ETV Bharat / entertainment

Ira khan weddding: শীঘ্ৰেই বিবাহপাশত আৱদ্ধ হ’ব আমিৰ খানৰ কন্যা

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 11:33 AM IST

Updated : Sep 14, 2023, 8:13 PM IST

বিবাহপাশত আৱদ্ধ হ’ব আমিৰ খানৰ কন্যা ইৰা খানে । ৩ জানুৱাৰীত শিখাৰেৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব ইৰা ৷ উদয়পুৰত অনুষ্ঠিত হ’বলগীয়া এই বিবাহ অনুষ্ঠান তিনিদিন ধৰি চলিব । কেৱল পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীহে বিয়াত উপস্থিত থাকিব ।

Aamir khan daughter Ira khan wedding Ira to tie a knot on 3 october with nupur shikhare
আমিৰ খানৰ কন্যাৰ বিয়া

চিটাৰা ডেস্ক, ১৪ ছেপ্টেম্বৰ: বিবাহপাশত আৱদ্ধ হ’ব বলীউডৰ ছুপাৰষ্টাৰ আমিৰ খানৰ কন্যা ইৰা খান । ২০২৪ চনৰ ৩ জানুৱাৰীত উদয়পুৰত নুপুৰ শিখৰেৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিব ইৰাই ৷ বিয়াৰ অনুষ্ঠান কিমান দিনলৈকে চলিব, বিয়াৰ অনুষ্ঠানত কোন কোন উপস্থিত থাকিব আৰু ছবি জগতৰ কিমান তাৰকাক নিমন্ত্ৰণ কৰা হ’ব, এই সকলোবোৰ তথ্য জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি, উদয়পুৰত বিবাহৰ পৰিকল্পনা কৰিছে ইৰাই । এয়া হ’ব তিনিদিনীয়া অনুষ্ঠান । কেৱল বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ লোকহে এই বিবাহ অনুষ্ঠানত উপস্থিত থাকিব । এইখন হ’ব সম্পূৰ্ণ ব্যক্তিগত বিবাহ অনুষ্ঠান, য’ত উপস্থিত নাথাকে কোনো ছবি জগতৰ লোক ।

লগতে জানিব পৰা মতে আমিৰ খান নিজৰ ২৬ বছৰীয়া কন্যাৰ বিবাহৰ বাবে অতিশয় উৎসাহিত হৈ পৰিছে । কন্যাৰ বিবাহৰ বাবে উৎফুল্লিত পিতৃ আমিৰ খান আৰু বিয়াৰ পৰিকল্পনাতো তেওঁ সম্পূৰ্ণৰূপে জড়িত হৈ পৰিছে ।

কেনেকৈ হৈছিল নুপুৰ-ইৰাৰ প্ৰথম সাক্ষাৎ ?

ইয়াৰ পূৰ্বে এক সাক্ষাৎকাৰত ইৰা খানে নুপুৰ শিখৰেক কেনেকৈ লগ পাইছিল সেই কথা মুকলি কৈছিল । নুপুৰ এজন ফিটনেছ ট্ৰেইনাৰ, সেয়েহে দুয়োৰে বন্ধুত্ব জিমতে গঢ়ি উঠিছিল । ইৰাই ক’লে, ‘‘মোৰ যেতিয়া বয়ত ১৭ বছৰ আছিল, তেতিয়া পোপেই (নুপুৰক মৰমেৰে পোপেই বুলি মাতে) মোক প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰিছিল । তেওঁ আছিল ছুপাৰফি ট। লাহে লাহে আমি বন্ধুত্ব গঢ়ি তুলিলোঁ আৰু পিছলৈ আমি ডেট কৰিবলৈ আৰম্ভ কৰিলোঁ ।’’

যোৱা বছৰৰ নৱেম্বৰ মাহত আঙুঠি পিন্ধোৱা পৰ্ব সম্পন্ন হৈছিল

যোৱা বছৰৰ নৱেম্বৰ মাহত আমিৰ আৰু ৰীণা দত্তৰ কন্যা ইৰা আৰু নুপুৰৰ বাগদান হৈছিল । বাগদানৰ পিচত এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছিল, য’ত সমগ্ৰ পৰিয়ালে অংশগ্ৰহণ কৰিছিল । ইৰাই ছ’চিয়েল মিডিয়াত নুপুৰৰ সৈতে বহুত ফটো শ্বেয়াৰ কৰি থকা পৰিলক্ষিত হয় ।

লগতে পঢ়ক: Ira Khan Depression: আমিৰ খানৰ কন্যা ইৰাই মুকলিকৈ ক’লে ডিপ্ৰেচনৰ কাৰণৰ কথা

Last Updated : Sep 14, 2023, 8:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.