Samsung Feature: চিগনেল নথকাকৈও কৰিব পাৰিব ফোনকল

author img

By

Published : Sep 19, 2022, 2:09 PM IST

Samsung mobile Galaxy S23 smartphone

দক্ষিণ কোৰিয়াৰ টেক জায়ান্ট Samsungয়ে আগন্তুক Galaxy ডিভাইচসমূহত চেটেলাইট কানেক্টিভিটি ফিচাৰ প্ৰৱৰ্তনৰ পৰিকল্পনা বিবেচনা কৰিছে । এই বৈশিষ্ট্যত ছেটেলাইটৰ সহায়ত চেলুলাৰ চিগনেল কভাৰেজ নথকাৰ সময়তো ব্যৱহাৰকাৰীয়ে স্পষ্টভাৱে কৰিব পাৰিব জৰুৰীকালীন ফোনকল ।

ইন্টাৰনেশ্যনেল ডেস্ক, 19 ছেপ্টেম্বৰ : দক্ষিণ কোৰিয়াৰ টেক জায়ান্ট Samsungয়ে আগন্তুক Galaxy ডিভাইচসমূহত চেটেলাইট কানেক্টিভিটি ফিচাৰ প্ৰৱৰ্তনৰ পৰিকল্পনাৰ কথা বিবেচনা কৰিছে ।

টিপষ্টাৰৰ উদ্ধৃতি দি শনিবাৰে গিজমো চাইনাই(Gizmo China report) প্ৰকাশ কৰা অনুসৰি Galaxy S23 স্মাৰ্টফোনত এই জৰুৰীকালীন বৈশিষ্ট্য উপলব্ধ হ’ব নে নহয় সেয়া এতিয়াও স্পষ্ট হোৱা নাই । এই বৈশিষ্ট্যত Satelliteৰ সহায়ত চেলুলাৰ চিগনেল কভাৰেজ নথকাৰ সময়তো ব্যৱহাৰকাৰীয়ে স্পষ্টভাৱে জৰুৰীকালীন ফোনকল কৰিব পাৰিব ।

টেক জায়ান্ট এপলে iPhone 14 ছিৰিজৰ সৈতে এই ছেটেলাইট কানেক্টিভিটি ফিচাৰ প্ৰৱৰ্তন কৰে । জানিব পৰা মতে, নৱেম্বৰ মাহলৈকে এই বৈশিষ্ট্য উপলব্ধ নহ’ব । এতিয়াৰ বাবে ই কেৱল আমেৰিকা আৰু কানাডাতহে কাম কৰিব । অৱশ্যে চলিত বৰ্ষৰ শেষৰ ফালে এপলে এই বৈশিষ্ট্য আন দেশলৈ অনাৰ পৰিকল্পনা কৰা বুলিও চৰ্চা চলিছে ।

মন কৰিবলগীয়া যে, এপলৰ পূৰ্বে হুৱেইয়ে প্ৰথমবাৰৰ বাবে নিজৰ মেট ৫০ ছিৰিজৰ জৰিয়তে এই বৈশিষ্ট্য প্ৰৱৰ্তন কৰিছিল । চীনৰ কোম্পানীটোৰ মতে, মেট ৫০ আৰু মেট৫০ প্ৰ’ স্মাৰ্টফোন ব্যৱহাৰকাৰীসকলে চীনৰ বিশ্বব্যাপী বাইডু চেটেলাইট নেটৱৰ্কৰ জৰিয়তে Short Text মেছেজ প্ৰেৰণ কৰিব পাৰিব ।

Appleৰ কথা ক’বলৈ গ’লে, কোম্পানীটোৱে iPhone 14 আৰু ভৱিষ্যতৰ iPhone সমূহত ইয়াৰ Emergency SOS বৈশিষ্ট্যৰ বাবে গ্ল’বেলষ্টাৰ নেটৱৰ্ক ব্যৱহাৰ কৰে । Samsungয়ে কোনটো সেৱা ব্যৱহাৰ কৰিব সেয়া নিশ্চিত নহয় যদিও এইবাৰ গ্ল’বেলষ্টাৰে(global Baidu satellite network China) ব্যৱহাৰ নকৰিব বুলি বিশ্বাস কৰা হৈছে, কিয়নো ইতিমধ্যে এপলৰ বৰ্তমান আৰু ভৱিষ্যতৰ নেটৱৰ্ক ক্ষমতাৰ ৮৫ শতাংশ আছে ।

লগতে পঢ়ক: whatsapps short film: চলচ্চিত্ৰ নিৰ্মাণৰ ব্যৱসায়ত এইবাৰ WhatsApp

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.