হত্যাকাৰীৰ ৰূপ ল’লে কিশোৰে; কলিয়াবৰ কাণ্ডই কঁপাইছে ৰাজ্য

author img

By

Published : Oct 21, 2021, 8:43 PM IST

Brutal murder at Kaliabor

কলিয়াবৰত লোমহৰ্ষক হত‍্যাকাণ্ড ৷ ম'বাইল ফোন ব‍্যৱহাৰৰ ভয়ানক পৰিণতি ৷ তিনি কিশোৰৰ জিঘাংসাৰ বলি ছবছৰীয়া নাবালিকা ৷ ভিন্ন মহলৰ প্ৰতিক্ৰিয়া ৷ নিজ সন্তানক ম'বাইল ব‍্যৱহাৰ কৰিবলৈ দিওতে সাৱধান হ'বলৈ অভিভাৱকৰ প্ৰতি আনন্দ মিশ্ৰৰ আহ্বান ।

কলিয়াবৰ, 21 অক্টোবৰ : ‘‘পৰিয়ালৰ সু-সংস্কাৰেহে সন্তানক সমাজৰ অংগ কৰি ৰখাত সহয় কৰে । সেই ক্ষেত্ৰত পিতৃ-মাতৃ অভিভাৱকৰ দায়িত্ব সৰ্বাধিক । শিশুয়ে সামাজিক দায়বদ্ধতাৰো শিক্ষা ঘৰৰ পৰাই লাভ কৰে । কি ধৰণে নিজক আগবঢ়াই নিব লাগে, কাক কেনেকৈ সন্মান জনাব লাগে, এনেধৰণৰ সামাজিক প্ৰমূল‍্য ৰক্ষাৰ ক্ষেত্ৰত পিতৃ-মাতৃয়েই শিশুৰ বাবে মূল চালিকা শক্তি । এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে সহযোগহে কৰিব পাৰে, যিটো কৰি থকাও হৈছে ৷’’ কলিয়াবৰত সংঘটিত বৰ্বৰোচিত কাণ্ড সন্দৰ্ভত এই প্ৰতিক্ৰিয়া নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ ।

কম বয়সতে শিশুৰ হাতত মাক-দেউতাকে ম’বাইল ফোন তুলি দিয়াৰ বাবেই কলিয়াবৰত সংঘটিত হয় ৭ বছৰীয়া এগৰাকী কন‍্যাৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা । তাৰ পাছতেই অভিভাৱক সকলক উদ্দেশ্যি নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ এই আহ্বান । কলিয়াবৰৰ বিভিন্ন স্তৰৰ ব‍্যক্তিয়েও এই জঘন‍্য কাণ্ডৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

কলিয়াবৰত লোমহৰ্ষক হত‍্যাকাণ্ড

কলিয়াবৰ মহাবিদ‍্যালয়ৰ অধ‍্যক্ষ ড৹ হিৰণ‍্য কুমাৰ চলিহাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, বৰ্তমান ক'ভিড পৰিস্থিতিৰ বাবে কম বয়সীয়া ছাত্ৰ-ছাত্ৰীসকলৰ পৰা উচ্চ শ্ৰেণীলৈকে চৰকাৰে দিয়া নিৰ্দেশ অনুসৰি অনলাইন শ্ৰেণীৰ জৰিয়তে পাঠদান কৰিব লগা হৈছে । এতিয়া যি ধৰণৰ পৰিস্থিতি উদ্ভৱ হৈছে, সেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰাতো বৰ জটিল হৈ পৰিছে । এই ক্ষেত্ৰত এক গভীৰ চিন্তাৰ প্ৰয়োজন আছে । কেৱল গৰিহণা দিলেই সমস‍্যা সমাধান নহয় ।

তেখেতে লগতে কয় যে, পূৰ্বতে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ লগতে বিভিন্ন সামাজিক-সাংস্কৃতিক তথা ক্ৰীড়া আদিৰ লগত জড়িত হৈ আছিল । লগৰ সমনীয়াৰ লগত বহু সময় কটাইছিল । কিন্তু এতিয়া সেই পৰিৱেশ কেৱল পঢ়াৰ নামত, প্ৰতিযোগিতাৰ নামত আমি অভিভাৱক সকলেই নোহোৱা কৰিছোঁ । সেয়ে ইয়াক নিয়ন্ত্ৰণৰ ব‍্যৱস্থা আমিয়েই অতি সচেতনতাৰে নিয়ন্ত্ৰণ কৰিব লাগিব । ম'বাইল ফোনৰ কু-প্ৰভাৱৰ পৰিৱৰ্তে সু-প্ৰভাৱৰ বিষয়ে অৱগত কৰি আমি আমাৰ সন্তানক শুদ্ধ পথলৈ উভতাই আনিব লাগিব । পূৰ্বৰ সকলো মিলি হাঁহি ধেমালিৰ দৰে পৰিবেশ তৈয়াৰ কৰিব লাগিব, যি এসময়ত মইনা পাৰিজাত, চেমনীয়া চ'ৰাৰ দৰে অনুষ্ঠানে আমাৰ সন্তানক সঠিক বাট দেখুৱাইছিল ।

উল্লেখ্য যে, কাতি বিহুৰ দিনা কলিয়াবৰত তিনিটা কিশোৰে মিলি হত্যা কৰিছিল এগৰাকী 6 বছৰীয়া কন্যা শিশুক ৷ ম’বাইলত অশ্লীল ভিডিঅ’ চাবলৈ তিনি কিশোৰে জোৰ কৰিছিল নাবালিকাগৰাকীক ৷ কিন্তু সেই ভিডিঅ’ চাবলৈ অমান্তি হৈছিল নাবালিকা গৰাকী ৷ প্ৰথমে খট-বান্ধ তাৰ পাচত জোৰ-জবৰদস্তি ৷ অৱশেষত সংঘটিত হ’ল লোম হৰ্ষক ঘটনাটো ৷ তিনিওটা কিশোৰে হত্যা কৰিলে নাবালিকাগৰাকীক ৷ শিলেৰে থেতালি থেতালি হত্যা কৰা হ’ল নাবালিকা গৰাকীক ৷ হত্যাকাৰী কিশোৰ তিনিটাৰ বয়স 5 ৰ পৰা 11 বছৰৰ ভিতৰত ৷ এই ঘটনাই এতিয়া সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক : আৰক্ষীৰ নামত ধন সংগ্ৰহ কৰি গ্ৰেপ্তাৰ হ'ল দুই ভুৱা আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.