Kamal Haasan health news: নিয়মীয়া পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ গৈছিল অভিনেতা কমল হাছান

author img

By

Published : Nov 24, 2022, 1:15 PM IST

Kamal Haasan

দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ চুপাৰষ্টাৰ কমল হাছানৰ স্বাস্থ্য সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ । স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে কমল হাছানক চেন্নাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু এতিয়া অভিনেতাজনক ঘৰলৈ প্ৰেৰণ কৰা হৈছে ।

চিটাৰা ডেস্ক, 24 নৱেম্বৰ : দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ চুপাৰষ্টাৰ কমল হাছানৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য ওলাইছে । কমল হাছানৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ পিছত 24 নৱেম্বৰৰ ৰাতিপুৱা চেন্নাইৰ এখন ব্যক্তিগত চিকিৎসালয় শ্ৰী ৰামচন্দ্ৰ চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিল (Kamal Haasan health news) । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, অভিনেতাজনক নিয়মীয়া পৰীক্ষাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । শেহতীয়া আপডেট অনুসৰি, 68 বছৰীয়া অভিনেতাজনক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে আৰু ঘৰলৈ প্ৰেৰণ কৰা হৈছে । চিকিৎসকে অভিনেতাজনক সম্পূৰ্ণ বিশ্ৰাম ল'বলৈ পৰামৰ্শ দিছে । কমলক যোৱা নিশা অস্বস্তিত ভোগাৰ পিছত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু মৃদু জ্বৰতো তেওঁ ভূগি আছিল ।

অভিনেতাজনৰ ৱৰ্কফ্ৰন্ট

ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে কমল হাছানে বৰ্তমান প্ৰবীণ দক্ষিণ পৰিচালক এছ শংকৰৰ ছবি ‘ইণ্ডিয়ান 2’ৰ বাবে প্ৰস্তুতি চলাই আছে । ইয়াৰ উপৰিও হিট ৰিয়েলিটী শ্ব’ ‘বিগ বছ তামিল’ত ব্যস্ত । ইয়াৰ সমান্তৰালকৈ ৰাজনীতিতো সক্ৰিয় অভিনেতাগৰাকী ।

অভিনেতাজনে অলপতে তেওঁৰ পৰামৰ্শদাতা আৰু বিখ্যাত পৰিচালক কে. বিশ্বনাথক হায়দৰাবাদত তেওঁৰ ঘৰত লগ কৰিবলৈ গৈছিল । দুয়োজনৰ বৈঠকৰ এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল, যিখন কমলে নিজেই ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল ।

ইয়াৰ উপৰিও কমল হাছানে শেহতীয়াকৈ দক্ষিণৰ আন এজন প্ৰবীণ পৰিচালক মণিৰত্নমৰ সৈতে এটা নতুন প্ৰকল্প (কে এইচ 234)ৰ বাবে পুনৰ মিলন হোৱাৰ কথা ঘোষণা কৰিছিল । কোৱা হৈছে যে 2024 চনত এই ছবিখন পৰ্দাত মুক্তি পাব ।

কমল হাছানক দেখা গৈছিল লোকেশ কানাগৰাজৰ ছবি ‘বিক্ৰম’ত । ছবিখনে বক্স অফিচত আতংকৰ সৃষ্টি কৰিছিল । এই ছবিখনত কমল হাছানক অতি শক্তিশালী চৰিত্ৰত দেখা গৈছিল । দক্ষিণৰ অভিনেতা ফাহাদ ফাছিলেও ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল ।

লগতে পঢ়ক : অভিনেতা বিক্ৰম গোখালেৰ স্বাস্থ্যৰ অৱনতি, ভুৱা বাতৰি প্ৰচাৰ নকৰিবলৈ জীয়েকৰ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.