ETV Bharat / international

ৰাছিয়াৰ আক্ৰমণত ইউক্ৰেইনত সাধাৰণ লোকৰ নিহতৰ সংখ্যা বৃদ্ধি

author img

By PTI

Published : Jan 17, 2024, 8:56 AM IST

russia missile and drone attacks ukraine in increased civilian casualties
ৰাছিয়াৰ আক্ৰমণৰ ফলত ইউক্ৰেইনত সাধাৰণ লোকৰ নিহতৰ সংখ্য বৃদ্ধি

United Nations Human Rights Monitoring Mission: ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ নিৰীক্ষণ মিছনৰ প্ৰতিবেদনত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য ৷ শেহতীয়াকৈ ৰাছিয়াই ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনেৰে ইউক্ৰেইনত চলোৱা আক্ৰমণত প্ৰায় শতাধিক নাগৰিক নিহত হোৱাৰ লগতে প্ৰায় 500 গৰাকী আহত হৈছে ।

ইন্টাৰনেশ্যনেল ডেস্ক, 17 জানুৱাৰী : ৰাছিয়া-ইউক্ৰেইনৰ মাজত চলা যুদ্ধৰ সন্দৰ্ভত মঙলবাৰে ৰাষ্ট্ৰসংঘৰ এক ভয়ংকৰ প্ৰতিবেদন প্ৰকাশ পাইছে ৷ প্ৰতিবেদনখনত কোৱা হৈছে, শেহতীয়াকৈ ৰাছিয়াই ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনেৰে ইউক্ৰেইনত চলোৱা আক্ৰমণত 100 ৰো অধিক লোক নিহত হোৱাৰ লগতে প্ৰায় 500 জন আহত হৈছে । ইউক্ৰেইনত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ নিৰীক্ষণ মিছনে কৈছিল যে, যোৱা মাহত অসামৰিক লোকৰ হতাহতৰ সংখ্যা 26.5 শতাংশ বৃদ্ধি পাইছে যি নৱেম্বৰ মাহত 468 ৰ পৰা ডিচেম্বৰ মাহত 592 লৈ বৃদ্ধি পাইছে ।

ৰাষ্ট্ৰসংঘৰ নিৰীক্ষণ অভিযানৰ মুৰব্বী ডেনিয়েল বেলে কয়, "2023 চনত অসামৰিক লোকৰ মৃত্যু ক্ৰমান্বয়ে হ্ৰাস পাইছিল ৷ কিন্তু ডিচেম্বৰৰ শেষৰ ফালে আৰু 2024 ৰ আৰম্ভনিতে ৰাছিয়াই চলোৱা আক্ৰমণৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি পালে ৷ ৰাষ্ট্ৰসংঘৰ মিছনে কৈছিল যে, শেহতীয়াকৈ ৰাছিয়াৰ মিছাইল আৰু ড্ৰোন আক্ৰমণৰ পৰীক্ষা কৰি আছে ৷ কাৰণ 2023 বৰ্ষৰ 29 ডিচেম্বৰত ইউক্ৰেইনৰ জনবসতিপূৰ্ণ অঞ্চলত আক্ৰমণ কৰিছিল ৷ ফলত 86 জন নাগৰিক নিহত হৈছিল আৰু 416 জন আহত হৈছিল ।

বুধবাৰে ৰাষ্ট্ৰসংঘৰ মানৱতাবাদী কাৰ্যালয়ৰ সঞ্চালক এডেম ৱোচোৰ্নুৱে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদক জনোৱা অনুসৰি, 2022 চনৰ 24 ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত চলোৱা আক্ৰমণৰ ফলত 10,200ৰো অধিক সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে তাৰ ভিতৰত আছে 575 টা শিশু ৷ আহত হৈছে 19,300 তকৈও অধিক লোক ।

ইফালে প্ৰায় ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ দুবছৰ হ’বৰে হ’ল ৷ কিন্তু যুদ্ধ চলি আছে আৰু সংঘৰ্ষৰ সমাপ্তিৰ বাবে শান্তি আলোচনাৰ কোনো লক্ষণ নাই দুয়োখন দেশৰ ।

লগতে পঢ়ক : আমেৰিকা-ব্ৰিটেইনৰ য়েমেনত আক্ৰমণ; ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠক আহ্বানৰ অনুৰোধ ৰাছিয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.