ডিঙিত গামোচা লৈ ৱাশ্বিংটনত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

author img

By

Published : Sep 23, 2021, 10:39 AM IST

Updated : Sep 23, 2021, 12:13 PM IST

PM Modi arrives in Washington to attend Quad summit, address UNGA

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বুধবাৰে ডিঙিত গামোচা লৈ বিশেষ বিমানযোগে নিউয়ৰ্কত উপস্থিত হয় ৷ নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভাষণ প্ৰদান কৰিব মোডীয়ে ৷ প্ৰধানমন্ত্ৰীয়ে কোৱাড সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে হোৱাইট হাউচত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বিডেনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব ।

নিউজ ডেস্ক, 23 ছেপ্টেম্বৰ : দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বুধবাৰে তিনিদিনীয়া আমেৰিকা ভ্ৰমণৰ বাবে ৱাশ্বিংটনত উপস্থিত হয় ৷ প্ৰধানমন্ত্ৰীয়ে আমেৰিকালৈ যাত্ৰা কৰা সময়ত বিমানত কটোৱা মূহূৰ্তৰ এখন ফটো তেওঁৰ টুইটাৰ একাউন্টত শ্বেয়াৰ কৰে ৷ ফটোখনত প্ৰধানমন্ত্ৰীয়ে অসমৰ জাতীয় জীৱনৰ পৰিচয় গামোচাখন ডিঙিত লৈ কাৰ্যালয়ৰ গুৰুত্বপূৰ্ণ কাম কৰা পৰিলক্ষিত হয় ৷ ফটোখনৰ কেপছনতো প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে, দীঘলীয়া উৰণৰ অৰ্থ হৈছে নথিপত্ৰ আৰু কিছুমান ফাইলৰ কামৰ মাজেৰে যোৱাৰ সুযোগ (A long flight also means opportunities to go through papers and some file work) ।

আমেৰিকালৈ দীৰ্ঘলীয়া প্ৰধানমন্ত্ৰী মোডীক ৱাশ্বিংটন ডচিৰ জয়েন্ট বেছ এণ্ড্ৰুজত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যৱস্থাপনা আৰু সম্পদ বিভাগৰ উপ সচিব টি এইচ ব্ৰায়ান মেককেনকে ধৰি ৰাজ্যিক বিভাগৰ বিষয়াসকলে আদৰণি জনায় ৷ ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতৰ ৰাষ্ট্ৰদূত তৰঞ্জিত সিং সান্ধুৰ লগতে ব্ৰিগেডিয়াৰ অনুপ সিংঘল, এয়াৰ কমোডৰ অঞ্জন ভদ্ৰ আৰু নৌ সেনা কমোডৰ নিৰ্ভয়া বাপনাকে ধৰি প্ৰতিৰক্ষা বিভাগৰ শীৰ্ষ নেতৃত্বই আদৰণি জনায় ৷

PM Modi arrives in Washington to attend Quad summit, address UNGA
ৰাষ্ট্ৰসংঘৰ কাৰ্যালয়

মোডীয়ে তেওঁৰ ভ্ৰমণকালত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰিব ৷ তদুপৰি হোৱাইট হাউচত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সৈতে দ্বি-পাক্ষিক বৈঠকত মিলিত হ'ব ৷ ভাৰতীয় সম্প্ৰদায়ৰ এশৰো অধিক সদস্যই ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনোৱাৰ বাবে একত্ৰিত হৈছিল বিমানবন্দৰত ৷ প্ৰধানমন্ত্ৰী মোডীৰ বিমানখন ৱাশ্বিংটনত অৱতৰণ কৰাৰ লগে লগে প্ৰবাসী ভাৰতীয়সকলে আনন্দোল্লাস কৰিবলৈ আৰম্ভ কৰে ৷ প্ৰতিকূল বতৰ হোৱা স্বত্বেও প্ৰবাসী ভাৰতীয়সকলে প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনৰ বাবে বিমানবন্দৰত ধৈৰ্য সহকাৰে অপেক্ষা কৰে ৷

PM Modi arrives in Washington to attend Quad summit, address UNGA
আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন

২৪ ছেপ্তেম্বৰত হোৱাইট হাউচত বাইডেনৰ আতিথ্য গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে ৷ ২০ জানুৱাৰীত বাইডেনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত এয়া দুয়োগৰাকী নেতাৰ মাজৰ প্ৰথম ব্যক্তিগত বৈঠক ৷ ক’ভিড-১৯ মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ পিছত এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰথমটো বিদেশ ভ্ৰমণ ৷ কোৱাড লিডাৰ্ছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আমেৰিকালৈ ৰাওনা হোৱাৰ পূৰ্বে বুধবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁৰ এই ভ্ৰমণ আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান আৰু অষ্ট্ৰেলিয়াৰ সৈতে কৌশলগত অংশীদাৰীত্ব শক্তিশালী কৰাৰ এক মাধ্যমত পৰিণত হ'ব ৷

লগতে পঢ়ক : তিনিদিনীয়া ভ্ৰমণসূচীৰে আমেৰিকালৈ ৰাওনা প্ৰধানমন্ত্ৰী মোডী

প্ৰধানমন্ত্ৰী মোডীয়ে শুকুৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ দ্বাৰা আয়োজিত কোৱাডৰ প্ৰথমখন ব্যক্তিগত সন্মিলনত অংশগ্ৰহণ কৰিব ৷ য'ত জাপানৰ প্ৰধানমন্ত্ৰী য়োশিহিদে চুগা আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনে অংশগ্ৰহণ কৰিব ৷ প্ৰধানমন্ত্ৰী মোডীয়ে ২৫ ছেপ্তেম্বৰত নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ (UNGA) ৭৬ তম অধিৱেশনৰ সাধাৰণ বৈঠকত সম্বোধন কৰিব ৷

এই বছৰৰ সাধাৰণ বৈঠকৰ বিষয়বস্তু হৈছে ক’ভিড-19 ৰ পৰা পুনৰুদ্ধাৰ, জন সাধাৰণৰ অধিকাৰক সন্মান কৰা আৰু ৰাষ্ট্ৰসংঘক পুনৰুজ্জীৱিত কৰাৰ আশাৰ জৰিয়তে স্থিতিস্থাপকতা গঢ়ি তোলা ৷ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে আঞ্চলিক পৰিস্থিতি, সীমান্তৰ সন্ত্ৰাসবাদ, ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ বিশ্বব্যাপী প্ৰচেষ্টা আৰু বহুপাক্ষিক প্ৰতিষ্ঠানসমূহৰ সংস্কাৰৰ প্ৰয়োজনীয়তাকে ধৰি গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিব ৷

PM Modi arrives in Washington to attend Quad summit, address UNGA
আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি কমলা হেৰিছ

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ আন এটা বৈশিষ্ট্য হ'ব দেশৰ ব্যৱসায়িক বুজাবুজিৰ অন্যতম অংশীদাৰ জাপান আৰু অষ্ট্ৰেলিয়াৰ সৈতে অনুষ্ঠিত হ’বলগা দ্বিপাক্ষিক বৈঠক ৷ য’ত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু উপ ৰাষ্ট্ৰপতি কমলা হেৰিছ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু শৃংলাকে ধৰি জ্যেষ্ঠ বিষয়াসকলক লৈ গঠিত এক উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল উপস্থিত থাকিব ৷

লগতে পঢ়ক : আন্তৰ্জাতিক সাংকেতিক ভাষা দিৱসৰ তাৎপৰ্য...

Last Updated :Sep 23, 2021, 12:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.