KL Rahul Athiya Shetty: আথিয়া শেট্টীক কে এল ৰাহুলৰ বেড লাক আখ্যা নেটিজেনৰ

author img

By

Published : Nov 11, 2022, 1:35 PM IST

KL Rahul Athiya Shetty

টি-20 ত কে এলৰ প্ৰদৰ্শনক লৈ আথিয়াক ট্ৰ’ল কৰিছে নেটিজেনে ৷ টি-20 বিশ্বকাপত ইংলেণ্ডৰ হাতত টীম ইণ্ডিয়াৰ অপমানজনক পৰাজয়ত মানুহ স্তম্ভিত হৈ পৰিছে আৰু এতিয়া ছ’চিয়েল মিডিয়াত কে এল ৰাহুল আৰু তেওঁৰ প্ৰেমিকা আথিয়া শেট্টীক লক্ষ্য কৰি লৈছে ।

চিটাৰা ডেস্ক, 11 নৱেম্বৰ : 2022 চনৰ টি-20 বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে অপমানজনক পৰাজয় লাভ কৰে টীম ইণ্ডিয়াই । ছেমি ফাইনেল খেলখনত ইংলেণ্ডে টীম ইণ্ডিয়াক 10 উইকেটত পৰাজিত কৰে । এই গুৰুত্বপূৰ্ণ খেলখনত ৰোহিত শৰ্মা আৰু কে এল ৰাহুল, এই উদ্বোধনী যুটিৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে বিপক্ষ দলটোক ডাঙৰ টাৰ্গেট দিব নোৱাৰিলে ভাৰতীয় ক্ৰিকেট দলে । টীম ইংলেণ্ডে এটাও উইকেট নেহেৰুৱাকৈ টীম ইণ্ডিয়াক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে । এতিয়া এই লজ্জাজনক পৰাজয়ৰ পিছত টীম ইণ্ডিয়াৰ অ’পেনাৰ কে এল ৰাহুল আৰু তেওঁৰ প্ৰেমিকা তথা বলীউডৰ অভিনেত্ৰী আথিয়া শেট্টীক ছ’চিয়েল মিডিয়াত তীব্ৰভাৱে ট্ৰ’ল কৰা হৈছে ।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে কে এল ৰাহুল আৰু আথিয়া শেট্টীৰ ফটো, য’ত ছেমি ফাইনেল খেলখনৰ পূৰ্বে টীম ইণ্ডিয়াৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণ কৰা দেখা গৈছে আথিয়াক । টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় আৰু বিৰাট কোহলীকো এই ফটোখনত দেখা গৈছে ।

এতিয়া ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে এই ছবিখন ছ’চিয়েল মিডিয়াত ভাইৰেল কৰি কৈছে যে আথিয়া ক্ৰিকেটাৰ কে এল ৰাহুলৰ বাবে ‘বেড লাক’ বুলি প্ৰমাণিত হ’ল ।

KL Rahul Athiya Shetty
আথিয়া শেট্টীক কে এল ৰাহুলৰ বেড লাক আখ্যা নেটিজেনৰ

টীম ইণ্ডিয়াৰ পৰাজয়ত ক্ষুব্ধ ব্যৱহাৰকাৰীসকলে টুইটাৰত কে এল ৰাহুল আৰু আথিয়াক তীব্ৰভাৱে লক্ষ্য কৰি লৈছে । দুয়োকে আক্ৰমণ কৰি বহু মিম শ্বেয়াৰ কৰা হৈছে আৰু বহু ইউজাৰে আথিয়াক কে এল ৰাহুলৰ বাবে দুৰ্ভাগ্য বুলি অভিহিত কৰিছে ।

শেহতীয়াকৈ কে এল ৰাহুলক প্ৰেমিকা আথিয়াৰ জন্মদিন উপলক্ষে অষ্ট্ৰেলিয়াত বজাৰ কৰা দেখা গৈছিল । কে এলে নিজেই ভিডিঅ’ আৰু ছবি শ্বেয়াৰ কৰিছিল । এই প্ৰেমিক যুটিৰ বিবাহৰ আলোচনা পূৰ্ণগতিত চলি আছে ।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি যদি টীম ইণ্ডিয়াই টি-20 বিশ্বকাপৰ খিতাপ দখল কৰিলেহেঁতেন তেন্তে এই বছৰতে দুয়ো বিবাহপাশত আবদ্ধ হ’লহেঁতেন । কিন্তু এতিয়া এই লজ্জাজনক হাৰৰ পিছত দুয়োৰে বিয়া সম্পৰ্কে একো মন্তব্য কৰিব নোৱাৰি ৷ টীম ইণ্ডিয়াৰ এই লজ্জাজনক পৰাজয়ৰ বাবে দেশবাসীৰ সপোন ভাঙি ৰ’ল ।

লগতে পঢ়ক : গুগলে অভিনেত্ৰী বিদ্যা বালানক দিলে এই ধেমেলীয়া উত্তৰ,চাওক ভিডিঅ'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.