ETV Bharat / international

দক্ষিণ নাইজেৰিয়াত প্ৰচণ্ড বিস্ফোৰণ: 3 জনৰ মৃত্যু, 77 আহত

author img

By PTI

Published : Jan 18, 2024, 11:57 AM IST

Explosives in a southern Nigeria : ইবাদান চহৰত প্ৰচণ্ড বিস্ফোৰণ ৷ এই বিস্ফোৰণত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে 77 গৰাকী লোক আহত হয় ৷

Explosives in a southern Nigeria
দক্ষিণ নাইজেৰিয়াত প্ৰচণ্ড বিস্ফোৰণ: 3 জনৰ মৃত্যু, 77 আহত

আন্তঃৰাষ্ট্ৰীয় ডেস্ক, 18 জানুৱাৰী : দক্ষিণ নাইজেৰিয়াৰ ইবাদান চহৰত প্ৰচণ্ড বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে ৷ এই বিস্ফোৰণত বৃহৎ চহৰখনতস্থিত 20 টাতকৈও অধিক অট্টালিকা কঁপাই তুলিছিল ৷ ফলত নিশাটোৰ ভিতৰতে তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে 77 গৰাকী লোক আহত হৈছিল ৷ উৰ্ধতম কৰ্তৃপক্ষই বুধবাৰে জনোৱা অনুসৰি, উদ্ধাৰকাৰী কৰ্মীসকলে আৱদ্ধ হৈ থকা লোকসকলৰ সন্ধানত ধ্বংসস্তূপৰ মাজেৰে খনন কাৰ্য অব্যাহত ৰাখিছে ৷

ঘন বসতিপূৰ্ণ ইবাদান চহৰৰ দক্ষিণ-পশ্চিম ৰাজ্যৰ বাসিন্দাসকলে কোৱা অনুসৰি মঙলবাৰে সন্ধিয়া প্ৰায় 7.45 বজাত তেওঁলোকে এটা প্ৰচণ্ড বিস্ফোৰণৰ শব্দ শুনিছিল । লগে লগে বহু লোকে নিজ নিজ বাসগৃহৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰিছিল ৷ অকস্মাতে অঞ্চলটোত আতংকৰ সৃষ্টি হৈছিল । এই ঘটনাৰ পিচতে বুধবাৰে পুৱালৈকে, নিৰাপত্তা বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰি উদ্ধাৰ প্ৰচেষ্টা অব্যাহত ৰাখে ৷ লগে লগে সেই স্থানত চিকিৎসা কৰ্মী আৰু এম্বুলেন্সসমূহ উপস্থিত হৈছিল ৷

প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পোৱা অনুসৰি এই বিস্ফোৰণটো অবৈধ খনন কাৰ্যত ব্যৱহাৰৰ বাবে সংৰক্ষিত বিস্ফোৰকৰ ফলত সংঘটিত হৈছিল ৷ "আমি ইতিমধ্যে প্ৰথম প্ৰতিক্ৰিয়াকাৰী আৰু ওয়ো ৰাজ্যৰ ভিতৰত সকলো প্ৰাসংগিক সংস্থাক ব্যাপক অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলাবলৈ নিয়োজিত কৰিছো," মাকিন্দেই এই ক্ষয়ক্ষতিক "বিধ্বংসী" বুলি অভিহিত কৰি এই মন্তব্য প্ৰকাশ কৰে ৷

অঞ্চলটোত নাইজেৰিয়াৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন ব্যৱস্থাপনা সংস্থাৰ সমন্বয়ক চাহিদ আকিওদে এছ'চিয়েটেড প্ৰেছক জনোৱা মতে, উদ্ধাৰকাৰী দলসমূহে ধ্বংসস্তূপসমূহত উদ্ধাৰ অভইযান অব্যাহত ৰাখিছে ৷ বুধবাৰে এই ধ্বংসস্তূপৰ পৰা এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰে ৷ ইয়াৰ পিচতে মৃতকৰ সংখ্য়া তিনিজনলৈ বৃদ্ধি হৈছে ৷

চৰকাৰী বিষয়া মাকিন্দে কয় যে, কোনে এই বিস্ফোৰক সামগ্ৰী সংৰক্ষণ কৰিছিল সেয়া তাৎক্ষণিকভাৱে স্পষ্ট হোৱা নাই, এতিয়ালৈ ঘটনা সন্দৰ্ভত কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই। ঘটনাৰ তদন্ত চলি আছে ৷ এই ঘটনাৰ বাবে দোষী সাব্যস্ত হোৱা সকলোকে শাস্তি বিহা হ’ব ৷

ইফালে আহত 77 জনৰ বেছিভাগক ইতিমধ্যে অব্যাহতি দিয়া হৈছে ৷ ৰাজ্যপালে এই শোকাৱহ ঘটনা সন্দৰ্ভত কয়, এতিয়াও যিসকল লোক চিকিৎসালয়ত ভৰ্তি হৈ আছে,তেওঁলোকৰ চিকিৎসাৰ খৰচ আৰু ঘৰ ক্ষতিগ্ৰস্ত হোৱাসকলক অস্থায়ীভাৱে আৱাসগৃহত ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷ এতিয়াও অঞ্চলটোৰ চাৰিওফালে ধুলিৰে আৱৰি থকা পৰিলক্ষিত হৈছে ৷ বিস্ফোৰণৰ ফলত সমীপৱৰ্তী কেইবাটাও অট্টালিকা আংশিকভাৱে ধ্বংস হৈছে ৷

লগতে পঢ়ক: হুথি বিদ্ৰোহীৰ শিবিৰত মিছাইলেৰে আক্ৰমণ আমেৰিকাৰ সেনাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.