ETV Bharat / politics

কংগ্ৰেছৰ ন্যায় যাত্ৰাক লৈ এটা নিৰ্দিষ্ট সম্প্ৰদায়ক আক্ৰমণ অসমৰ মুখ্যমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Jan 21, 2024, 4:53 PM IST

Updated : Jan 23, 2024, 10:19 AM IST

Bharat Jodo Nyay Yatra: কংগ্ৰেছৰ যাত্ৰাত এটা নিৰ্দিষ্ট সম্প্ৰদায়ে ওলাই আহে বুলি মুকলিকৈ ক'লে অসমৰ মুখ্যমন্ত্ৰীয়ে । ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়খিনিত ৰাহুল গান্ধীক বটদ্ৰৱা সত্ৰ দৰ্শন নকৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ । লখিমপুৰত কংগ্ৰেছৰ পোষ্টাৰ ফালি পেলোৱাক লৈও মুখ্যমন্ত্ৰীৰ উৎকৃষ্ট যুক্তি ।

Bharat Jodo Nyay Yatra
কংগ্ৰেছৰ ন্যায় যাত্ৰাক লৈ এটা নিৰ্দিষ্ট সম্প্ৰদায়ক আক্ৰমণ অসমৰ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী,২১ জানুৱাৰী : ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰা অসমত প্ৰৱেশ কৰাৰ লগে লগে বিভিন্ন ধৰণৰ বিতৰ্কৰ সৃষ্টি হৈছে । ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোত ৰাহুল গান্ধীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত থকা বটদ্ৰৱা সত্ৰ পৰিদৰ্শন কৰাক লৈ আন এক বিতৰ্ক আৰম্ভ হৈছে । এই বিতৰ্কৰ মাজতে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা সম্পৰ্কে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য । এটা নিৰ্দিষ্ট সম্প্ৰদায়ক লক্ষ্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছৰ যাত্ৰাত এটা সম্প্ৰদায়ৰ লোক হে ওলাই আহে ।

কংগ্ৰেছৰ যাত্রাত এটা বিশেষ সম্প্ৰদায়ৰ লোক ওলাই আহে বুলি সদৰী কৰি মুখ্যমন্ত্রীয়ে কয় যে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনাটোত কোনো অঘটন হোৱাটো অসম চৰকাৰে নিবিচাৰে । তেওঁৰ মতে কিবা ঘটনা হ'লে কেন্দ্ৰৰ ওচৰত অসম চৰকাৰ জবাবদিহি হ'ব লাগিব । মুখ্যমন্ত্রীয়ে লগতে কয় যে তেওঁৰ অসমৰ সকলো হিন্দু আৰু মুছলমান লোকৰ ওপৰত বিশ্বাস আছে । হয়তো কাইলৈৰ যাত্ৰাৰ সময়ত কোনো ওলাই নাহিব পাৰে ।

ৰাহুল গান্ধীক কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাহুল গান্ধীৰ নামনি অসমৰ যাত্রাত মানুহ হ'ব । কিন্তু মুছলমান মহিলাসকল ওলাই নাহে । গিৰিয়েকসকলে বাধা নিদিলে এইবাৰ মুছলমান মহিলাই বিজেপিকে ভোট দিব । বিজেপি চৰকাৰে মুছলমান মহিলাৰ বাবেই বহু আঁচনি হাতত লৈছে বুলিও তেওঁ উল্লেখ কৰে ।

দেওবাৰে দিছপুৰৰ লোক সেৱা ভৱনত আয়োজন কৰা এখন সংবাদমেলত কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰা সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰৱ হৈ পৰে । লখিমপুৰত ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ পোষ্টাৰ ফলাক লৈ মুখ্যমন্ত্রীয়ে কয় যে ঘৰৰ সন্মুখত নৰেন্দ্ৰ মোদীৰ স্থানত ৰাহুল গান্ধীৰ পোষ্টাৰ লগালে সেই ঘৰৰ ছোৱালীক কোনেও বিয়া নকৰায় । যাৰ বাবে ঘৰৰ গৰাকীয়ে পোষ্টাৰ ফালি পেলাইছে । লখিমপুৰত ৰাহুল গান্ধীৰ পোষ্টাৰ মানুহৰ ঘৰৰ সন্মুখত লগোৱাৰ কাৰণেহে ফালিছে । ইয়াত বিজেপি দল নাইবা চৰকাৰৰ কোনো হাত নাই ।

উল্লেখ্য যে বৰ্তমান অসমত ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰা চলি আছে । সোমবাৰে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোত ৰাহুল গান্ধীয়ে বটদ্ৰৱা ভ্ৰমণ কৰিব । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্রীয়ে ৰাহুল গান্ধীক কাইলৈ বটদ্ৰৱা ভ্ৰমণ নকৰাৰো আহ্বান জনায় । মুখ্যমন্ত্ৰীয়ে কয় যে কাইলৈ ৰাহুল গান্ধীক বটদ্ৰৱা সত্রলৈ নাযাবলৈ অনুৰোধ তেওঁ জনাইছে ।

