2022 বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা ঘোষণা

author img

By

Published : Oct 5, 2022, 4:51 PM IST

Nobel prize

২০২২ চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা ঘোষণা (2022 Nobel prize in Chemistry) । কেৰোলিন বেৰ্টজি, মৰ্টেন মেলডেল আৰু কে বেৰী শ্বাৰ্পলেছক ক্লিক কেমিষ্ট্ৰীত তেওঁলোকৰ অনবদ্য অৱদানৰ বাবে যুটীয়াভাৱে প্ৰদান কৰা হৈছে এই বঁটা ।

ইণ্টাৰনেচনেল ডেস্ক, ৫ অক্টোবৰ : ২০২২ চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা ঘোষণা (2022 Nobel prize in Chemistry) । কেৰোলিন বেৰ্টজি, মৰ্টেন মেলডেল আৰু কে বেৰী শ্বাৰ্পলেছক ক্লিক কেমিষ্ট্ৰীত তেওঁলোকৰ অনবদ্য অৱদানৰ বাবে যুটীয়াভাৱে প্ৰদান কৰা হৈছে এই বঁটা ।

ৰয়েল ছুইডিছ একাডেমী অফ ছায়েন্সেছৰ (Royal Swedish Academy of Sciences) ছোক্ৰেটেৰী জেনেৰেল হান্স এলেগ্ৰেনে বুধবাৰে ষ্টকহোমৰ কাৰোলিন্সকা ইনষ্টিটিউটত বঁটা বিজয়ীৰ নাম ঘোষণা কৰে ।

উল্লেখ্য, ২০২২ চনৰ নোবেল শান্তি বঁটা (Nobel Peace Prize) শুকুৰবাৰে আৰু অৰ্থনীতিৰ নোবেল বঁটা ১০ অক্টোবৰত ঘোষণা কৰা হ'ব । বঁটাসমূহত 10 নিযুত ছুইডিছ ক্ৰ'নাৰ (প্ৰায় 900,000 আমেৰিকান ডলাৰ) নগদ ধন প্ৰদান কৰা হয় আৰু এই বঁটা 10 ডিচেম্বৰত প্ৰদান কৰা হ'ব ।

ইতিমধ্যে মঙলবাৰে এই বছৰৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা ঘোষণা কৰা হৈছে । এই বঁটা লাভ কৰিছে পদাৰ্থবিজ্ঞানী এলাইন এস্পেক্ট, জন ক্লজাৰ আৰু এণ্টন জেইলিংগাৰক (Nobel prize for quantum information science) ৷ কোৱাণ্টাম তথ্য বিজ্ঞানৰ ওপৰত তেওঁলোকৰ কামৰ বাবে যুটীয়াভাৱে প্ৰদান কৰা হৈছে পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা (2022 Nobel Prize in Physics declared) ।

আনহাতে, ছুইডিছ বিজ্ঞানী স্বন্তে পাবোৱে সোমবাৰে নিয়াণ্ডাৰথাল ডিএনএৰ গোপনীয়তা উন্মোচন কৰাৰ বাবে চিকিৎসা বিজ্ঞানত নোবেল বঁটা লাভ কৰে । যিয়ে আমাৰ ৰোগ প্ৰতিৰোধ প্ৰণালীৰ মূল অন্তৰ্দৃষ্টি প্ৰদান কৰিছিল ।

লগতে পঢ়ক :এইবাৰৰ পদাৰ্থবিজ্ঞাৰ নোবেল বঁটা ৩ পদাৰ্থ বিজ্ঞানীলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.