ETV Bharat / international

গুৰপতৱন্ত সিং পান্নুন হত্যাৰ ষড়যন্ত্ৰ গোচৰ, অভিযুক্তক আমেৰিকালৈ প্ৰত্যৰ্পণৰ সম্ভাৱনা

author img

By ANI

Published : Jan 20, 2024, 1:32 PM IST

Updated : Jan 23, 2024, 11:06 AM IST

Gurpatwant Singh Pannun: শিখ নেতা তথা ভাৰতৰ বাবে ম'ষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী গুৰপতৱন্ত সিং পান্নুনক হত্যাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগত নিখিল গুপ্তা নামৰ এগৰাকী ভাৰতীয়মূলৰ লোকক চেক গণৰাজ্য আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । অভিযুক্তজনক আমেৰিকালৈ প্ৰত্যৰ্পণত সন্মতি দিছে আদালতে । অভিযুক্তৰ অধিবক্তাই এই প্ৰত্যৰ্পণ নকৰিবলৈ আহ্বান জনাইছে ।

Gurpatwant Singh Pannun
পান্নুন হত্যাৰ ষড়যন্ত্ৰ গোচৰৰ অভিযুক্তক আমেৰিকালৈ প্ৰত্যৰ্পণৰ সম্ভাৱনা

ইন্টাৰনেশ্যনেল ডেস্ক,২০ জানুৱাৰী : শিখ বিচ্ছিন্নতাবাদী নেতা গুৰপতৱন্ত সিং পান্নুনক হত্যাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ৫২ বছৰীয়া ভাৰতীয়মূলৰ নিখিল গুপ্তাক আমেৰিকালৈ প্ৰত্যৰ্পণ কৰাৰ সম্ভাৱনা আছে । চেক গণৰাজ্যৰ এখন আদালতে শুনানি গ্ৰহণ কৰি কয় যে অভিযুক্তগৰাকীক আমেৰিকালৈ প্ৰত্যৰ্পণ কৰিব পাৰে । অৱশ্যে অভিযুক্তগৰাকীৰ প্ৰত্যৰ্পণৰ বাবে চেক গণৰাজ্যৰ আইন মন্ত্ৰী পাভেল ব্লেজেকৰ অনুমোদন প্ৰয়োজন হ'ব ।

গুপ্তাক যোৱা বছৰ জুনত আমেৰিকা-চেক প্ৰত্যৰ্পণ চুক্তিৰ আধাৰত প্ৰাগত আটক কৰা হৈছিল । চেক গণৰাজ্যৰ সংবাদ মাধ্যমৰ মতে গুপ্তা এতিয়া প্ৰাগৰ পাংক্ৰাক কাৰাগাৰত আছে । প্ৰাগ উচ্চ ন্যায়ালয়ে এই সপ্তাহত এক শুনানিৰ সময়ত আদালতে দিয়া ৰায়টো বজাই ৰাখিছে । গুপ্তাৰ অধিবক্তা পেট্ৰ স্লেপিকাই প্ৰাগ উচ্চ ন্যায়ালয়ত পান্নুনৰ প্ৰসংগত কয় যে তেওঁ ভাৰত চৰকাৰৰ বাবে নিৰাপত্তাৰ প্ৰতি ভাবুকি প্ৰদান কৰে । আমেৰিকাৰ বাবে যেনেদৰে ওচামা বিন লাডেন ভাবুকি আছিল ।

গুপ্তাই তেওঁৰ যুক্তিত কৈছিল যে পান্নুন ষড়যন্ত্ৰ সম্পৰ্কীয় গোচৰটোৰ ৰাজনৈতিক বা সামৰিক পৃষ্ঠভূমি আছে । অৱশ্যে, বিচাৰকজনে প্ৰতিৰক্ষাৰ যুক্তি নাকচ কৰে যে এইটো এটা ৰাজনৈতিক গোচৰ । আইন মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰৰ মতে গুপ্তাৰ প্ৰত্যৰ্পণৰ বাবে সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত কিমান সময় লাগিব সেয়া স্পষ্ট নহয় ।

ইফালে, গুপ্তাৰ অধিবক্তা পেট্ৰ স্লেপিকাই কয় যে তেওঁলোকে এতিয়াও সাংবিধানিক আদালতত অভিযোগ দাখিল কৰিব আৰু গুপ্তাক আমেৰিকালৈ প্ৰত্যৰ্পণ নকৰাৰ বাবে অনুৰোধ জনাব । ভাৰতৰ উচ্চতম ন্যায়ালয়ে ৪ জানুৱাৰীত গুপ্তাৰ হৈ চেক গণৰাজ্যত কনচুলাৰ প্ৰৱেশাধিকাৰ, আইনী সাহায্য আৰু চলি থকা প্ৰত্যৰ্পণ প্ৰক্ৰিয়াৰ বাবে দাখিল কৰা আবেদন প্ৰত্যাখ্যান কৰে ।

ন্যায়াধীশ সঞ্জীৱ খান্না আৰু দীপাংকৰ দত্তৰ বিচাৰপীঠে ইয়াক সংবেদনশীল বিষয় বুলি অভিহিত কৰে আৰু কয় যে যদি কেন্দ্ৰীয় চৰকাৰে বিষয়টোত হস্তক্ষেপ কৰিব বিচাৰে তেন্তে তেওঁলোকে এক আহ্বান জনাব ।

লগতে পঢ়ক :পান্নুনক হত্যাৰ পৰিকল্পনাত নিখিল গুপ্তা জড়িত থকা সন্দৰ্ভত ফেডাৰেল চৰকাৰক প্ৰমাণ দাখিলৰ নিৰ্দেশ

Last Updated : Jan 23, 2024, 11:06 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.