অপ্প’ ৰেন’-6 প্ৰ’ত ডিমেনচিটি 1200 ৰ সুবিধা থকাৰ সম্ভাৱনা

author img

By

Published : May 13, 2021, 7:47 PM IST

oppo-reno6-pro-likely-to-feature-dimensity-1200-report

ৰেন’-6 শৃংখলাৰ মুকলিৰ বাবে কাম কৰি থকা চীনা স্মাৰ্টফোন নিৰ্মাতা কোম্পানী অ'প্পোই মিডিয়াটেক ডিমেনচিটি 1200-ৰ সৈতে 'প্ৰ' ভেৰিয়েণ্ট মুকলি কৰিব পাৰে । ৰেন’-6 শৃংখলা মুকলি অনুষ্ঠানটো ২২ মে'ত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত মুকলি হোৱাৰ সম্ভাৱনা আছে ৷

বিজনেছ ডেস্ক, 13 মে’: ৰেন’-6 শৃংখলাৰ মুকলিৰ বাবে কাম কৰি থকা চীনা স্মাৰ্টফোন নিৰ্মাতা কোম্পানী অ'প্পোই মিডিয়াটেক ডিমেনচিটি 1200-ৰ সৈতে 'প্ৰ' ভেৰিয়েণ্ট মুকলি কৰিব পাৰে ।

গিজোমচাইনাৰ মতে, অনুমান কৰা হৈছে যে PEQM00, PEPM00 আৰু PENM00ৰ দৰে মডেল নম্বৰ থকা অ'প্পো ফোনবোৰ চীনত ৰেন’-6, ৰেন’-6 প্ৰ’ আৰু ৰেন’-6 প্ৰো+ ৰ দৰে মনিকাৰ্চৰ সৈতে মুকলি হোৱাৰ সম্ভাৱনা আছে ।

নতুন ফলাফলে পৰামৰ্শ দিয়ে যে, ভেনিলা মডেলটোত অল-নিউ ডিমেনচিটি 900 ৰ সুবিধা উপলব্ধ থাকিব পাৰে ৷ আনহাতে প্ৰ’ মডেলটো ডিমেনচিটি 1200-ৰ সৈতে আত্মপ্ৰকাশ কৰিব পাৰে ৷ এক প্ৰতিবেদনত এই কথা উল্লেখ কৰা হৈছে ৷ এক সূত্ৰৰ কথা উল্লেখ কৰি প্ৰতিবেদনত কোৱা হৈছে যে, এই 6nm চিপছেটে Reno6 হেণ্ডছেটটোক শক্তি প্ৰদান কৰিব ।

এইটো বিশ্বাস কৰা হয় যে, ডিমেনচিটি ৯০০য়ে স্নেপড্ৰেগন ৭৬৮ জিতকৈ ভাল প্ৰদৰ্শন আগবঢ়োৱাৰ সম্ভাৱনা আছে । অৱশ্যে, ৰেন’-6 প্ৰো+ত স্নেপড্ৰেগন 870 চিপছেট থাকিব বুলি অনুমান কৰা হৈছে । যদিও পূৰ্বৰ প্ৰতিবেদনসমূহে দাবী কৰিছে যে, ৰেন’-6 শৃংখলা মুকলি অনুষ্ঠানটো ২২ মে'ত অনুষ্ঠিত হ'ব ৷ এটা সুত্ৰই দাবী কৰা মতে ইয়াক ২৭ মে'ত ঘোষণা কৰা হ'ব ৷ শেহতীয়া এক প্ৰতিবেদনত কোৱা হৈছে যে, অ'প্পো ৰেন’-৬ প্ৰ’ত ৩২ মেগাপিক্সেল কেমেৰাৰ সৈতে ৬.৫৫ ইঞ্চিৰ ওএলইডি সুবিধা থকাৰ সম্ভাৱনা আছে ৷

আনহাতে মুখ্য শ্বুটাৰ ৬৪ মেগাপিক্সেল হ'ব ৷ স্মাৰ্টফোনটোত 65ৱাট ফাষ্ট চাৰ্জিঙৰ সৈতে 4,500 এমএএইচ বেটাৰী উপলব্ধ থাকিব পাৰে । মাৰ্চ মাহত চীনা স্মাৰ্টফোন নিৰ্মাতাই কোৱাড-কেমেৰা ছেটআপ আৰু মিডিয়াটেক চিপছেটৰ সৈতে অ'প্পো ৰেন’-5 এফ মুকলি কৰিছিল । অ'প্পো ৰেন’-5 এফ-ত 6.43 ইঞ্চিৰ FHD + 60Hz AMOLED ডিচপ্লেৰ লগতে 135 হাৰ্জ স্পৰ্শ চেম্পলিং হাৰ আৰু গেম মোডৰ সময়ত 180হাৰ্জ লৈকে চেম্পলিং বৃদ্ধি কৰা হ'ব ।

লগতে পঢ়ক: Vive ভিআৰ হেডছেট মুকলিৰ সম্ভাৱনা এইচটিচিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.