ETV Bharat / sitara

বলীউডত আত্মপ্ৰকাশ কৰাৰ আগতেই 80 লাখ টকীয়া গাড়ী কিনিলে শ্বানায়া কাপুৰে !

সঞ্জয় কাপুৰ আৰু মহিপ কাপুৰৰ জীয়ৰী শ্বানায়া কাপুৰে শীঘ্ৰেই কৰিব বলীউডত আত্মপ্ৰকাশ (Shanaya Kapoor bollywood debut) ৷ ছবিত ভূমূকি মৰাৰ খবৰ বিয়পি পৰাৰ পিছৰে পৰাই বিভিন্ন বাতৰিৰে চৰ্চাত আছে শ্বানায়া ৷ শেহতীয়াকৈ এখন বিলাসী গাড়ী ক্ৰয় কৰি বাতৰিৰ শিৰোনাম দখল কৰিছে শ্বানায়া কাপুৰে (Shanaya Kapoor latest news) ৷

Shanaya Kapoor
80 লাখ টকীয়া গাড়ী কিনিলে শ্বানায়া কাপুৰে!

Published : March 23, 2022 at 7:55 PM IST

Choose ETV Bharat

চিটাৰা ডেস্ক, 23 মাৰ্চ : মোহময়ী অভিনেত্ৰী শ্বানায়া কাপুৰ পুনৰ আহিল চৰ্চালৈ ৷ পিছে ছবিৰ বাবে নহয় এখন গাড়ীৰ বাবেহে চৰ্চাত আছে শ্বানায়া ৷ বলীউডত শীঘ্ৰেই দেখিবলৈ পোৱা যাব কাপুৰ পৰিয়ালৰ এইগৰাকী আকৰ্ষণীয় অভিনেত্ৰীক ৷

কৰণ জোহৰৰ বেধড়ক ছবিখনেৰে বলীউডত খোজ দিব শ্বানায়াই (Shanaya Kapoor debut film name) ৷ এই ছবিখনেৰে তিনিখনকৈ নতুন মুখ দৰ্শকৰ মাজলৈ ঠেলি দিব কৰণে ৷ ছবিখনৰ শ্বুটিং এতিয়াও আৰম্ভ হোৱা নাই ৷ শ্বুটিঙৰ পূৰ্বেই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰা শ্বানায়াই কিনিলে এখন 80 লাখ টকীয়া গাড়ী ৷ অভিনেতা সঞ্জয় কাপুৰ আৰু ডিজাইনাৰ মহিপ কাপুৰৰ জীয়ৰী শানায়া এতিয়া অডি কিউ 7-ৰ গৰাকী ৷

Shanaya Kapoor
80 লাখ টকীয়া গাড়ী কিনিলে শ্বানায়া কাপুৰে!

ইতিমধ্যেই বলীউডত প্ৰৱেশ কৰিবলৈ সাজু হৈছে শ্বানায়া । চলচ্চিত্ৰখনৰ শ্বুটিং আৰম্ভ হ’বলৈ অৱশ্যে এতিয়াও বাকী ৷ নিজৰ ষ্টাইল ষ্টেটমেণ্টৰ বাবে সদায়ে চৰ্চাত থাকে শ্বানায়াই দেওবাৰে কিনিলে ক’লা ৰঙৰ এখন বিলাসী গাড়ী ৷ অডি মুম্বাই ৱেষ্টৰ ইন্ষ্টাগ্ৰামত শ্বেয়াৰ কৰা ছবিবোৰৰ পৰা শ্বানায়াই দেওবাৰে গাড়ীখন কিনাৰ কথা জানিব পৰা গৈছে (Shanaya Kapoor latest updates) ।

Shanaya Kapoor
80 লাখ টকীয়া গাড়ী কিনিলে শ্বানায়া কাপুৰে!

ক’লা ৰঙৰ বিলাসী গাড়ীখনৰ ওচৰত সম্পূৰ্ণ বগা পোছাকত দেখিবলৈ পোৱা গৈছে শ্বানায়াক ৷ জীৱনৰ প্ৰথমটো মূল্যৱান সামগ্ৰী কিনা জীয়েকৰ সৈতে পিতৃ সঞ্জয় কাপুৰ আৰু মাতৃ মহিপ কাপুৰকো ফটোৰ বাবে প’জ দিয়া দেখা গ’ল ৷

আগতে জনোৱা অনুসৰি, বেধড়ক শীৰ্ষক চলচ্চিত্ৰ খনেৰে কৰণে শ্বানায়াৰ উপৰিও লক্ষ্য আৰু গুৰফাতেহ পীৰজাদাকো দৰ্শকৰ মাজলৈ আগবঢ়াই দিব । চলচ্চিত্ৰখনত এটা লভ্ ট্ৰাইংগল দেখুওৱা হ’ব ৷

লগতে পঢ়ক: Secret daughter novel: চিক্ৰেট ডটাৰ গ্ৰন্থখনৰ ৰূপালী পৰ্দাৰ সংস্কৰণত অভিনয় কৰিব প্ৰিয়ংকা চোপ্ৰাই