Apple Watch Series: এতিয়াৰে পৰা Apple Watch Seriesত থাকিব এইসমূহ Feature

author img

By

Published : Sep 9, 2022, 12:50 PM IST

APPLE WATCH SERIES 8 LAUNCH IN APPLE EVENT 2022

এপলৰ ডিভাইচ ব্যৱহাৰকাৰীৰ বাবে এক বিশেষ খবৰ ৷ Apple Watch Series 8 মুকলি কৰাৰ মাজতে টেক জায়ান্টটোৱে এপল ডিভাইচসমূহত অন্তৰ্ভুক্ত কৰিছে এক নতুন বৈশিষ্ট(Feature)৷

ইন্টাৰনেশ্যনেল ডেস্ক, 9 ছেপ্টেম্বৰ: এপলৰ ডিভাইচ ব্যৱহাৰকাৰীৰ বাবে এক বিশেষ খবৰ ৷ Apple Watch Series 8 মুকলি কৰাৰ মাজতে টেক জায়ান্টটোৱে Apple Watchত অন্তৰ্ভুক্ত কৰিছে এক নতুন বৈশিষ্ট(Feature)৷

Apple Watch Series 8 মুকলি কৰাৰ পিছতে এপলে Low power mode feature মুকলি কৰিছে, যিয়ে কিছুমান feature বন্ধ কৰি Battery Life দুগুণ বৃদ্ধি কৰিব পাৰে । দ্য ভাৰ্জৰ তথ্য মতে, এই নতুন বৈশিষ্ট্যসমূহ কেৱল শেহতীয়া ডিভাইচসমূহতে সীমাবদ্ধ নাথাকিব, ইয়াক ভৱিষ্যতে আৰু Update কৰা হ'ব ৷ উপস্থাপনৰ সময়ত এপলে কৈছিল যে, low power mode আহি আছে ‘ছিৰিজ ৪ আৰু তাৰ পিছৰ’ WatchOS 9ৰ সৈতে, যাক ১২ ছেপ্টেম্বৰত মুকলি কৰা হ’ব ৷

Low-power mode fall detection আৰু Activity Moniteringৰ কাৰ্যক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি এই ডিভাইছত Always on Display, workout Autostart, heart health messages আদিৰ দৰে কিছুমান বৈশিষ্টসূমহক নিষ্ক্ৰিয় কৰি battery life দুগুণ বৃদ্ধি কৰাৰ সুবিধা দিয়া হৈছে ৷ কোম্পানীটোৱে এই বিষয়ে কোনো দাবী কৰা নাই যে, এই মুড পুৰণি ডিভাইচসমূহত যিমান ফলপ্ৰসূ হ’ব সিমানে নতুন ডিভাইচসমূহতো ফলপ্ৰসূ হ’ব নে নাই ৷

ইফালে, নতুনকৈ মুকলি হোৱা Apple Watch Series 8 আৰু নতুন Apple Watch SE ভাৰতত ক্ৰমে ২৯,৯০০ টকাৰ পৰা আৰম্ভ কৰি ৪৫,৯০০ উপলব্ধ হ’ব । WatchOS 9ৰ Apple Watch Series 8 (Apple Watch Series 8 launch) আৰু Apple Watch SE ই-কমাৰ্চ এপসমূহত 16 ছেপ্টেম্বৰৰ পৰা উপলব্ধ হ’ব । আনহাতে, Apple Watch Series 8ত এটা ডাঙৰ স্ক্ৰীণ, Always on retina Display আৰু Crack resistant crystal front ৷

লগতে পঢ়ক : iphone-14 launched: এপলে মুকলি কৰিলে নতুন iPhone-14 চিৰিজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.