স্বাস্থ্যৰ বাবে অতিকৈ উপকাৰী খাদ্য মগু ডাইল

author img

By

Published : Apr 29, 2021, 1:13 PM IST

স্বাস্থ্যৰ বাবে অতি উপকাৰী খাদ্য মগু দাইল

পাতলীয়া আহাৰ আৰু সহজে হজম হোৱা মগু দাইল হৈছে ভাৰতত যথেষ্ট পৰিমাণে খোৱা খাদ্যবোৰৰ ভিতৰত অন্যতম । ভাৰতত মগু দাইল বিভিন্ন ধৰণে বজাৰত উপলব্ধ হয় । গোটা মগু, বাকলি থকা ফলা মগু, বাকলি নথকা হালধীয়া মগু এই সকলোবোৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী । চিকিৎসক আৰু বিশেষজ্ঞসকলেও অসুস্থ লোকৰ আহাৰৰ তালিকা মগু দাইল অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিয়ে । মগু দাইলৰ পৰা লাভ কৰা পুষ্টি আৰু অন্যান্য উপকাৰিতাৰ বিষয়ে জানো আহক !

নেশ্যনেল ডেস্ক, ২৯ এপ্ৰিল: বৰ্তমান দেশত ক'ভিড-১৯ মহমাৰীৰ বৰ্ধিত সংক্ৰমণে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে । মানুহে নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ সম্ভৱনীয় সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে । মহামাৰীত আক্ৰান্ত ৰোগীসকলে ঔষধৰ লগতে স্বাস্থ্যসন্মত আহাৰ গ্ৰহণ কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে । অধিকাংশ ৰোগীয়েই গুৰুপাকী আহাৰ গ্ৰহণ কৰাৰ পৰিৱৰ্তে হজম হোৱাত সুবিধা হোৱাকৈ পাতল আৰু তুলনামূলকভাৱে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাতো পছন্দ কৰে । এই ক্ষেত্ৰত কিছুমান গুৰুতৰ ৰোগৰ পৰা ৰক্ষা পোৱাত আৰু শৰীৰৰ ওজন সন্তুলিত কৰি ৰখাত সহায়ক হিচাপে চিহ্নিত হৈ আহিছে মগু দাইল । ইটিভি ভাৰতৰ সুখীভৱৰ তৰফৰ পৰা মগু দাইলৰ উপকাৰিতাৰ বিষয়ে পুষ্টিবিদ আৰতি কল্যাণৰ সৈতে আলোচনা কৰা হৈছিল । তেওঁ এই সন্দৰ্ভত কি কৈছিল জানো আহক !

মগু দাইলত থকা পুষ্টিঃ

মগু দাইলত এ, বি আৰু চি ভিটামিন প্ৰচুৰ পৰিমাণে থাকে । মগু দাইল কেলচিয়াম, পটাছিয়াম থকাৰ লগতে আঁহজাতীয় আৰু লৌহ জাতীয় পদাৰ্থ নিহিত হৈ থাকে । মগু দাইল পুষ্টিকৰ হোৱাৰ লগতে ইয়াক হজম কৰাও সহজ । সেয়ে, চিকিৎসকসকলে প্ৰায়ে ৰোগীসকলক মগু দাইল আৰু ইয়াৰ খিচিৰি খোৱাৰ পৰামৰ্শ দিয়ে । পুষ্টিবিদ আৰতি কল্যাণে জনায় যে, নিয়মীয়াকৈ মগু দাইলৰ পানী গ্ৰহণ কৰিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে আৰু পাচন তন্ত্ৰও সবল কৰি ৰাখে । লগতে তেওঁ কয় যে, অংকুৰিত হোৱাৰ পিছত মগু দাইলৰ পুষ্টিৰ পৰিমাণ দুগুণ হয় । অংকুৰিত মগুত মেগনেছিয়াম, তাম, ফ'লেট, ৰাইব'ফ্লেভিন, ভিটামিন, ভিটামিন চি, ফাইবাৰ, পটাছিয়াম, ফছফৰাছ, আইৰণ, ভিটামিন বি6, নিয়াচিন, থিয়ামিন আৰু প্ৰ'টিন থাকে । যিহেতু অংকুৰিত মগুত গ্লুকজৰ স্তৰ অতি কম । সেয়ে, এনে মগু মধুমেহ ৰোগীৰ বাবে যথেষ্ট উপকাৰী ।

মগু দাইলৰ উপকাৰিতাঃ

মগু দাইলত স্বাস্থ্যৰ বাবে উপকাৰী বহু উপাদান থাকে । মগুত থকা প্ৰচুৰ পৰিমাণৰ ফাইবাৰে পাচন তন্ত্ৰ স্বাস্থ্যকৰ কৰি ৰখাত সহায় কৰে । মগু দাইলৰ উপকাৰিতাসমূহ এনেধৰণৰ-

১) মগু দাইলৰ পানীয়ে শৰীৰত ইনচুলিনৰ স্তৰ বৃদ্ধি কৰাত সহায় কৰে আৰু তেজত গ্লুকজৰ স্তৰ নিয়ন্ত্ৰণ কৰে । মগু দাইল মধুমেহ ৰোগীৰ বাবে অতি উপকাৰী ।

২) মগু দাইলত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে আৰু সেয়েহে মগু দাইলৰ পানী খালে পাচন তন্ত্ৰই ভালদৰে কাম কৰাত সহায় কৰে । লগতে কোষ্ঠকাঠিন্য, গেছ, পেট ফুলা আদিৰ দৰে সমস্যাবোৰৰ উপশম পাব পাৰি ।

৩) মগু দাইলত এণ্টি-মাইক্ৰ'বায়েল আৰু এণ্টি-ইনফ্লেমেটৰী গুণ থাকে, যি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।

৪) মগু দাইল গ্ৰহণ কৰিলে ৰক্তচাপ স্বাভাৱিক আৰু নিয়ন্ত্ৰিত হৈ থকাত সহায়ক হয় ।

৫) অলিগ'ছেকাৰাইডজ হৈছে এক প্ৰকাৰৰ কাৰ্বহাইড্ৰেট আৰু অংকুৰিত মগুত ইয়াক পোৱা যায় । ই শৰীৰক গুৰুতৰ ৰোগৰ সৈতে যুঁজ দিয়াৰ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে ।

৬) মগুত এ আৰু চি ভিটামিন থাকে আৰু ই আমাৰ ছালৰ বাবে এক্সফলিয়েটৰ হিচাপে কাম কৰে । মগু দাইলে ছালৰ গঠন উন্নত কৰে আৰু ছাল কোমল কৰি ৰাখে ।

৭) মগু দাইলক প্ৰাকৃতিক কেলচিয়াম পৰিপূৰক হিচাপে ব্যৱহাৰ কৰা হয় । ইয়াৰ ব্যৱহাৰে মানুহৰ হাড়বোৰ শক্তিশালী কৰে আৰু হাড় ভঙাৰ সম্ভাৱনা হ্ৰাস কৰে ।

এই অত্যাধিক পুষ্টিকৰ আৰু উপকাৰী খাদ্যবোৰ দৈনন্দিন আহাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা উচিত । মগু অংকুৰিত কৰি খাব পৰা যায় । চালাডত, ৰুটিৰ সৈতে দাইল হিচাপে, কম তেল ব্যৱহাৰ কৰি পিঠা প্ৰস্তুত কৰি অথবা মিঠা খাদ্য 'হালোৱা' তৈয়াৰ কৰিও মগু খাব পাৰি ।

লগতে পঢ়ক: জন্মু-কাশ্মীৰৰ ১১ জিলাত লক ডাউন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.