ETV Bharat / city

মুখাশিল্পক জীয়াই ৰাখিবলৈ এদল কিশোৰৰ ব্যতিক্ৰমী প্ৰচেষ্টা ...

author img

By

Published : Aug 26, 2021, 2:03 PM IST

ভাওনা সংস্কৃতিৰ লগতে মুখাশিল্পক জীয়াই ৰাখিবলৈ একাংশ নৱপ্ৰজন্মই আহোপুৰুষাৰ্থ চেষ্টা কৰিছে ৷ আনুষ্ঠানিক প্ৰশিক্ষণ অবিহনেই ছয়জনীয়া কিশোৰৰ দলটিয়ে নিজ হাতেৰে নিৰ্মাণ কৰিছে মৎস্য, কুৰ্ম, নৰসিংহ, বৰাহ, হাতী, সৰ্প আদি অজস্ৰ মুখা । এই কিশোৰসকলৰ চেষ্টাত কিদৰে প্ৰাণ পাই উঠিছে মুখা শিল্প চাওঁক এই প্ৰতিবেদন...

exceptional-efforts-of-a-group-of-teenagers-to-preserve-the-mukha-silpa-etv-bharat-assam-news
মুখাশিল্পক জীয়াই ৰাখিবলৈ এদল কিশোৰৰ ব্যতিক্ৰমী প্ৰচেষ্টা ...

আমগুৰি, 26 আগষ্ট : মুখাশিল্প...অসমীয়া কলা সংস্কৃতিৰ অনবদ্য সৃষ্টি এই শিল্প ৷ সাধাৰণতে ভাওনা সংস্কৃতিৰ সৈতে জড়িত এই মুখাশিল্প । বৰ্তমান সাহিত্য সংস্কৃতিৰ ভঁৰাল চহকী কৰা এই শিল্পবোৰ লাহে লাহে নোহোৱা হ’বলৈ ধৰিছে ৷ কিন্তু একাংশ নৱপ্ৰজন্মই এই শিল্পক আগুৱাই নিবলৈ আপ্ৰাণ চেষ্টা কৰিছে ৷

উল্লেখ্য যে, সত্ৰপীঠ মাজুলীৰ চামগুৰি সত্ৰৰ মুখাশিল্প যেনেদৰে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত তেনেদৰে অসমৰ একাংশ নৱপ্ৰজন্মই ভাওনা সংস্কৃতিৰ লগত জড়িত হৈ মুখাশিল্পক জীয়াই ৰখাৰ অপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে । এই মুখা শিল্পৰ সৈতে সম্প্ৰতি জড়িত হৈ পৰিছে শিৱসাগৰ কালুগাঁৱৰ এদল কিশোৰ । আনুষ্ঠানিক প্ৰশিক্ষণ অবিহনেই ছয়জনীয়া কিশোৰৰ দলটিয়ে নিজ হাতেৰে নিৰ্মাণ কৰিছে মৎস্য, কুৰ্ম, নৰসিংহ, বৰাহ, হাতী, সৰ্প আদি অজস্ৰ মুখা ।

গুৰুজনাৰ সৃষ্ট শিল্প কৰ্মক ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ লৈ যোৱাৰ লগতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ সংকল্পৰে প্ৰতিষ্ঠা কৰিছে "গুৰু শংকৰ মুখা শিল্প" নামৰ মুখা নিৰ্মাণ প্ৰতিষ্ঠান । ইতিমধ্যে ভাওনা, ৰাস আদিত ব্যৱহাৰ কৰি সংস্কৃতিৱান অসমীয়াৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে কিশোৰৰ দলটোৱে ।

মুখাশিল্পক জীয়াই ৰাখিবলৈ এদল কিশোৰৰ ব্যতিক্ৰমী প্ৰচেষ্টা ...

শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট ইত্যাদি বিভিন্ন জিলাত ভাওনা প্ৰদৰ্শন কৰি সমাদৰ বুটলিবলৈ সক্ষম হৈছে কিশোৰৰ দলটিয়ে । ভাওনা সংস্কৃতিৰ লগতে মুখাশিল্পক জীয়াই ৰাখিবলৈ আহোপুৰুষাৰ্থ চেষ্টা কৰা এই দলটিৰ বাবে প্ৰাচীৰ হৈ থিয় দিছে আৰ্থিক ক্ষেত্ৰত । অতি কষ্টেৰে নিৰ্মাণ কৰি উলিওৱা মুখাসমূহ সংৰক্ষণৰ বাবে উপযুক্ত গৃহ নথকাত যিকোনো সময়তে নষ্ট হোৱাৰ সম্ভাৱনা আছে । যি সময়ত নৱ প্ৰজন্মই অসমীয়া সংস্কৃতিৰ প্ৰতি অৱহেলা কৰা বুলি এচামে অভিযোগ উত্থাপন কৰি আহিছে ৷ সেই সময়তে কালুগাঁওৰ এই শিল্প সুলভ মনৰ অধিকাৰী কিশোৰ কেইগৰাকীয়ে দেখুৱাইছে অনন্য নিদৰ্শন ।

অৱশ্যে ক'ভিড পৰিস্থিতিৰ বাবে আৰ্থিক সংকটতো ভূগিছে কিশোৰৰ দলটো । চৰকাৰে এইসকল শিল্পীৰ প্ৰতি সদয় দৃষ্টি দিয়াটো প্ৰয়োজন । অন্যথা বহু শিল্পী সময়ৰ বুকুত হেৰাই যাবলৈ বেছি পৰ নালাগিব । মাজুলীৰ চামগুৰি সত্ৰৰ মুখা শিল্পলৈ দুৰ্যোগ কঢ়িয়াই আনিছে মহামাৰী কৰ’ণা ভাইৰাছে । মাজুলীৰ চামগুৰি সত্ৰত এইবাৰ মুখা শিল্প চাবলৈ ভীৰ কৰা নাই দেশী-বিদেশী পৰ্যটকে ।

মাজুলীৰ পৰ্যটনস্থলী বুলি ক’লেই মনলৈ আহে বিশ্ববিখ্যাত চামগুৰি সত্ৰৰ মুখা শিল্পৰ কথা । চামগুৰি সত্ৰৰ মুখা শিল্পই ইতিমধ্যে প্ৰসাৰ লাভ কৰিছে সমগ্ৰ বিশ্বত । চামগুৰি সত্ৰত নিৰ্মাণ হোৱা মুখাসমূহ চাবৰ বাবে অসমৰ লগতে সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকে ভিৰ কৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক: বাৰিষাৰ ভৰা নৈ খোজকাঢ়ি পাৰ হ’বলগীয়া এটা বিশেষ অঞ্চল...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.