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উদযাপন হৈ যোৱাৰ পিচত বটদ্ৰৱালৈ আহিলে ভাল লাগিব বুলি সদৰি কৰি মুখ্যমন্ত্রীয়ে কয় যে বটদ্ৰৱা আৰু ৰাম মন্দিৰৰ তুলনা নাইবা প্ৰতিযোগীতা হ'ব নালাগে । ৰাহুল গান্ধীৰ প্ৰতি এয়া অনুৰোধ বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ৰাহুল গান্ধীয়ে আজিও বটদ্ৰৱা গৈ আহিব পাৰে, কাইলৈৰ দিনটো নিৰ্বাচন কৰাক লৈ তেওঁ অলপ দুখ অনুভৱ কৰিছে ।

সংবাদ মাধ্যমত ৰাহুল গান্ধী বটদ্ৰৱাত যোৱা আৰু ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা দুটা উইণ্ড'ত দেখাই থাকিলে ভাল নালাগিব । সেইবাবে প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ পিচত গ'লে একো ক'বলগীয়া নাই । সোমবাৰৰ দিনটোত ৰাহুল গান্ধীক অসমত অলপ জিৰণি লোৱাৰ আহ্বান জনাই মুখ্যমন্ত্রীয়ে ৰাহুল গান্ধীক কাইলৈ মৰিগাঁও, জাগীৰোড, নগাঁৱৰ যাত্রা বাতিল কৰাৰ বাবে আহ্বান জনায় । নেলীৰ প্ৰসংগৰে স্পৰ্শকাতৰ এলেকাত কাইলৈৰ ভ্ৰমণ বাতিল কৰাৰ আহ্বান জনাই মুখ্যমন্ত্রীয়ে কয় যে কিবা এটা ঘটনা হ'লে অসমৰ বদনাম হ'ব ।

মুখ্যমন্ত্রীয়ে লগতে কয় যে ৰাহুল গান্ধীৰ কাৰণে তেওঁ যোৰহাট আৰু মাজুলীৰ যাত্ৰা বাতিল কৰিছে । গতিকে আৰু কিমান সহায় কৰিব । মুখ্যমন্ত্রীয়ে লগতে কয় যে কাইলৈ মৰিগাঁও-নেলী-জাগীৰোডত কমাণ্ডো বাহিনী মোতায়েন কৰা হ'ব । আনহাতে গুৱাহাটীত ৰাহুল গান্ধীৰ যাত্রাত বাধা দিয়াৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে প্ৰশ্ন কৰি কয় যে ৰাষ্ট্ৰীয় ঘাইপথ গুৱাহাটীৰ ভিতৰত নহয় নেকি ? ৰাষ্ট্ৰীয় ঘাইপথেৰে ৰাহুল গান্ধী যোৱাত কোনো বাধা নাই । কেৱল জি এছ ৰোড আৰু জি এন বি ৰোড হৈ যাব নোৱাৰিব । এই ক্ষেত্রত অমান্য কৰিলে গোচৰ ৰুজু কৰা হ'ব বুলিও তেওঁ সকীয়াই দিয়ে ।

গুৱাহাটীৰ মাজেৰে গ'লে কংগ্ৰেছ দলৰ দায়িত্বত থকা দুগৰাকী ভাৰপ্ৰাপ্তৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হ'ব বুলি তেওঁ হুংকাৰ দিয়ে । পথহে সলনি কৰা হৈছে যাত্ৰা বন্ধ কৰা হোৱা নাই । মুখ্যমন্ত্ৰীৰ মতে গুৱাহাটীৰ মাজেৰ গ'লে অসুবিধা হ'ব । পুৱা ৯.৩০ বজাত যাত্ৰাৰ অনুমতি বিচাৰিছিল, এইখিনি সময়ত স্কুল-কলেজ-অফিচ সকলো আৰম্ভ হয় । এয়া কংগ্ৰেছৰ ভালৰ বাবেই কোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে ।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে মানুহে এনেই কংগ্ৰেছক ভোট নিদিয়ে, এইবোৰ কৰিলে আৰু ক'ত ভোট দিব ! ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয় যে ৰাহুল গান্ধীয়ে ইমান দিনে তেওঁক ভয় কৰি আছিল, কিন্তু এতিয়া তেওঁৰ সন্তান দুটাকো ভয় কৰে । ৰাহুল গান্ধীয়ে তেওঁৰ সন্তান দুটিকো ভয় কৰি তুচ্ছ তাচ্ছিল্য কৰিছে বুলি সদৰী কৰি মুখ্যমন্ত্রীয়ে কয় যে তেওঁৰ সন্তান দুটা ৰাজনীতিলৈ নাহে । আইন পঢ়ি থকা তেওঁৰ সন্তানে কেতিয়া দুৰ্নীতি কৰিলে বুলি প্ৰশ্ন কৰি মুখ্যমন্ত্রীয়ে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক অন্যায় যাত্ৰা আখ্যা দিয়ে । সংবাদমেল যোগে ৰাহুল গান্ধীৰ লগতে কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক কঠোৰ ভাষাৰে সমালোচনা কৰে মুখ্যমন্ত্ৰীয়ে ।

লগতে পঢ়ক :ৰাম মন্দিৰৰ অভিষেকৰ দিনা ৰাহুল গান্ধীক বিয়লি বটদ্ৰৱা সত্ৰ দৰ্শনৰ আহ্বান অসমৰ মুখ্যমন্ত্ৰীৰ

Last Updated : Jan 23, 2024, 10:19 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.