ETV Bharat / entertainment

মাতৃৰ পুৰণি গাউন পিন্ধি নিজৰ প্ৰথমখন ছবিৰ দৰ্শনীত উপস্থিত শ্ৰীদেৱীৰ কন্যা খুশী কাপুৰ

author img

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 1:45 PM IST

The Archies Film Screening Khushi Kapoor: কিংবদন্তি অভিনেত্ৰী শ্ৰীদেৱী আৰু বনী কাপুৰৰ কনিষ্ঠ কন্যা খুশী কাপুৰে বলীউডত আত্মপ্ৰকাশ কৰিব দ্য আৰ্চিছৰ জৰিয়তে ৷ মঙলবাৰে ছবিখনৰ বিশেষ দৰ্শনীৰ আয়োজন কৰা হৈছিল ৷ য’ত খুশী কাপুৰে নিজৰ সাজেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ।

Special dress from mom's closet: Khushi Kapoor wears Sridevi's vinatge gown at The Archies premiere
খুশী কাপুৰ দ্য আৰ্চিজৰ দৰ্শনীত

চিটাৰা ডেস্ক, ৬ ডিচেম্বৰ: জ’য়া আখতাৰ পৰিচালিত দ্য আৰ্চিছ ছবিৰে বহু তাৰকা সন্তানে অভিনয় জগতত পাতনি মেলিব । দ্য আৰ্চিছৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিব কিংবদন্তি অভিনেত্ৰী শ্ৰীদেৱী আৰু চলচ্চিত্ৰ নিৰ্মাতা বনী কাপুৰৰ কনিষ্ঠ কন্যা খুশি কাপুৰ, শ্বাহৰুখ খানৰ কন্যা সুহানা খান আৰু অমিতাভ বচ্চনৰ নাতি অগস্ত্য নন্দই । মঙলবাৰে সন্ধিয়া দ্য আৰ্চিছৰ বিশেষ দৰ্শনীৰ আয়োজন কৰা হয় । য’ত বহু চলচ্চিত্ৰ তাৰকাই নিজৰ গ্লেমাৰছ লুকেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল । কিন্তু বলীউড জগতত নিজৰ যাত্ৰা আৰম্ভ কৰিবলৈ ওলোৱা খুশী কাপুৰে তেওঁৰ সাজৰে এই দৰ্শনীত সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷ খুশী কাপুৰে পৰিধান কৰা সাজৰ বাবে ছ’চিয়েল মিডিয়াতো যথেষ্ট প্ৰশংসা লাভ কৰে ।

Special dress from mom's closet: Khushi Kapoor wears Sridevi's vinatge gown at The Archies premiere
খুশী কাপুৰ দ্য আৰ্চিজৰ দৰ্শনীত

খুশী কাপুৰে মাতৃৰ গাউন পৰিধান কৰি ৰেড কাৰ্পেটত খোজ দিয়ে

হয়, খুশী কাপুৰে প্ৰথমখন ছবিৰ দৰ্শনীত মাতৃ তথা কিংবদন্তি অভিনেত্ৰী শ্ৰীদেৱীৰ পুৰণি গাউন পৰিধান কৰি উপস্থিত হয় । খুশী কাপুৰৰ বাবে প্ৰথমখন ছবিৰ দৰ্শনী বিশেষ হোৱাৰ লগতে সেয়া এক আবেগিক মুহূৰ্তও আছিল । এই বিশেষ মুহূৰ্তটোত নিশ্চয় খুশীয়ে নিজৰ মাতৃক স্মৰণ কৰিছে, যাৰ বাবে অভিনেত্ৰীগৰাকীয়ে পৰিধান কৰিছিল মাতৃৰ পুৰণি গাউন ৷ খুশীয়ে মাতৃৰ ৰূপালী গাউনৰ লগতে তেওঁৰ গহনাবোৰো পৰিধান কৰিছিল । উল্লেখ্য যে, দ্য আৰ্চিছৰ দৰ্শনীত খুশীয়ে পৰিধান কৰা ৰূপালী গাউনটো ২০১৩ চনত আই আই এফ এৰ ৰেড কাৰ্পেটত পৰিধান কৰিছিল প্ৰবীণ অভিনেত্ৰী শ্ৰীদেৱীয়ে ।

দ্য আৰ্চিজৰ সৈতে বলীউডত আত্মপ্ৰকাশ কৰিব খুশী কাপুৰে

দ্য আৰ্চিজ পৰিচালনা কৰিছে জ’য়া আখতাৰে । এই ছবিখন আমেৰিকাৰ কমিক বুক ছিৰিজ দ্য আৰ্চিছৰ পৰা অনুপ্ৰাণিত । দ্য আৰ্চিছৰ কাহিনী ৬০ ৰ দশকৰ আৰু ই ৰিভাৰডেল নামৰ এটা পাহাৰীয়া ষ্টেচনৰ আশে-পাশে ঘূৰি থাকে । প্ৰেম আৰু বন্ধুত্বৰ লগতে ছবিখনত এক বিশেষ সামাজিক বাৰ্তাও দিয়া হৈছে । দ্য আৰ্চিজ ছবিখনত ভেৰ’নিকাৰ চৰিত্ৰত অভিনয় কৰিছে সুহানা খানে । বেটী কাপুৰৰ চৰিত্ৰত অভিনয় কৰিছে খুশী কাপুৰে । বেটী কাপুৰক ছবিখনত ভেৰ’নিকা আৰু আৰ্চি এণ্ড্ৰুজৰ (অগস্ত্য নন্দ) বেষ্ট ফ্ৰেণ্ড হিচাপে দেখা যাব । অহা ৭ ডিচেম্বৰৰ পৰা অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত প্ৰচাৰ হ’ব ছবিখন ।

লগতে পঢ়ক: শ্বাহৰুখৰ কন্যা, অমিতাভৰ নাতিক সমৰ্থন কৰিবলৈ দ্য আৰ্চিছৰ দৰ্শনীত উপস্থিত সমগ্ৰ বলীউড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.