বিশ্বৰ ভিতৰতে সুউচ্চ ভোট কেন্দ্ৰটো

author img

By

Published : Mar 27, 2019, 11:04 PM IST

Updated : Mar 19, 2021, 11:39 AM IST

বিশ্বৰ ভিতৰতে সুউচ্চ ভোট কেন্দ্ৰটো

15,256 ফুট উচ্চতাত অৱস্থিত এই ভোটকেন্দ্ৰটোত আছে মুঠ 48 জন ভোটাৰ

নিউজডেস্ক,27মাৰ্চ: লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ব্যস্ততা বাঢ়িছে ৰাজনৈতিক দল সমূহৰ লগতে সংবাদ মাধ্যম তথা নিৰ্বাচন আয়োগৰ ৷ এইবাৰ নিৰ্বাচন আয়োগে হিমাচল প্ৰদেশৰ 15,256 ফুট উচ্চতাৰ টাচিগাঙত স্থাপন কৰিছে এটা ভোটকেন্দ্ৰ ৷ হিমাচলৰ 17 টাকৈ বিধানসভা সমষ্টিৰে গঠিত ভাৰতৰ দ্বিতীয় সৰ্ববৃহৎ লোকসভা সমষ্টি মণ্ডি সমষ্টিৰ অন্তৰ্গত টাচিগাঙৰ এই ভোট কেন্দ্ৰটো ৷ হিমাচলৰ স্পিটি উপত্যকাৰ আটাইতকৈ উচ্চ গাঁও হিচাপে পৰিচিত টাচিগাং ভাৰত-চীন সীমান্তৰ পৰা মাত্ৰ 29 কিলোমিটাৰ দূৰত্বত অৱস্থিত ৷

" class="align-text-top noRightClick twitterSection" data="Embed link
">Embed link

টাচিগাংগ আৰু গিটি নামৰ দুখন গাঁও সামৰি সংগঠিত এই ভোটকেন্দ্ৰটো৷ ভোট কেন্দ্ৰটোৰ মুঠ ভোটাৰৰ সংখ্যা 48 গৰাকী৷ ইয়াৰে 30 গৰাকী পুৰুষ আৰু 18 গৰাকী মহিলা ভোটাৰ ৷ তথ্য অনুসৰি, 78 বছৰীয়া ৰিগজিন নামৰ লোকজন এই ভোটকেন্দ্ৰটোৰ আটাইতকৈ বৰ্ষীয়ান ভোটাৰ৷

আনহাতে, নিৰ্বাচন আয়োগে প্ৰথমাৱস্থাত এই সুউচ্চ ভোটকেন্দ্ৰটো গিটি গাঁৱত স্থাপনৰ কথা ঘোষণা কৰিছিল যদিও সুৰক্ষা ব্যৱস্থাৰ বাবে পাচত ইয়াক টাচিগাঙলৈ সলনি কৰে৷ এই ভোটকেন্দ্ৰটোত মোবাইল ফোনৰ নেটৱৰ্কৰ সমস্যাল থকাৰ বাবে 19 মে'ত অনুষ্ঠিত হ'বলগীয়া ভোটগ্ৰহণ প্ৰক্ৰিয়াত নিয়োজিত নিৰ্বাচনী বিষয়াসকলৰ বাবে ব্যৱস্থা কৰা হ'ব চেটেলাইত ফোন ৷ লাহোল-স্পিটি উপত্যকাৰ উপায়ুক্ত অশ্বিনী চৌধুৰীয়ে বুধবাৰে জানিবলৈ দিয়ে এই কথা ৷

Last Updated :Mar 19, 2021, 11:39 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.