Fraud arrested: ৰিয়েল ষ্টেটৰ ৰিয়েলিটী ফাদিল; লক্আপত চাৰি প্ৰৱঞ্চক

author img

By

Published : Aug 2, 2022, 4:02 PM IST

Fraud arrested

অৰ্থনৈতিক অপৰাধ তদন্ত সংস্থাই সোমবাৰে শিৱসাগৰৰ পৰা গ্ৰেপ্তাৰ কৰে চাৰিটা প্ৰৱঞ্চকক (Fraud arrested by BIEO)৷ শিৱসাগৰত Response Real ESTATE & construction (p) Limited নামৰ এটা ভুৱা প্ৰতিষ্ঠান খুলি ২০০৯-২০১৪ চনলৈ টকা আত্মসাৎ কৰিছিল এই প্ৰৱঞ্চকৰ দলটোৱে ।

গুৱাহাটী, ২ আগষ্ট: অৰ্থনৈতিক অপৰাধ তদন্ত সংস্থাৰ জালত চাৰিটা প্ৰৱঞ্চক (Fraud arrested by BIEO)। ধৃত প্ৰৱঞ্চক কেইটা হৈছে শিৱসাগৰৰ বিকাশ বৰগোঁহাই, ৰিংকুমণি বৰা, ৰজনী গগৈ, দিবাকৰ বৰা । অৰ্থনৈতিক অপৰাধ তদন্ত সংস্থাই অভিযান চলায় সোমবাৰে শিৱসাগৰৰ পৰা গ্ৰেপ্তাৰ কৰে ধৃত প্ৰৱঞ্চক কেইটাক । মংগলবাৰে মহানগৰীৰ অৰ্থনৈতিক অপৰাধ তদন্ত সংস্থাৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে সংস্থাৰ এছ পি ৰূপজ্যোতি সন্দিকৈয়ে (Bureau Of Investigation Economic Offences)।

অৰ্থনৈতিক অপৰাধ তদন্ত সংস্থাৰ জালত চাৰিটা প্ৰৱঞ্চক

তেওঁ কয় যে, ২০২০চনত ১৯/২০২০ নম্বৰৰ এটা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে ধৃত প্ৰৱঞ্চক কেইটাক । শিৱসাগৰত Response Real ESTATE & construction (p) Limited নামৰ এটা ভুৱা প্ৰতিষ্ঠান খুলি ২০০৯-২০১৪ চনলৈ টকা আত্মসাৎ কৰিছিল এই প্ৰৱঞ্চকৰ দলটোৱে । প্ৰায় ১.৫কোটি টকা বিভিন্ন লোকৰ পৰা আত্মসাৎ কৰিছিল ব্যৱসায়ৰ নামত ।

বিশেষকৈ উজনি অসমৰ শিৱসাগৰ, যোৰহাট, লখিমপুৰ, গহপুৰ, নাৰায়ণপুৰ, লংকা আদি ঠাইৰ প্ৰায় ৫০০ লোকৰ পৰা মাটি দিম বুলি প্ৰৱঞ্চনাৰে ধন আত্মসাৎ কৰিছিল । অৱশেষত জালত পৰিল চাৰিওটা প্ৰৱঞ্চক ৷ অৱশ্যে সমগ্ৰ ঘটনাৰ অন্যতম মাষ্টাৰমাইণ্ড তথা কোম্পানীটোৰ পৰিচালন সঞ্চালক জ্যোতি গগৈ এতিয়াও পলাতক হৈ আছে ।

লগতে পঢ়ক : National Herald Case: দিল্লীৰ হেৰাল্ড বাতৰি কাকতৰ কাৰ্যালয়ত ইডিৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.