ভোগালীত মেজি নজ্বলা কেকেৰীকুছিৰ অভিশপ্ত ইতিহাস...

author img

By

Published : Jan 12, 2022, 8:19 PM IST

People do not celebrate Bhogali Bihu in Kekerikuchi

ৰাজ্যৰ চৌপাশে এতিয়া ভোগালীৰ উছাহ ৷ ভাগে ভাগে সকলো ব্যস্ত মেজি-ভেলাঘৰ সজাত আৰু চিৰা-পিঠা বনোৱাত ৷ সকলোৰে মনত অপাৰ আনন্দ(Bhogali Bihu celebration in Assam)৷ কিন্তু অসমৰ এখন গাঁৱৰ ৰাইজৰ মনত নাই ভোগালীৰ কোনো ৰং, কোনো আনন্দ ৷ বিগত 24 বছৰে ভোগালী বিহু আৰু উৰুকা পালন কৰা হোৱা নাই গাঁওখনত (People do not celebrate Bhogali Bihu in Kekerikuchi)৷ ভোগালী বিহু কেনেকৈ পালন কৰা হয় সেয়া স্বচক্ষে দেখা নাই এই গাঁওখনৰ শিশুবোৰেও ৷ ভোগালী মানে কেৱল চকুলোৰ বন্যা এওঁলোকৰ বাবে ৷ চাওক এক বিশেষ প্ৰতিবেদন ৷

ৰঙিয়া, 12 জানুৱাৰী : কেকেৰীকুছি, বৰ্তমান বাক্সা জিলাৰ অধীনৰ তামুলপুৰৰ এই গাঁওখনৰ ৰাইজৰ আজিও দুচকু সেমেকি উঠে ভোগালী বিহু আহিলে (People do not celebrate Bhogali Bihu in Kekerikuchi) ৷ বুকুত হেঁচ মাৰি ধৰে অব্যক্ত এবোজা বেদনাই ৷ কাৰণ আজিৰ পৰা 24 বছৰ পূৰ্বে ভোগালীৰ সকলো ৰং, সকলো আনন্দ নিমিষতে হেৰাই গৈছিল এই গাঁওখনৰ পৰা (Tragic incident of Kekerikuchi)৷ এই গাঁওখনৰ শিশু সকলে নাজানে মাঘ বিহু কিদৰে পালন কৰা হয় ৷

People do not celebrate Bhogali Bihu in Kekerikuchi
ভোগালীত মেজি নজ্বলে কেকেৰীকুছিত

সেইদিনা আছিল 1998 চনৰ 13 জানুৱাৰী ৷ ভোগালী বিহুৰ উৰুকা ৷ ৰাজ্যৰ আন প্ৰান্তৰ দৰে উৰুকাৰ নিশা কেকেৰীকুছি গাঁৱৰ ৰাইজো ব্যস্ত আছিল ভোজ-ভাত খোৱা, পিঠা-পনা বনোৱাত ৷ সকলোৱে ৰংমনেৰে ভোগালীক আদৰিবলৈ ওলাইছিল ৷ কিন্তু হঠাৎ নামি আহিছিল কাল অমানিশা ৷ নিশা প্ৰায় 8.10 বজাত অৰ্তকিতে গাঁওখনত চলিছিল গুলীবৰ্ষণ (Kekerikuchi militant firing incident) ৷ কোনেও একো বুজি পোৱা নাছিল ৷ বন্দুকধাৰী উগ্ৰপন্থী দলে নিৰ্বিচাৰভাৱে গুলী চালনা কৰি তেজৰ নৈ বোৱাইছিল কেকেৰীকুছিত ৷

ভোগালীত মেজি নজ্বলা কেকেৰীকুছিৰ অভিশপ্ত ইতিহাস...

ঘাতকৰ গুলীচালনাত চাৰিটা পৰিয়ালৰ 17 জনকৈ লোকে প্ৰাণ হেৰুৱাইছিল সেই উৰুকাৰ নিশা (17 people killed by militant in Kekerikuchi)৷ মাঘৰ বিহুত মেজিৰ পৰিৱৰ্তে কেকেৰীকুছিত জ্বলিছিল 17 খনকৈ চিতা ৷

এই মৰ্মান্তিক ঘটনাত প্ৰাণ হেৰুৱাইছিল জয়মতী কলিতা, হেমচন্দ্ৰ কলিতা, দ্বিপেন কলিতা, প্ৰতিমা কলিতা, হিৰণ কলিতা, গীতাৰাণী কলিতা, নৱজিত কলিতা, কুঞ্জপ্ৰভা কলিতা, গীতাৰাণী কলিতা, ববিতা কলিতা, প্ৰমোদ কলিতা, ফেলেনী ভূঞা, বীণা ভূঞা, লিপিকা কলিতা, গীতাঞ্জলী কলিতা, ধনেশ্বৰ কলিতা আৰু মহেশ্বৰ হালৈয়ে ।

People do not celebrate Bhogali Bihu in Kekerikuchi
কেকেৰীকুছিৰ ভুক্তভোগীসকল

উগ্ৰপন্থীৰ নৃশংস আক্ৰমণে কাঢ়ি নিছিল কেকেৰীকুছি বাসীৰ মনৰ পৰা ভোগালীৰ আনন্দ ৷ তেতিয়াৰে পৰা ভোগালী বিহু আহিলেই লগে লগে সেই আতংকময় ভয়াৱহ দিনটোৰ স্মৃতিয়ে চকুলো টুকিবলৈ বাধ্য কৰায় কেকেৰীকুছিৰ ৰাইজক । এই পবিত্ৰ দিনটোত গাঁওবাসীয়ে বিগত 23 বছৰে আনন্দত আত্মাহাৰা হোৱাৰ পৰিৱৰ্তে শোক পালন কৰি আহিছে (Kekerikuchi people observe Bhogali Bihu by fasting)।

অঞ্চলটোৰ ৰাইজে হত্যাকাৰী নিপাত যোৱাৰ উদ্দেশ্যে সমাধিস্থলীত এহেজাৰ চাকি জ্বলোৱাৰ লগতে নাম-কীৰ্তন অনুস্থিত কৰি আহিছে ।

বিগত ২৩ বছৰেও নিৰ্দোষী ব্যক্তি কেইগৰাকীৰ হত্যাকাৰীক চিনাক্ত কৰিবলৈ চৰকাৰ সক্ষম নহ’ল । আনকি সেই সময়ৰ অগপ চৰকাৰে নিহতৰ পৰিয়ালক নিদিলে কোনো ধৰণৰ ক্ষতিপূৰণ । 24 বছৰ পূৰ্বৰ এই ঘটনা আজিও বুকুত এডোখৰ কেঁচা ঘাঁ হৈ ৰৈছে এইসকল দুৰ্ভগীয়াৰ ৷ কেকেৰীকুছিলৈ কেতিয়াবা ভোগালীৰ আনন্দ ঘূৰি আহিবনে ? সেই প্ৰশ্নৰ যেন কোনো উত্তৰেই নাই ৷ আজিও তেওঁলোকে মাথো উৰুকাৰ নিশা বন্তি জ্বলাই আত্মীয়ৰ সোঁৱৰণত ৷

লগতে পঢ়ক : অসমৰ একমাত্ৰ কঠ উৎপাদিত গাঁওখন...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.