ETV Bharat / crime

Nalbari Murder Case: নলবাৰী আৰক্ষীৰ জালত দুই হত্যাকাৰী

author img

By

Published : Apr 29, 2022, 6:55 PM IST

নলবাৰী আৰক্ষীৰ জালত দুই হত্যাকাৰী (Two murder accused arrest in Nalbari) । বিগত ২৩ এপ্ৰিলত এজন এছ এছ বি জোৱানক হত্যা কৰি নলবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত পেলাই থোৱাৰ অপৰাধত আৰক্ষীয়ে আটক কৰিলে দুই অপৰাধীক ৷

police-arrest-two-killers-in-nalbari-murder-case
নলবাৰী আৰক্ষীৰ জালত দুই হত্যাকাৰী

নলবাৰী, 29 এপ্ৰিল : যোৱা 23 এপ্ৰিলত নলবাৰীত সংঘটিত হোৱা এক হত্যাকাণ্ডৰ (Nalbari Murder Case) পম খেদি আৰক্ষীয়ে আটক কৰিলে দুই হত্যাকাৰীক (Two murder accused arrest in Nalbari) ৷ ঘটনা অনুসৰি, বিগত 23 এপ্ৰিলৰ পুৱা নলবাৰীৰ গণেশ মন্দিৰৰ সমীপত 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ হৈছিল শিৱনাথ মালাকৰ নামৰ এজন এছ এছ বি জোৱানৰ মৃতদেহ (Dead body recovered in Nalbari)। মৃতদেহটোৰ কাষতে উদ্ধাৰ হৈছিল AS 15 L 6667 নম্বৰৰ এখন স্কুটীও ৷

তথ্য অনুসৰি, প্ৰাতঃভ্ৰমণ কৰিবলৈ অহা এজন স্থানীয় লোকে প্ৰথমে জোৱানজনৰ মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷ কৰ্তব্যৰ পৰা ছুটী লৈ নিজ গৃহত 19 এপ্ৰিলত উপস্থিত হোৱা এছ এছ বি জোৱানজন পাঠশালাৰ ডুবি মালিপাৰা গাঁ‌ৱৰ নিৱাসী শিৱনাথ মালাকৰ 22 এপ্ৰিলৰ সন্ধিয়াৰ পৰাই হৈ আছিল নিখোজ ।

নলবাৰী আৰক্ষীৰ জালত দুই হত্যাকাৰী

23 এপ্ৰিলত এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁ‌তিত জোৱান জনৰ মৃতদেহ উদ্ধাৰৰ পিছতেই অঞ্চলটোত এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল ৷ এই ঘটনাৰ পিছতে জোৱানজনৰ পৰিয়ালৰ লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰি নলবাৰী সদৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছিল ।

এই গোচৰৰ আধাৰতেই বজালী জিলাৰ পাটাছাৰকুছিত আৰক্ষীয়ে অভিযান চলাই দুই হত্যাকাৰীক আটক কৰে ৷ আটকাধীন যুৱক দুজন বজালীৰ বেজেৰাপাৰৰ ভাৰ্গৱ কলিতা আৰু বিকাশ বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: নলবাৰীত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ স্কুটীসহ যুৱকৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.