ETV Bharat / entertainment

Salman Khan threat case: আৰক্ষীৰ জালত ছলমান খানক ইমেইলযোগে ভাবুকি প্ৰেৰণ কৰা অভিযুক্ত

author img

By

Published : Mar 27, 2023, 2:09 PM IST

গ্ৰেপ্তাৰ হ’ল ছলমান খানক ইমেইলযোগে ভাবুকি প্ৰদান কৰা অভিযুক্ত (Salman Khan threat case) ৷ ৰাজস্থান আৰক্ষীয়ে মুম্বাই আৰক্ষীৰ সৈতে যৌথ অভিযান চলাই দেওবাৰে গ্ৰেপ্তাৰ কৰে অভিযুক্তক ঢাকদ্ৰাম বিষ্ণৈক ৷

Mumbai police arrested the accused from Rajasthan who sent Salman Khan threatening email
গ্ৰেপ্তাৰ হ’ল ছলমান খানক ইমেইলযোগে ভাবুকি প্ৰদান অভিযুক্ত

চিটাৰা ডেস্ক, 27 মাৰ্চ: অৱশেষত গ্ৰেপ্তাৰ হ’ল বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানলৈ ভাবুকিপূৰ্ণ ইমেইল প্ৰেৰণ কৰা ব্যক্তিজনক (Salman khan)। এই গোচৰৰ তদন্তৰ সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে ৰাজস্থানৰ যোধপুৰত ২১ বছৰীয়া এজন যুৱকক আটক কৰিছে (Salman Khan threat case)।

ৰাজস্থান আৰক্ষীৰ সৈতে যৌথ অভিযানত মুম্বাই আৰক্ষীয়ে এই লোকজনক যোধপুৰৰ পৰা আটক কৰে ৷ অধিক তথ্যৰ বাবে বৰ্তমান আটকাধীন লোকজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে । ১৮ মাৰ্চত ইমেইল যোগে ছলমান খানক ভাবুকি প্ৰদান কৰিছিল ৷ ভাবুকি লাভ কৰাৰ পিচতে বান্দ্ৰা আৰক্ষীয়ে এফআইআৰ ৰুজু কৰি অভিনেতাজনৰ নিৰাপত্তা বৃদ্ধি কৰিছিল (Salman Khan threat case update) ।

যোধপুৰৰ লুনি আৰক্ষী থানাৰ ষ্টেচন হাউচ বিষয়া (SHO) ইশ্বৰ চান্দ পাৰিকে জনোৱা মতে, যোৱা ১৮ মাৰ্চত মুম্বাইৰ বান্দ্ৰা থানাত ছলমান খানক হত্যাৰ ভাবুকি দিয়াৰ গোচৰ ৰুজু হৈছিল । ইয়াৰ পিচতে গোচৰৰ ক্ষীপ্ৰতৰ তদন্ত আৰম্ভ কৰিছিল মুম্বাই আৰক্ষীয়ে । আৰক্ষীৰ তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি ইমেইলটো ৰাজস্থানৰ যোধপুৰৰ পৰা ছলমান খানলৈ প্ৰেৰণ কৰা হৈছিল (Salman Khan threat case accuse arrested) ।

এই তথ্য লাভ কৰাৰ পিচতে লগে লগে আৰক্ষীয়ে এই বিষয়ে যোধপুৰ আৰক্ষীক অৱগত কৰে । ইয়াৰ পিচতে অধিক তদন্তত প্ৰকাশ পোৱা তথ্য অনুসৰি, ইমেইলটো যোধপুৰৰ ছিয়াগোৰ ধানীৰ বাসিন্দা ঢাকদ্ৰাম বিষ্ণৈ নামৰ এজন ব্যক্তিয়ে প্ৰেৰণ কৰা বুলি অভিযোগ উত্থাপন হৈছিল । ইয়াৰ পিচতে আৰক্ষীয়ে অভিযুক্তক বিচাৰি আৰম্ভ কৰে তদন্ত ৷ দেওবাৰে যোধপুৰ আৰক্ষীয়ে বান্দ্ৰা থানাৰ উপ-পৰিদৰ্শক বজৰং জগতাপৰ সৈতে যৌথ অভিযান আৰম্ভ কৰি ঢাকদ্ৰাম (২১)ক আটক কৰে ৷ সম্প্ৰতি আটকাধীন অভিযুক্ত ঢাকদ্ৰামক মুম্বাই লৈ আহিছে আৰক্ষীয়ে (Salman Khan threat case accuse) ।

ষ্টেচন হাউচ বিষয়া ঈশ্বৰ চান্দ পাৰিকে জনোৱা মতে, ইয়াৰ পূৰ্বে সদৰ মানছা থানাত ৰুজু হোৱা এটা গোচৰত পঞ্জাৱ আৰক্ষীৰ দলটোও ঢাকদ্ৰামৰ সন্ধানত ৰাজস্থানলৈ আহিছিল । অভিযুক্তই পাঞ্জাবী কণ্ঠশিল্পী সিদ্ধু মুছেৱালাৰ পিতৃলৈও ইমেইল প্ৰেৰণ কৰিছিল, য’ত তেওঁক মৃত্যুৰ ভাবুকি দিয়া হৈছিল । এই অভিযুক্ত ঢাকদ্ৰামৰ বিৰুদ্ধে অস্ত্ৰ আইনৰ অধীনত এক গোচৰ ৰুজু কৰা হৈছে (Salman Khan threatening email) ।

লগতে পঢ়ক: Salman Khan threat mail from Bishnoi revealed: মেইলত কি বুলি ভাবুকি প্ৰদান কৰিছিল লৰেন্স বিষ্ণৈ গেঙে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.