সম্পত্তিৰ বিবাদক লৈ পুত্ৰই হত্যা কৰিলে অভিনেত্ৰী বীণা কাপুৰক

author img

By

Published : Dec 10, 2022, 12:08 PM IST

Actor Veena Kapoor murder news

প্ৰবীণ অভিনেত্ৰী বীণা কাপুৰক তেওঁৰ পুত্ৰই সম্পত্তি দখল কৰাৰ প্ৰচেষ্টাত হত্যা কৰে, এই তথ্য প্ৰকাশ কৰিছে আৰক্ষীয়ে । অভিযোগ অনুসৰি তেওঁৰ পুত্ৰ শচীন কাপুৰে মঙলবাৰে ৰাতিপুৱা তেওঁৰ ঘৰুৱা সহায়কৰ সহায়ত বেছবল বেটেৰে আঘাত কৰি মাতৃক হত্যা কৰে ।

চিটাৰা ডেস্ক, 10 ডিচেম্বৰ : জুহুত সম্পত্তিৰ বিবাদক লৈ 74 বছৰীয়া অভিনেত্ৰী মাতৃক হত্যা কৰিলে পুত্ৰই (Actor Veena Kapoor murder news) ৷ প্ৰাপ্ত খবৰ অনুসৰি অভিনেত্ৰী বীনা কাপুৰক হত্যা কৰি মাথেৰাণৰ পাহাৰীয়া ষ্টেচনৰ ওচৰত মৃতদেহটো পেলাই থৈ যায় পুত্ৰ শচীনে ৷ হত্যাৰ অভিযোগত 43 বছৰীয়া শচীনক গ্ৰেপ্তাৰ কৰা হৈছে ।

জুহু আৰক্ষীয়ে বুধবাৰে নেৰাল-মাথেৰাণ পথৰ কাষৰ এটা খাদৰ পৰা মৃত বীণা কাপুৰৰ মৃতদেহ উদ্ধাৰ কৰে বুলি এগৰাকী বিষয়াই জানিবলৈ দিয়ে ।

মঙলবাৰে পুৱা ঘৰুৱা সহায়কৰ সহায়ত বেছবলৰ বেটেৰে আঘাত কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে পুত্ৰ শচীন কাপুৰৰ বিৰুদ্ধে । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুয়োজন অভিযুক্তক ।

শচীন কাপুৰ, এজন নিবনুৱা শিক্ষক আৰু তেওঁৰ মাতৃয়ে এখন আদালতত সম্পত্তিক লৈ এটা গোচৰ তৰিছিল, এই তথ্য জানিবলৈ দিয়ে আৰক্ষী বিষয়াই । ঘটনাটোৰ পৰৱৰ্তী অনুসন্ধান চলি আছে ।

লগতে পঢ়ক : Stuntman Suresh: চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ সময়ত 20 ফুট তলত পৰি ষ্টান্টমেন সুৰেশৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.