ETV Bharat / entertainment

কাঁ মহোৎসৱত সমাদৃত আইমী বৰুৱাৰ 'চেমখৰ'

author img

By

Published : May 24, 2022, 5:03 PM IST

কাঁ চলচ্চিত্র মহোৎসৱৰ ‘কাণ্ট্ৰী অৱ্ অনাৰ’ৰ ইণ্ডিয়ান পেভেলিয়নত ‘চেমখৰ’ সন্দৰ্ভত বক্তব্য আগবঢ়ালে আইমী বৰুৱাই (Aimee Baruah at Cannes film festival 2022)। আন্তর্জাতিক সংবাদ মাধ্যমৰ লগতে বিশ্বৰ চলচ্চিত্ৰ অনুৰাগীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিলে ‘চেমখৰ’ৰ নিৰ্মাতাগৰাকীয়ে । উক্ত অনুষ্ঠানতে আইমী বৰুৱাৰ নতুন তথ্যচিত্র ‘স্ক্রিমিং বাটাৰফ্লাইছ'ৰ পোষ্টাৰ আৰু ট্রেইলৰ মুকলি কৰা হয় ।

assamese actress aimee baruah
কাঁ চলচ্চিত্ৰ মহোৎসৱত আইমী বৰুৱা

গুৱাহাটী,২৪ মে': কাঁ চলচ্চিত্র মহোৎসৱত অংশ ল’লে অসমীয়া ছবিজগতৰ মোহময়ী অভিনেত্ৰী আইমী বৰুৱাই (Aimee Baruah at Cannes film festival 2022) ৷ বিশ্বৰ চলচ্চিত্রৰ প্ৰতি সন্মান জনাই অনুষ্ঠিত কৰা এই সন্মানীয় কাঁ চলচ্চিত্ৰ মহোৎসৱত অংশ লৈ সমগ্ৰ অসমলৈ সুনাম কঢ়িয়াই আনিলে আইমী বৰুৱাই ৷ অভিনেত্রী তথা চিত্ৰ নির্মাতা আইমী বৰুৱাৰ বহু চৰ্চিত ‘চেমখৰ’ ছবিখনে বিশেষ সমাদৰ লাভ কৰিলে মহোৎসৱত (Assamese actress at Cannes 2022) ৷

‘চেমখৰ’ ছবিখনৰ বিষয়ে জানিবলৈ আন্তর্জাতিক সংবাদ মাধ্যমৰ লগতে বিশ্বৰ চলচ্চিত্ৰ অনুৰাগীসকলে বিশেষভাৱে আগ্ৰহ প্ৰকাশ কৰিছিল । উল্লেখযোগ্য যে, কাঁ চলচ্চিত্র মহোৎসৱৰ ‘কাণ্ট্ৰী অৱ্ অনাৰ’ৰ ইণ্ডিয়ান পেভেলিয়নত আইমী বৰুৱাই ‘চেমখৰ’ সন্দৰ্ভত ১০ মিনিট সময় ভাষণ প্ৰদান কৰিছিল (Aimee Baruah movie Semkhor ) । তাত উপস্থিত আছিল বিশ্বৰ চলচ্চিত্ৰপ্ৰেমীৰ লগতে আন্তর্জাতিক সংবাদ মাধ্যমৰ প্ৰতিনিধি । উক্ত অনুষ্ঠানত প্ৰদৰ্শন কৰা চেমখৰৰ ট্ৰেইলাৰে মুগ্ধ কৰে উপস্থিত সকলোকে ৷

assamese actress aimee baruah
কাঁ চলচ্চিত্ৰ মহোৎসৱত আইমী বৰুৱা

লক্ষণীয় বিষয় যে ডিমাচা ভাষাত নির্মিত চেমখৰৰ বিষয়ে জানিবলৈ উদগ্ৰীৱ হৈ পৰিছিল কাঁ চলচ্চিত্ৰত মহোৎসৱত উপস্থিত আন্তর্জাতিক সংবাদ মাধ্যমৰ লগতে বিশ্বৰ চলচ্চিত্র জগতৰ বিভিন্ন দিশৰ ভালেসংখ্যক খ্যাতনামা ব্যক্তি । বিশেষকৈ ‘চেমখৰ’ নিৰ্মাণৰ আঁৰৰ কাহিনী জানিব বিচাৰিছিল তেওঁলোকে ৷ ‘চেমখৰ' নিৰ্মাণৰ ক্ষেত্ৰত অহা প্ৰত্যাহ্বান আৰু এই প্ৰত্যাহ্বান কেনেকৈ পাৰ কৰিছিল আদি সকলো বিষয়ত বক্তব্য ৰাখিছিল আইমী বৰুৱাই ৷

