ETV Bharat / entertainment

The Railway Men: ‘দ্য ৰে’লৱে মেন’ ৱেব ছিৰিজত দেখা যাব ইৰফান খানৰ পুত্ৰক

author img

By ANI

Published : Oct 26, 2023, 4:45 PM IST

The Railway Men motion poster release, series to release on this date
‘দ্য ৰে’লৱে মেন’ ৱেব ছিৰিজৰ মুক্তিৰ তাৰিখ ঘোষণা

বলীউডৰ প্ৰয়াত অভিনেতা ইৰফান খানৰ পুত্ৰ বাবিল খানক দেখা যাব ৱেব ছিৰিজ দ্য ৰে’লৱে মেনত ৷ আজি ঘোষণা হ’ল দ্য ৰে’লৱে মেনৰ মুক্তিৰ তাৰিখ । বাবিলৰ এই আটাইতকৈ প্ৰত্যাশিত ৱেব ছিৰিজখন কেতিয়া মুক্তি পাব জানি লওক ।

চিটাৰা ডেস্ক, 26 অক্টোবৰ: জনপ্ৰিয় চলচ্চিত্ৰ অভিনেতা আৰ মাধৱনৰ বহু চৰ্চিত ৱেব ছিৰিজ ‘দ্য ৰে’লৱে মেন’ক লৈ দীৰ্ঘদিন ধৰি চৰ্চা চলি আছিল । ভূপাল গেছ ট্ৰেজেডীৰ কাহিনীৰ পৰা অনুপ্ৰাণিত এই ধাৰাবাহিকখনৰ কাহিনী ৷ ধাৰাবাহিকখনৰ মুক্তিৰ বাবে সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি আছে ।

বলীউডৰ প্ৰয়াত অভিনেতা ইৰফান খানৰ পুত্ৰ বাবিল খানে ‘দ্য ৰে’লৱে মেন’ ৱেব ছিৰিজত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । ইফালে ‘দ্য ৰে’লৱে মেন’ৰ মুক্তিৰ তাৰিখ সন্দৰ্ভত এটা ডাঙৰ আপডেট ওলাইছে । গতিকে এই প্ৰতিবেদনত জানি লওক ধাৰাবাহিকখনৰ মুক্তিৰ তাৰিখ ।

‘দ্য ৰে’লৱে মেন’ৰ মুক্তিৰ তাৰিখ

‘দ্য ৰে’লৱে মেন’ ৱেব ছিৰিজক লৈ বহুদিনৰে পৰা চৰ্চা চলি আছিল । বিশেষকৈ বাবিল খানৰ বাবেই ‘দ্য ৰে’লৱে মেন’ৰ চৰ্চা চলি আছিল । বৃহস্পতিবাৰে অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সে নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত ‘দ্য ৰে’লৱে মেন’ৰ এটা মোচন ভিডিঅ’ শ্বেয়াৰ কৰিছে ।

ধাৰাবাহিকখনৰ তাৰকা অভিনেতাৰ আভাস এই ভিডিঅ’টোত দেখা গৈছে । কেৱল এয়াই নহয়, ‘দ্য ৰে’লৱে মেন’ৰ মুক্তিৰ তাৰিখো প্ৰকাশ কৰিছে নিৰ্মাতাই । পৰিচালক শিৱ ৰাৱেলৰ ‘দ্য ৰে’লৱে মেন’ ৱেব ছিৰিজ অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত ১৮ নৱেম্বৰত বিশ্বজুৰি মুক্তি পাব ।

'দ্য ৰে’লৱে মেন'ৰ এই মোচন ভিডিঅ'টোত দেখা গৈছে অভিনেতা আৰ মাধৱন, কে কে মেনন, দিব্যেন্দু শৰ্মা আৰু বাবিল খানক । ‘দ্য ৰে’লৱে মেন’ৰ মুক্তিৰ তাৰিখ ঘোষণাৰ লগে লগে এই ধাৰাবাহিকখনৰ বাবে অনুৰাগীৰ উত্তেজনা আৰু অধিক বৃদ্ধি পাইছে ।

এটা সঁচা ঘটনাৰ পৰা অনুপ্ৰাণিত ‘দ্য ৰে’লৱে মেন’ৰ কাহিনী

যশ ৰাজ বেনাৰত নিৰ্মিত ৱেব ছিৰিজ ‘দ্য ৰে’লৱে মেন’ ভূপাল গেছ ট্ৰেজেডীৰ প্ৰকৃত ঘটনাৰ পৰা অনুপ্ৰাণিত । ১৯৮৪ চনত মধ্যপ্ৰদেশৰ ভূপাল চহৰত বিষাক্ত গেছ নিৰ্গত হোৱাৰ ঔদ্যোগিক দুৰ্ঘটনাটো ৱেব ছিৰিজ ‘দ্য ৰে’লৱে মেন’ত দেখুওৱা হ’ব।

এই ধাৰাবাহিকখনৰ কেন্দ্ৰবিন্দু হৈছে সেই ৪ জন ৰে’ল কৰ্মচাৰীৰ সাহসৰ কাহিনী, যিয়ে নিজৰ জীৱনকো তুচ্ছ কৰি এই গেছ ট্ৰেজেডীত আবদ্ধ হৈ থকা লোকসকলৰ জীৱন ৰক্ষা কৰিছিল । উল্লেখ্য যে 'The Railway Man' ৱেব ছিৰিজখন ৪টা খণ্ডত ষ্ট্ৰীম কৰা হ'ব

লগতে পঢ়ক: Karachi To Noida teaser: সীমা হাইদৰৰ ছবি ‘কৰাচী টু নয়ডা’ৰ ট্ৰেইলাৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.