ফেমিনা মিছ ইণ্ডিয়া 2022ৰ মুকুট কৰ্ণাটকৰ সিনি শেট্টীলৈ

author img

By

Published : Jul 4, 2022, 11:25 AM IST

Femina Miss India 2022

দেওবাৰে মুম্বাইত অনুষ্ঠিত ভিএলচিচি ফেমিনা মিছ ইণ্ডিয়াৰ গ্ৰেণ্ড ফিনালেত কৰ্ণাটকৰ জীয়ৰী সিনি শেট্টীয়ে ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২২ খিতাপ জয় কৰে ৷

চিটাৰা ডেস্ক, 4 জুলাই : কৰ্ণাটকৰ সিনি শেট্টীক দেওবাৰে মুম্বাইৰ জিঅ' ৱৰ্ল্ড কনভেনচন চেণ্টাৰত ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২২ ৰ মুকুট পিন্ধোৱা হয় (Femina Miss India 2022) । সিনি শেট্টীৰ সৈতে দেশখনে বছৰটোৰ নতুন বিউটি কুইন লাভ কৰে, তেওঁলোক ক্ৰমে ফেমিনা মিছ ইণ্ডিয়া 2022 প্ৰথম ৰানাৰ আপ ৰুবাল শ্বেখাৱত আৰু দ্বিতীয় ৰানাৰ আপ শিনাতা চৌহান ।

দেওবাৰে ফেমিনা মিছ ইণ্ডিয়াৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত ফেমিনা মিছ ইণ্ডিয়া 2022ৰ বিজয়ীসকলৰ কথা ঘোষণা কৰা হয় ৷ শিৰোনামত লিখা হৈছিল, "অভিনন্দন, এই মহিলাসকলৰ এক শক্তিশালী কণ্ঠস্বৰ আছে আৰু আমি নিশ্চিতভাৱে বিশ্বাস কৰো যে তেওঁলোক প্ৰকৃততেই এই খিতাপৰ যোগ্য" ৷

Femina Miss India
ফেমিনা মিছ ইণ্ডিয়া 2022

ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড 2022 ৰ খিতাপ লাভ কৰা সিনি শেট্টী কৰ্ণাটকৰ (Femina Miss India 2022 Winner name) । ২১ বছৰীয়া বিউটি কুইনগৰাকীৰ জন্ম মুম্বাইত হৈছিল আৰু তেওঁৰ একাউণ্টিং আৰু ফাইনেন্সত স্নাতক ডিগ্ৰী আছে । বৰ্তমানে তেওঁ চিএফএ নামৰ এটা বৃত্তিমূলক পাঠ্যক্ৰম কৰি আছে । আমাৰ নতুন সৌন্দৰ্য ৰাণী গৰাকী এগৰাকী প্ৰশিক্ষিত ভাৰতনাট্যম নৃত্যশিল্পী ।

ফেমিনা মিছ ইণ্ডিয়াৰ প্ৰথম ৰানাৰ-আপ ৰুবাল শ্বেখাৱতে ৰাজস্থান, ইয়াৰ সংস্কৃতি, ঐতিহ্য আৰু ৰাজকীয়তা প্ৰতিনিধিত্ব কৰে (Femina Miss India 2022 first runner up)। নৃত্য, অভিনয় আৰু চিত্ৰাংকনকে ধৰি বিভিন্ন ক্ষেত্ৰত গভীৰ আগ্ৰহ থকা ৰুবালে বেডমিণ্টন খেলি ভাল পায় ।

ফেমিনা মিছ ইণ্ডিয়া ২০২২ ৰ দ্বিতীয় ৰানাৰ আপৰ মুকুট পিন্ধা শিনাতা চৌহান উত্তৰ প্ৰদেশৰ জীয়ৰী Femina Miss India 2022 second runner up) । তেওঁ শৈক্ষিক ক্ষেত্ৰত এগৰাকী পণ্ডিত আৰু তেওঁৰ নেতৃত্ব দিব পৰা গুণাগুণো আছে ।

সিনি শেট্টীৰ জয়ে কৰ্ণাটক ৰাজ্যলৈ আনন্দৰ ঢৌ বোৱাই আনিছে ৷ এই জয়ে আন এক গৌৰৱময় অধ্যায় দিলে কৰ্ণাটকবাসীক, কিয়নো সিনিৰ আগত কৰ্ণাটকৰ পৰা লাৰা দত্ত, ছাৰাহ জেন ডিয়াছ, সন্ধ্যা চ্ছিব, নাফিছা জোছেফ, ৰেখা হাণ্ডে আৰু লিমাৰাইনা ডিচুজাই ৰাজ্যখনৰ অন্যতম সুন্দৰী হিচাপে পৰিচয় লাভ কৰিছিল ।

লগতে পঢ়ক : চুইমিং পুলত ক’লা মনকিনীত জেনিফাৰ উইংগেটৰ হট লুক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.