assamese actress aimee baruah
কাঁ চলচ্চিত্ৰ মহোৎসৱত আইমী বৰুৱা

উল্লেখ্য যে, কাঁ চলচ্চিত্র মহোৎসৱৰ সৈতে সংলগ্ন এখন মঞ্চত চলচ্চিত্র নির্মাতা অথবা এই ক্ষেত্ৰখনৰ সৈতে জড়িত ব্যক্তিয়ে বক্তব্য ৰখাৰ সুবিধা পোৱাটো পৰম সৌভাগ্যৰ কথা । লক্ষণীয় বিষয় যে ভাৰতত ৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ মহোৎসৱ আৰু ভাৰতীয় পেনোৰামাক সৰ্বোচ্চ স্থান দিয়া হয় । বিগত বৰ্ষত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত নোহোৱা বাবে ভাৰতীয় পেনোৰামাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান আঁজুৰি অনা ‘চেমখৰ’ সন্দৰ্ভত কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ইণ্ডিয়ান পেভেলিয়নত বক্তব্য ৰখাৰ বাবে ভাৰত চৰকাৰৰ পৰা আনুষ্ঠানিকভাৱে চিনেমাখনৰ নিৰ্মাতা আইমী বৰুৱাক বাছনি কৰা হৈছিল ।

assamese actress aimee baruah
কাঁ চলচ্চিত্ৰ মহোৎসৱত আইমী বৰুৱা

ইপিনে উক্ত অনুষ্ঠানতে আইমী বৰুৱাৰ নতুন তথ্যচিত্র ‘স্ক্রিমিং বাটাৰফ্লাইছ' (Screaming Butterflies)ৰ পোষ্টাৰ আৰু ট্রেইলাৰ মুকলি কৰা হয় (Aimee baruah new movie) । ২৯ মে'ত হ’বলগীয়া মুম্বাইৰ আন্তর্জাতিক চলচ্চিত্র মহোৎসৱৰ প্ৰতিযোগিতা শাখাৰ বাবে ইতিমধ্যে নির্বাচিত হোৱা স্ক্রিমিং বাটাৰফ্লাইছৰ পোষ্টাৰ মুকলি কৰে ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব অপূর্ব চন্দ্রাই ।

ইপিনে কাঁ চলচ্চিত্র মহোৎসৱত ‘চেমখৰ’ৰ বিষয়ে বক্তব্য দাঙি ধৰাৰ সুবর্ণ সুযোগ লাভ কৰা সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰি আইমী বৰুৱাই কয় যে, "সঁচা অৰ্থত মই অভিভূত হৈ পৰিছোঁ" । তেওঁ লগতে কয় যে, "ৱৰ্ল্ড মিডিয়া তথা বিশ্বৰ চলচ্চিত্র সমাজৰ সন্মুখত ‘চেমখৰ’ৰ বিষয়ে ক’বলৈ পাই যি সুখ অনুভৱ কৰিছোঁ তাতকৈ বেছি আচৰিত হৈছোঁ বিশ্বৰ চলচ্চিত্র সমাজে ‘চেমখৰ’ৰ বিষয়ে জানিবলৈ প্ৰকাশ কৰা প্রৱল আগ্রহত । এটা নতুন ভাষা, নতুন কথা, নতুন পৰম্পৰা, নতুন ঠাই আদিৰ বিষয়ে জানিবলৈ তেওঁলোকে যি ধৰণৰ উৎসুকতা প্ৰকাশ কৰিলে সেয়াই আছিল সপোনৰো অগোচৰ ৷ অসমত এতিয়াও এনেকুৱা ঠাই আছে নে নাই, সেই বিষয়ে জানিবলৈ তেওঁলোকৰ যি আগ্রহ সেয়া সঁচা অৰ্থত ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি । আমাৰ বাবে এয়াই হৈছে সর্বশ্রেষ্ঠ সন্মান, সর্বোচ্চ উপহাৰ" ৷

লগতে পঢ়ক: Octave Festival 2022: অক্টেভ উৎসৱৰ মঞ্চ কঁপালে অসমৰ বিহুৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.