰ আৰিয়ান খানক মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত ৰখা হৈছে ৷ ইফালে ২০১৭ চনৰ পৰা শ্বাহৰুখ Byju's ৰ ব্ৰেণ্ড এম্বেছেদৰ হৈ আছে ৷ শ্বাহৰুখৰ অন্যতম ডাঙৰ চুক্তি সমূহৰ ভিতৰত Byju's ৰ চুক্তি অন্যতম ৷ অৱশ্যে আইচিআইচিআই বেংক, ৰিলায়েন্স জিঅ', হুণ্ডাই, এল জি আৰু ডুবাই পৰ্যটনৰ বিজ্ঞাপন আদিতো শ্বাহৰুখ জড়িত আছে ৷

অনলাইন গ্ৰচাৰী ষ্টোৰ Big Basketৰ সৈতেও অভিনেতাগৰাকী জড়িত হৈ আছে যদিও টাটা গ্ৰুপৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, কোম্পানীটোৰ বাবে এই সন্দৰ্ভত এতিয়াও কোনো স্পষ্টীকৰণ দিয়াটো সম্ভৱ নহয় ৷

উল্লেখ্য যে, ২ অক্টোবৰৰ নিশা এনচিবিয়ে মুম্বাইৰ পৰা গোৱালৈ যোৱা এখন ক্ৰুজ জাহাজত চলি থকা ড্ৰাগছ পাৰ্টিৰ সন্দৰ্ভত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানকে ধৰি সাতজন লোকক আটক কৰে ৷ আৰিয়ানৰ জামিন আবেদন নাকচ হোৱাৰ পিছৰে পৰা তেওঁক মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত ৰখা হৈছে । বৰ্তমান আৰিয়ানৰ উকীল সতীশ মানশিন্দে সত্ৰ ন্যায়াধীশত আবেদন দাখিল কৰাৰ প্ৰস্তুতি চলাই আছে ৷

লগতে পঢ়ক : Drugs on Cruise ঘটনাৰ সৈতে ৰাজনৈতিক সম্পৰ্ক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.