ETV Bharat / entertainment

Aamir Khan-Reena Dutta: প্ৰাক্তন পত্নীৰ সৈতে দেখা গ’ল আমিৰ খানক; পাপাৰাজীৰ বাবে পোজ দিয়ে দুয়োগৰাকীয়ে

author img

By ANI

Published : Sep 14, 2023, 1:01 PM IST

শেহতীয়াকৈ আমিৰ খানক তেওঁৰ প্ৰাক্তন পত্নী ৰীনা দত্তৰ সৈতে দেখা গৈছিল । দুয়োগৰাকীক এখন গহনাৰ দোকানৰ বাহিৰত দেখা পোৱা গৈছিল ৷

Aamir Khan snapped with ex-wife Reena Dutta in Mumbai, check out pics
আমিৰ খানক তেওঁৰ প্ৰাক্তন পত্নী ৰীনা দত্তৰ সৈতে দেখা গৈছিল

চিটাৰা ডেস্ক, ১৪ ছেপ্টেম্বৰ: ১৯৮৮ চনত জুহি চাওলাৰ ৰোমান্টিক ছবি ‘কায়ামত সে কায়ামত তক’ৰ জৰিয়তে হিন্দী চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰিছিল বলীউডৰ অভিনেতা আমিৰ খান । কিন্তু অতি কম সংখ্যক লোকেহে জানে যে, অভিনেতা-পৰিচালকজন ৰাজ্যিক পৰ্যায়ৰ টেনিছ খেলুৱৈ আছিল । তেওঁৰ প্ৰাক্তন পত্নী ৰীনা দত্তকো ‘কায়ামত সে কায়ামত তক’ত বিশেষ উপস্থিতিত দেখা গৈছিল । শেহতীয়াকৈ মুম্বাইৰ বান্দ্ৰাত বলীউডৰ ছুপাৰষ্টাৰগৰাকী আৰু তেওঁৰ প্ৰাক্তন পত্নী ৰীনা দত্তক একেলগে দেখা পোৱা গৈছে ।

Aamir Khan snapped with ex-wife Reena Dutta in Mumbai, check out pics
আমিৰ খানক তেওঁৰ প্ৰাক্তন পত্নী ৰীনা দত্তৰ সৈতে দেখা গৈছিল

আমিৰ খানক তেওঁৰ প্ৰাক্তন পত্নী ৰীনা দত্তৰ সৈতে দেখাৰ লগে লগে পাপাৰাজীয়ে তেওঁলোকক কেমেৰাৰ বাবে পোজ দিবলৈ অনুৰোধ জনায় । ভিডিঅ’টোত আমিৰ খানে নীলা ৰঙৰ চুটি কুৰ্তা পৰিধান কৰা কেজুৱেল লুকত দেখা গৈছে, যিটো তেওঁ ক’লা পেণ্টৰ সৈতে যোৰ কৰিছিল । আনহাতে ৰীনা দত্তই বগা পেণ্টৰ সৈতে সাধাৰণ কুৰ্তা পৰিধান কৰিছিল । মুম্বাইৰ বান্দ্ৰাৰ এখন গহনা দোকানৰ পৰা ওলাই আহিছিল দুয়ো ৷ অৱশ্যে দোকানৰ বাহিৰত পাপাৰাজীৰ বাবে পোজ দিবলৈ কেইমিনিটমান ৰৈ তাৰ পিচত এখন ক’লা বাহনেৰে সেই স্থানৰ পৰা গুচি যায় ।

আমিৰ খান আৰু ৰীনা দত্তৰ বিষয়ে

অভিনেতাগৰাকীয়ে ১৯৮৬ চনত অভিনেত্ৰী-প্ৰযোজক ৰীনা দত্তৰ সৈতে বিবাহপাশত আবদ্ধ হয় । দুয়োৰে দুটি সন্তান আছে ৷ জুনেইদ খান আৰু ইৰা খান দুয়োগৰাকীৰ সন্তান । কিন্তু দুখৰ বিষয় যে দুয়োৰে বিবাহ বেছি দিন নিটিকিল ৷ ২০০২ চনৰ ডিচেম্বৰ মাহত আমিৰ খানে বিবাহ বিচ্ছেদৰ আবেদন দাখিল কৰে আৰু ১৬ বছৰীয়া বিবাহৰ অন্ত পেলায় । এটা পুৰণি সাক্ষাৎকাৰত খানে কৈছিল যে, বহু সময় অপেক্ষা কৰাৰ পিচত তেওঁ ৰীনা দত্তক নিজৰ প্ৰেমৰ প্ৰস্তাৱ দিছিল ।

Aamir Khan snapped with ex-wife Reena Dutta in Mumbai, check out pics
আমিৰ খানক তেওঁৰ প্ৰাক্তন পত্নী ৰীনা দত্তৰ সৈতে দেখা গৈছিল

আমিৰ খানৰ ৱৰ্ক ফ্ৰণ্ট

বহু দিনৰে পৰা ডাঙৰ পৰ্দাৰ পৰা আঁতৰি আছেৃ মিষ্টাৰ পাৰ্ফেকচনিষ্ট । ২০২২ চনত অভিনেতাগৰাকীক অদ্বৈত চন্দনৰ পৰিচালনাত নিৰ্মিত কমেডী ছবি ‘লাল সিং চাড্ডা’ত দেখা গৈছিল ৷ এই ছবিখনত কৰীণা কাপুৰ খান, দক্ষিণৰ তাৰকা নাগা চৈতন্য আৰু মোনা সিঙৰ সৈতে আমিৰ খানক দেখা গৈছিল । অৱশ্যে এই ছবিখন বক্স অফিচত বৰ বেয়াকৈ ফ্লপ হয় ৷ ইয়াৰ পিচৰে পৰা পৰ্দাৰ পৰা আঁতৰি পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰা দেখা পোৱা গৈছে অভিনেতাগৰাকীক ৷

লগতে পঢ়ক: Anurag Kashyap: শ্বাহৰুখ-ছলমানৰ সৈতে কিয় কাম নকৰে অনুৰাগ কাশ্যপে ? ক’লে পৰিচালকগৰাকীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.