ETV Bharat / international

জানুৱাৰীত ভাৰতলৈ আহিব ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধ্যক্ষ ডেনিছ ফ্ৰান্সিছ

author img

By PTI

Published : Jan 17, 2024, 4:44 PM IST

Dennis Francis India Visit : ফ্ৰান্সিছ আৰু তেওঁৰ উগাণ্ডাৰ প্ৰতিনিধি দলটোৱে ভাৰত আৰু চীনলৈ ইটোৰ পিছত সিটো চৰকাৰী ভ্ৰমণ কৰিব । অৱশ্যে বিবৃতিটোত তেওঁৰ নতুন দিল্লী ভ্ৰমণৰ সঠিক তাৰিখ উল্লেখ কৰা হোৱা নাই ।

জানুৱাৰীত ভাৰতলৈ আহিব ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধ্যক্ষ

ইণ্টাৰনেচনেল ডেস্ক, ১৭ জানুৱাৰী : ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধ্যক্ষ ডেনিছ ফ্ৰান্সিছে প্ৰথমবাৰৰ বাবে চৰকাৰী কাৰ্যসূচীৰে ভাৰত ভ্ৰমণ কৰিব । ৰাষ্ট্ৰসংঘৰ মুখ্য নীতি নিৰ্ধাৰণকাৰী সংস্থাৰ সৰ্বোচ্চ পদত অধিষ্ঠিত হোৱাৰ পিছত এই মাহৰ শেষৰ ফালে তেওঁ ভাৰত ভ্ৰমণ আৰম্ভ কৰিব ।

ইউএনজিএৰ ৭৮ সংখ্যক অধিবেশনৰ অধ্যক্ষ ফ্ৰান্সিছে প্ৰথমে বুধবাৰে উগাণ্ডাৰ কাম্পালালৈ চৰকাৰী ভ্ৰমণ কৰিব । তেওঁৰ কাৰ্যালয়ে মঙলবাৰে এক বিবৃতিত এই কথা প্ৰকাশ কৰিছে ।

১৭-২১ জানুৱাৰীলৈ ফ্ৰান্সিছৰ চাৰিদিনীয়া কাম্পালা ভ্ৰমণৰ সময়ত অংশীদাৰিত্বমূলক বিশ্বজনীন সমৃদ্ধিৰ বাবে সহযোগিতা গভীৰ কৰা শীৰ্ষক বিষয়ৰ অধীনত অনুষ্ঠিত হ'বলগা ১৯ সংখ্যক সন্মিলনত অংশগ্ৰহণ কৰিব । তেওঁ ৭৭ জনীয়া গোটৰ তৃতীয় দক্ষিণ সন্মিলন আৰু ২১ জানুৱাৰীত চীনত অনুষ্ঠিত হ'বলগীয়া তৃতীয় দক্ষিণ সন্মিলনতো অংশগ্ৰহণ কৰিব । এই সন্মিলন কোনোৱেই যাতে বাদ পৰি নাযায় এই বিষয়বস্তুৰ অধীনত আহ্বান কৰা হৈছে ।

উন্নয়নশীল দেশসমূহৰ দুটা উচ্চ পৰ্যায়ৰ মঞ্চত উগাণ্ডাত দিয়া ভাষণত ফ্ৰান্সিছে অভূতপূৰ্ব সংকটৰ সময়ত গ্লবেল ছাউথৰ সন্মিলিত কণ্ঠস্বৰৰ অধিক প্ৰয়োজন সন্দৰ্ভত ভাষণ আগবঢ়াব বুলি বিবৃতিটোত কোৱা হৈছে ।

ফ্ৰান্সিছ আৰু তেওঁৰ উগাণ্ডাৰ প্ৰতিনিধি দলটোৱে ভাৰত আৰু চীনলৈ ইটোৰ পিছত সিটো চৰকাৰী ভ্ৰমণ কৰিব । অৱশ্যে বিবৃতিটোত তেওঁৰ নতুন দিল্লী ভ্ৰমণৰ সঠিক তাৰিখ উল্লেখ কৰা হোৱা নাই ।

উল্লেখ্য যে ২০২৩ চনৰ ছেপ্টেম্বৰত নিযুক্তিলাভৰ পিছত সাধাৰণ পৰিষদৰ অধ্যক্ষ হিচাপে এইটো হ'ব তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ । ৬৭ বছৰীয়া ফ্ৰান্সিছে ত্ৰিনিদাদ আৰু টবেগোৰ কূটনৈতিক সেৱাত প্ৰায় ৪০ বছৰজুৰি তেওঁৰ সেৱা আগবঢ়াই আহিছে ।

লগতে পঢ়ক :হুথিসকলক বিশেষভাবে নিৰ্ধাৰিত বিশ্ব সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিব আমেৰিকাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.