ETV Bharat / entertainment

Assamese feature film : ছবিজগতত এইবাৰ চিকাৰ কৰিব জুবিন গাৰ্গে

author img

By

Published : Apr 14, 2022, 2:08 PM IST

Updated : Apr 16, 2022, 9:38 PM IST

বুধবাৰে পোষ্টাৰ মুকলি কৰা হ’ল মুক্তি লাভ কৰিবলগীয়া ছবি নতুন অসমীয়া ছবি ‘চিকাৰ’ৰ (Assamese movie Sikaar) ৷ মহানগৰীৰ জু-ৰোডস্থিত গুৱাহাটী চেণ্ট্ৰেল’ত জুবিন গাৰ্গে আনুষ্ঠানিকভাৱে মুকলি কৰে ছবিখনৰ পোষ্টাৰ । অধিকাংশ দৃশ্যগ্ৰহণ লণ্ডনত হ’বলগীয়া বিগ বাজেটৰ অসমীয়া ছবিখনত জুবিন গাৰ্গক দেখা যাব এজন চাহ বাগানৰ যুৱকৰ ৰূপত ৷

Assamese feature film
ছবিজগতত এইবাৰ ‘চিকাৰ’ কৰিব জুবিন গাৰ্গে

গুৱাহাটী, 14 এপ্ৰিল : ৰঙালী বিহুৰ প্ৰাকক্ষণত বুধবাৰে মহানগৰীৰ জু-ৰোডৰ গুৱাহাটী চেণ্ট্ৰেল’ত নতুন অসমীয়া চলচ্চিত্ৰ ‘চিকাৰ’ৰ নাম ঘোষণা তথা পোষ্টাৰ মুকলি কৰা হয় (Assamese movie Sikaar) । শিল্পী জুবিন গাৰ্গে আনুষ্ঠানিকভাৱে মুকলি কৰে নতুন অসমীয়া ছবিখনৰ প্ৰথমখন পোষ্টাৰ । বিগ ফিল্মছ মিডিয়া আৰু ডীক্ৰেটিভ ষ্টুডিঅ' এল এল পি (ইণ্ডিয়া) ৰ বেনাৰত ছেম ভট্টাচাৰ্য আৰু মিত্ৰা ভট্টাচাৰ্যৰ প্ৰযোজনাত নিৰ্মিত ছবিখনিৰ কাহিনী আৰু পৰিচালনা কৰিছে বিগত ২৫ বছৰে অসমীয়া ছবিজগতত সম্পাদক হিচাপে পৰিচিত দেবাংকৰ বৰগোঁহায়ে ।

ছবিজগতত এইবাৰ চিকাৰ কৰিব জুবিন গাৰ্গে

বিশেষকৈ লণ্ডনত আৰু কিছু অংশ অসমত দৃশ্যগ্ৰহণ কৰিবলগীয়া ‘চিকাৰ’ৰ মুখ্য চৰিত্ৰত চাহ বাগানীয়া যুৱক হিচাপে দেখিবলৈ পোৱা যাব জুবিন গাৰ্গক । ছবিখনিৰ সংগীত পৰিচালক জুবিন গাৰ্গ । অন্য দুটি গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখিবলৈ পোৱা যাব জনপ্ৰিয় শিল্পী সিদ্ধাৰ্থ শৰ্মা(কে কে) আৰু দ্বীপজ্যোতি কেওট(মোহন) ক । ’চিকাৰ’ৰ চিত্ৰনাট্য-সংলাপ বিষ্ণুজ্যোতি সন্দিকৈৰ । দৃশ্যগ্ৰহণকাৰী জন ৰেগ্ৰেটৰ ।

বিহুৰ পাছতেই দৃশ্যগ্ৰহণ আৰম্ভ হ'বলগীয়া ছবিখনি অহা বছৰৰ ফেব্ৰুৱাৰীত চিত্ৰগৃহলৈ অহাৰ কথা । জুবিন গাৰ্গে ছবিখনৰ পোষ্টাৰ মুকলি কৰি কয় যে, মিছন চাইনাই অসমীয়া ছবি জগতলৈ আনিলে পৰিৱৰ্তন । মিছন চাইনাৰ পৰা সকলোৱে অসমীয়া ছবি চোৱাৰ অভ্যাস কৰিছে ৷ দৰ্শকে চাব পৰাকৈ চিনেমা বনাব পাৰিব লাগিব ৷ মই হিন্দী চিনেমা বন্ধ কৰি মিছন চাইনা চলাইছিলো ৷ আমি তেনেকুৱা চিনেমা বনাব পাৰিব লাগিব ৷ নতুনকৈ চিনেমা হল বনোৱা আৰু পুৰণা হলসমূহ উন্নত কৰা বাবে চৰকাৰে পইচা দিছে ৷ ৰাজ্যত আৰু ১৫ টা হল হ’ব (Cinema hall in Assam) । গুৱাহাটী আৰু চাৰিটাকৈ চিনেমা হল বনাবলৈ গৈ আছে বুলি জুবিন গাৰ্গে মন্তব্য কৰে ।

হিন্দী ভাষাৰ বিতৰ্কত জুবিন গাৰ্গে কয় যে ভাষা শিকাতো ভাল ৷ মই কেইবাটাও ভাষা জানো কিন্তু একো বস্তু বাধ্যতামূলক কৰিব নোৱাৰে ৷ বিহুৰ অনুষ্ঠান সম্পৰ্কেও তেওঁ কয় যে, মই এতিয়া খাৰঘূলিৰ বাসিন্দা বুলি সকলোৱে জানে (Zubeen Garg bihu function) ৷ প্ৰথম খাৰঘূলিৰ পৰাই আৰম্ভ হ’ব বিহুৰ অনুষ্ঠান ।

লগতে পঢ়ক: এলাগী হৈ ৰৈছে ছোভিয়েট ৰাছিয়াত ঢোলৰ যাদুৰে চমক সৃষ্টিকাৰী কলিয়াবৰৰ মাধৱ শইকীয়া

Last Updated : Apr 16, 2022, 9:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.