বৰডুমচা আৰু ডিগবৈৰ পৰা সন্ধানহীন তিনি কিশোৰ উদ্ধাৰ

author img

By

Published : Sep 24, 2022, 2:16 PM IST

teenagers-missing-from-bordumsa-and-digboi-rescued-in-guwahati

বৰডুমচা আৰু ডিগবৈৰ পৰা সন্ধানহীন তিনি কিশোৰ উদ্ধাৰ হয় গুৱাহাটীত (Teenagers rescued in Guwahati) । বৃহস্পতিবাৰৰ পৰা সন্ধানহীন হৈ আছিল কিশোৰকেইজন ৷

নিউজ ডেস্ক, 24 ছেপ্টেম্বৰ: ৰাজ্যত সম্প্ৰতি সোপাধৰাৰ আতংক ৷ তাৰ মাজতে শনিবাৰে বৰডুমচা আৰু ডিগবৈৰ পৰা সন্ধানহীন তিনি কিশোৰ উদ্ধাৰ হয় গুৱাহাটীত । বৃহস্পতিবাৰৰ পৰা সন্ধানহীন হৈ আছিল কিশোৰ কেইজন (Teenagers missing from Bordumsa and Digboi) ৷

ঘটনা অনুসৰি, বৃহস্পতিবাৰৰ পৰা বৰডুমচা আৰু ডিগবৈৰ পৰা তিনিজনকৈ কিশোৰ সন্ধানহীন হৈ আছিল ৷ কিশোৰ কেইজনৰ পৰিয়ালৰ লোকে কিশোