টৰণ্ট’ ফিল্ম ফেষ্টিভল 2022ত প্ৰিমিয়াৰ হ’ব ৰীমা দাসৰ Tora‘s Husband

author img

By

Published : Aug 5, 2022, 2:18 PM IST

Etv Bharatassamese film to premiere at toronto film festival 2022

বিখ্যাত পৰিচালক ৰীমা দাসৰ ছবি Tora‘s Husband ৰ ৱৰ্ল্ড প্ৰিমিয়াৰ হ’ব টৰণ্ট’ ফিল্ম ফেষ্টিভল 2022ত ৷ ছেপ্তেম্বৰ মাহত টৰন্ট’ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ সন্মানীয় প্লেটফৰ্ম শিতানত প্ৰদৰ্শিত হ’বলগীয়া প্ৰথমখন ভাৰতীয় ছবি হিচাপে পৰিগণিত হৈছে Tora‘s Husband ৷

চিটাৰা ডেস্ক, 5 আগষ্ট : অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে এক সুখবৰ ৷ বাৰে বাৰে অসমীয়াক গৰ্বিত হ’বলৈ সুযোগ দিয়া ৰীমা দাসে পুনৰ এবাৰ প্ৰমাণ কৰিলে অসমীয়া চিনেমাৰ মৰণ নাই ৷ তেওঁৰ আন এখন নতুন অসমীয়া ছবি Tora‘s Husband ৰ World Premiere হ’ব টৰণ্ট’ ফিল্ম ফেষ্টিভল 2022ত ৷

অনুষ্ঠিত হ’বলৈ লোৱা টৰন্ট’ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ এইয়া 47 সংখ্যক সংস্কৰণ ৷ TIFF 2022 ত Tora‘s Husband অন্য 9 খন ছবিৰে সৈতে ‘Platform’ শাখাত ৱৰ্ল্ড প্ৰিমিয়াৰ হ’ব ৷ ‘Platform’ শাখাত প্ৰিমিয়াৰৰ বাবে বিশ্বৰ মুঠ 10 খন ছবি বাছনি কৰা হৈছে ৷ তাৰ মাজত অসমীয়া ছবিখনে স্থান পোৱাটো স্থান দখল কৰাটো নিশ্চয়কৈ প্ৰতিজন অসমবাসীৰে বাবে গৌৰৱৰ বিষয় ৷

ৰীমা দাসৰ পূৰ্ণদৈৰ্ঘ্যৰ ছবি Village Rockstars ২০১৭ চনত TIFF ত বিশ্ব প্ৰিমিয়াৰ হৈছিল ৷ ছবিখনে আন্তঃৰাষ্ট্ৰীয়ভাৱে প্ৰশংসা লাভ কৰিছিল । তাৰ ঠিক পিছৰ বছৰতে তেওঁৰ পৰৱৰ্তী ছবি Bulbul Can Sing য়েও TIFFত বিশ্বব্যাপী আত্মপ্ৰকাশ কৰে । টৰণ্ট’ ফিল্ম ফেষ্টিভল 2022ত এইবাৰ তৃতীয়বাৰৰ বাবে তেওঁৰ ছবিৰ World Premiere হ’ব ৷ ভাৰতৰ পৰা নিৰ্বাচিত হোৱা এইখন একমাত্ৰ ছবি ।

ছবিখনত দাসে ক’ভিড-১৯ মহামাৰীৰ মাজত জীয়াই থকা আৰু কাম কৰাৰ ব্যক্তিগত যাত্ৰাৰ প্ৰতিফলন ঘটাইছে । "এজন মৰমিয়াল পিতৃয়ে সৰু চহৰখনতে নিজৰ ব্যৱসায়টোক জীয়াই ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰিছে আৰু মহামাৰীৰ সময়ত ব্যক্তিগত ক্ষতি আৰু লকডাউনৰ মাজত তেওঁৰ সকলোৰে সৈতে সম্পৰ্কবোৰ অৱনতি ঘটিছে", এই পটভূমিতেই আগবাঢ়ে ছবিখনৰ কাহিনীভাগ ৷

“বিগতে দুবছৰে লোকচান, লকডাউন আৰু জীৱনৰ ঘাট-প্ৰতিঘাটৰ মাজত আমি বাস্তৱ ঘটনা, স্থান আৰু প্ৰাকৃতিক পৰিস্থিতিৰ মাজত ছবিখনৰ শ্বুটিং শেষ কৰিলোঁ । মোৰ আগৰ ছবিবোৰৰ শ্বুটিঙৰ তুলনাত এই ছবিখনৰ শ্বুটিং অধিক প্ৰত্যাহ্বানজনক আছিল কাৰণ মহামাৰীয়ে আমাক বহু দিশত বাধা প্ৰদান কৰিছিল”, এই মন্তব্য কৰে ৰীমা দাসে ৷ ১৬০ মিনিট দৈৰ্ঘ্যৰ এই ছবিখন মহামাৰীৰ সময়ত হেৰুওৱা পিতৃ ভাৰত চন্দ্ৰ দাসৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন বুলি উল্লেখ কৰিছে ৰীমাই । “চলচ্চিত্ৰখনৰ শ্বুটিঙৰ প্ৰথম দিনকেইটাতে দেউতাক হেৰুৱাছিলো । এই ছবিখন মই মোৰ দেউতাৰ লগতে ক’ৰণা মহামাৰীৰ সময়ত নিজৰ আপোনজনক হেৰুওৱা সকলোকে উৎসৰ্গা কৰিছো", দাসে লগতে কয় ।

উল্লেখযোগ্য যে ৮ ছেপ্টেম্বৰৰ পৰা ১৮ ছেপ্টেম্বৰলৈ এই মহোৎসৱ অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক : Culture Event in Thailand: থাইলেণ্ডত পৰিৱেশন অসমৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.