Selena Gomez quits social media: কিহৰ বাবে চেলেনা গোমেজে ল’লে এই ডাঙৰ সিদ্ধান্ত ?

author img

By

Published : Feb 24, 2023, 4:24 PM IST

Selena Gomez quits social media after having most followers on Instagram

ছ’চিয়েল মিডিয়া ত্যাগ কৰিলে আটাইতকৈ অধিক ফল’ৱাৰ থকা মহিলা চেলিব্ৰিটি চেলেনা গোমেজে (Selena Gomez quits social media) ৷ কিন্তু হঠাৎ এনেকুৱা কি হ’ল যাৰ বাবে অধিক ফল’ৱাৰ থকা স্বত্বেও ছ’চিয়েল মিডিয়া এৰিবলগীয়া হ’ল চেলেনাই ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

চিটাৰা ডেস্ক,24 ফেব্ৰুৱাৰী: ইনষ্টাগ্ৰামত বৰ্তমান সময়ত আটাইতকৈ অধিক ফল’ৱাৰ থকা মহিলা চেলিব্ৰিটি হৈছে গায়িকা তথা অভিনেত্ৰী চেলেনা গোমেজ । তথ্য অনুসৰি আটাইতকৈ অধিক ফল’ৱাৰ থকা চেলিব্ৰিটি হোৱাৰ পিচতো শেহতীয়াকৈ চেলেনা গোমেজে হঠাৎ ছ’চিয়েল মিডিয়া ত্যাগ কৰিছে (Selena Gomez quits social media) । গায়িকাগৰাকীৰ ইনষ্টাগ্ৰামত ফল’ৱাৰ আছিল 382 মিলিয়ন ৷ কিন্তু 382 মিলিয়ন ফল’ৱাৰৰে চেলেনাই কাইলি জেনাৰক পৰাস্ত কৰিছিল ইনষ্টাগ্ৰামত ৷ ইনষ্টাগ্ৰামত চেলেনা গোমেজৰ 382 মিলিয়ন ফল’ৱাৰৰ বিপৰীতে কাইলিৰ আছে 380 মিলিয়ন ফল’ৱাৰ (Kylie Jenner Instagram followers)।

ইয়াৰ পূৰ্বে ইনষ্টাগ্ৰামত আটাইতকৈ বেছি ফল’ৱাৰ থকা মহিলা চেলিব্ৰিটি আছিল কাইলি । শেহতীয়াকৈ আন এটা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম টিকটকত চেলিনাই ঘোষণা কৰে যে, তেওঁ ইনষ্টাগ্ৰামৰ পৰা বিৰতি লৈছে । টিকটক এপ’ত লাইভ আহি চেলিনাই কয় যে, "মই বহুত সুখী, মই ধন্য । বিশ্বৰ শ্ৰেষ্ঠ বন্ধু আৰু শ্ৰেষ্ঠ অনুৰাগী আছে মোৰ লগত আৰু মোৰ কি লাগে ? মই যথেষ্ট সুখী ৷’’

তেওঁ লগতে কয়, "মই ভালেই আছোঁ, মই যিদৰে আছো তেনেকৈয়ে মই নিজকে ভাল পাওঁ, কোনোবাই মোক ভাল পাওক নাপাওক সেই বিষয়ে মই গুৰুত্ব নিদিও ৷ মই ছ'চিয়েল মিডিয়াৰ পৰা অলপ বিৰতি ল’ব খুজিছো ৷ মই জানো যে, মই 30 বছৰীয়া হ’লো গতিকে এইবোৰ কামে মোক শোভা নিদেয়ে ৷ হ’লেও মই কিছুদিনৰ বাবে ছ'চিয়েল মিডিয়াৰ পৰা বিৰতি লৈছো ৷ মই মোৰ অনুৰাগী তথা বন্ধু-বান্ধৱীসকলক বহুত ভাল পাওঁ ৷ গতিকে মই তোমালোকক অতি সোনকালে লগ পাম । মই মাত্ৰ সকলোৰে পৰা কিছুদিনৰ বাবে বিৰতি ল’ব খোজো ৷ "

চেলিনাই ছ’চিয়েল মিডিয়াৰ পৰা বিৰতি লোৱা কাৰ্য এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও কেইবাবাৰো তেওঁ নিজৰ মানসিক স্বাস্থ্যৰ কথা উল্লেখ কৰি ছ’চিয়েল মিডিয়াৰ পৰা বিৰতি লৈছিল । উল্লেখ্য় যে, গোমেজে শিশু টেলিভিছন ধাৰাবাহিক বাৰ্নি এণ্ড ফ্ৰেণ্ডছ (২০০২–২০০৪)ৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল (Most Followed Female On Instagram, Selena Gomez)।

পৰবৰ্তী সময়ত ডিজনী চেনেলৰ টেলিভিছন ধাৰাবাহিক উইজাৰ্ডছ অৱ ৱেভাৰলি প্লেচ (২০০৭–২০১২)ত এলেক্স ৰুছ’ৰ চৰিত্ৰত অভিনয় কৰি তেওঁ বিশিষ্টতা লাভ কৰে । গোমেজে আনদাৰ চিণ্ডেৰেলা ষ্ট’ৰী (২০০৮), উইজাৰ্ডছ অৱ ৱেভাৰলি প্লেচ: দ্য মুভি (২০০৯), ৰামোনা এণ্ড বিজুছ (২০১০), মণ্টে কাৰ্লো (২০১১), স্প্ৰিং ব্ৰেকাৰছ (২০১২), নেইবাৰ্ছ ২: ছ’ৰ’ৰিটি ৰাইজিং (২০১৬) আদি ছবিত অভিনয় কৰিছিল । ইফালে দ্য ডেড ডনট ডাই (২০১৯), আৰু হোটেল ট্ৰেন্সিলভেনিয়া চলচ্চিত্ৰ ফ্ৰেঞ্চাইজিত মেভিছৰ কণ্ঠদান (২০১২–২০২২) কৰিছিল ।

লগতে পঢ়ক: বিৰাট কোহলীৰ পৰা বিয়ঞ্চলৈকে সৰ্বাধিক Followers থকা ইনষ্টাগ্ৰামৰ শীৰ্ষ 15 গৰাকী তাৰকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.