ETV Bharat / international

Burkina Faso mass killing : পশ্চিম আফ্ৰিকাৰ বুৰ্কিনা ফাছোত গণহত্যা, শিশুসহ ৭০ লোকক হত্যা

author img

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 10:41 AM IST

বছৰ বছৰ ধৰি বুৰ্কিনা ফাছো আল-কায়দা আৰু ইছলামিক ষ্টেট গ্ৰুপৰ সৈতে জড়িত জেহাদী বিদ্ৰোহৰ সাক্ষী হৈ আছে । এই মাহৰ আৰম্ভণিতে পশ্চিম আফ্ৰিকাৰ এই দেশখনৰ জাওংগো গাঁৱত দুৰ্বৃত্তই শিশু আৰু বৃদ্ধসহ ৭০ গৰাকী লোকক হত্যা কৰে । স্থানীয় প্ৰশাসনে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।

Burkina Faso mass killing
পশ্চিম আফ্ৰিকাৰ বুৰ্কিনা ফাছোত গণহত্যা

ইণ্টাৰনেশ্যনেল ডেস্ক,১৪ নৱেম্বৰ : চলিতে মাহৰ আৰম্ভণিতে পশ্চিম আফ্ৰিকাৰ উত্তৰ বুৰ্কিনা ফাছোত ভয়ংকৰ গণহত্যা সংঘটিত হৈছিল । দুৰ্বৃত্তই এখন গাঁৱত আক্ৰমণ কৰি প্ৰায় ৭০ গৰাকী লোকক হত্যা কৰিছিল । নিহতসকলৰ ভিতৰত বেছিভাগেই আছিল শিশু আৰু বৃদ্ধ । চৰকাৰী পক্ষই জনোৱা মতে ঘটনাটো তদন্তৰ অধীনত আছে । এগৰাকী চৰকাৰী বিষয়াই জনোৱা মতে এই আক্ৰমণৰ ঘটনাটো বৌলচা চহৰৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দূৰত অৱস্থিত জাওংগো গাঁৱত সংঘটিত হৈছিল ।

বিষয়াগৰাকীয়ে জনোৱা মতে সম্প্ৰতি বিষয়টো তদন্ত কৰি থকা হৈছে । ঘটনাস্থলীৰ পৰা তথ্য আৰু প্ৰমাণ সংগ্ৰহ কৰা হৈছে । ইফালে অপৰাধীসকলক এতিয়াও চিনাক্ত কৰা হোৱা নাই । উল্লেখ্য যে পশ্চিম আফ্ৰিকাৰ দেশখনে বছৰ বছৰ ধৰি অল-কায়দা আৰু ইছলামিক ষ্টেট গ্ৰুপৰ সৈতে সম্পৰ্কিত জেহাদী বিদ্ৰোহৰ সৈতে যুঁজি আছে । ফলস্বৰূপে দেশখনত হাজাৰ হাজাৰ লোক নিহত হৈছে আৰু ২ মিলিয়নতকৈও অধিক লোকে আভ্যন্তৰীণভাৱে স্থানান্তৰ হৈছে ।

দেওবাৰে ইউৰোপীয় ইউনিয়নে প্ৰথম অৱস্থাত গাঁওখনত আক্ৰমণৰ ফলত হোৱা মৃত্যুৰ সংখ্যা প্ৰায় ১০০ বুলি অনুমান কৰিছিল । অনুসন্ধানকাৰী দলে ভুক্তভোগী পৰিয়ালসমূহক সাক্ষাৎ কৰিছে । তাৰ পাছত মৃত্যুৰ সংখ্যা ৭০ গৰাকী হ'ব বুলি উল্লেখ কৰা হৈছে । ইফালে স্থানীয় প্ৰশাসনে দুদিন পাচতহে আনলোকসকলক আক্ৰমণৰ বিষয়ে সতৰ্ক কৰি দিছিল । আনহাতে অনুসন্ধানকাৰী এটা দলে ৪ দিন পাছত হে ঘটনাস্থলীত উপস্থিত হ'বলৈ সক্ষম হৈছিল । বিষয়াগৰাকীয়ে জনোৱা মতে অনুসন্ধানকাৰী দলৰ কনভয়ৰ ওপৰতো আক্ৰমণ হৈছিল ।

উল্লেখ্য যে বুৰ্কিনা ফাছোত হোৱা জেহাদী হিংসাৰ ফলত বিভিন্ন অভ্যুত্থান দেখা গৈছিল । ২০২২ চনৰ ছেপ্টেম্বৰত বৰ্তমানৰ জুণ্টাই ক্ষমতা দখল কৰে । কেপ্টেইন ইব্ৰাহিম ট্ৰাওৰেৰ নেতৃত্বত জুণ্টাৰ বিৰুদ্ধে অধিকাৰ গোটসমূহে সাধাৰণ লোকৰ বিৰুদ্ধে অপব্যৱহাৰ কৰা আৰু দেশখন সুৰক্ষিত কৰাৰ নামত নাগৰিক স্বাধীনতাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ অভিযোগ উত্থাপন কৰিছে ।

ইফালে প্ৰতিবেদন অনুসৰি এই মাহৰ আৰম্ভণিতে জুন্টাই অভিযান সম্প্ৰসাৰিত কৰিছে । জুন্টা বিৰোধীসকলৰ বিৰুদ্ধে জৰুৰী কালীন আইন প্ৰণয়নো কৰিছিল । প্ৰতিবেদনত কোৱা হৈছে যে জুন্টা কমেও এক ডজন সাংবাদিক, নাগৰিক সমাজৰ কৰ্মী আৰু বিৰোধী সদস্যসকলক জাননী দিছে যে তেওঁলোকক সমগ্ৰ দেশৰ চৰকাৰী নিৰাপত্তা অভিযানত অংশগ্ৰহণ কৰিবলৈ নিয়োগ কৰা হ'ব ।

লগতে পঢ়ক :Myanmar resistance forces : সামৰিক জুন্টাৰ বিৰুদ্ধে ম্যানমাৰৰ প্ৰতিৰোধ বাহিনীৰ ব্যাপক আঘাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.