Oscar Gift Bag: অস্কাৰত পৰাজিত হোৱাসকলৰ বাবে সাজু কৰা হৈছে কোটি টকাৰ উপহাৰ, চাওক কি আছে গিফ্ট বেগত

author img

By

Published : Mar 13, 2023, 10:42 PM IST

OSCAR GIFT BAG PLOT IN AUSTRALIA TRIP TO ITALY INSIDE THE OSCAR GIFT BAG FOR NOMINEES

২০২৩ চনৰ অস্কাৰ এৱাৰ্ডত পৰাজিত হোৱাসকলৰ বাবে সাজু কৰা হৈছে কোটি কোটি টকাৰ গিফ্ট বেগ (Oscar Gift Bag) । জানি লওক কি কি আছে এই গিফ্ট বেগত ৷

চিটাৰা ডেস্ক,13 মাৰ্চ: ভাৰতত আজি পুৱা ৫:৩০ বজাত দেখা পোৱা ৯৫ সংখ্যক অস্কাৰ এৱাৰ্ড ২০২৩ অনুষ্ঠানৰ অন্ত পৰিল (Oscars 2023) । এইবাৰ ভাৰতে আজুৰি আনিলে দুটাকৈ অস্কাৰৰ সন্মান ৷ ইয়াৰ পিচতে সমগ্ৰ দেশজুৰি আনন্দৰ জোৱাৰ উঠিছে । এইবাৰ বহু শিল্পীয়ে নিজৰ কামৰ বাবে অস্কাৰ নিজৰ ঘৰলৈ নিবলৈ সক্ষম হৈছে যদিও আন একাংশই আকৌ হতাশাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷

কিন্তু অস্কাৰত পৰাজিত হৈয়ো লাভাম্বিত হৈছে একাংশ । বৰঞ্চ এইবাৰ অস্কাৰৰ বাহিৰেও এটা ব্যক্তিগত সংস্থাই মনোনয়ন লাভ কৰাৰ পিচতো অস্কাৰ জয় কৰিব নোৱাৰাত শিল্পীসকলৰ বাবে এটা ডাঙৰ উপহাৰৰ পৰিকল্পনা কৰিছিল (Oscar Gift Bag) । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অস্কাৰত পৰাস্ত হৈ ঘৰলৈ যোৱা মনোনীত শিল্পীসকলক ১ লাখ 26 হাজাৰ ডলাৰ বেগ অৰ্থাৎ ১ কোটি টকাৰ উপহাৰ প্ৰদান কৰা হৈছে ।

অস্কাৰত মনোনয়ন লাভ কৰা শিল্পীসকলক প্ৰতি বছৰে উপহাৰ হিচাপে দিয়া এই উপহাৰৰ নাম হৈছে ‘সকলোৱে জয়ী’। ইয়াৰ ভিতৰত আছে শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেত্ৰী, শ্ৰেষ্ঠ সহযোগী অভিনেতা আৰু শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী ।

লগতে পঢ়ক: Oscars Award 2023: এই বৰ্ষত কোনটো চৰিত্ৰ, কোনখন ছবিয়ে লাভ কৰিলে অস্কাৰ বঁটা, চাওক বিজয়ীৰ সম্পূৰ্ণ তালিকা

সংবাদ মাধ্যমৰ মতে, লছ এঞ্জেলছৰ কোম্পানী ডিষ্টিংকটিভ এচেটছে এই উপহাৰৰ বেগসমূহ বিতৰণ কৰিছে ৷ যদিও কোৱা হৈছে যে এই বিপণন কোম্পানীটোৰ অস্কাৰ সংস্থাৰ প্ৰমাণপত্ৰ নাই আৰু ২০০২ চনৰ পৰাই অস্কাৰত পৰাজিতসকলক মূল্যৱান উপহাৰ দি আহিছে ৷

খবৰ অনুসৰি এইবাৰৰ উপহাৰৰ বেগত জাপান মিল্ক ব্ৰেড, ইটালী ভ্ৰমণ, প্ৰসাধন চিকিৎসা আৰু অষ্ট্ৰেলিয়া এটা বাসগৃহ দৰে সোণালী উপহাৰ আছে । এই বেগটোত মুঠ ৬০ টা উপহাৰ আছে । জানিব পৰা মতে, অস্কাৰৰ মনোনীত এই শিল্পীসকলে ইটালীৰ আইচলেণ্ডত তিনি নিশা কটোৱাৰ বাবেও পেকেজ লাভ কৰিছে, যাৰ বাবে প্ৰতিজন ব্যক্তিৰ বাবে প্ৰায় ৭.৩ লাখ টকা খৰচ হ’ব।

লগত পঢ়ক: Oscars 2023 updates: অস্কাৰ বঁটা বিজয়ীক এনেদৰে অভিনন্দন জ্ঞাপন তাৰকা-ৰাজনীতিবিদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.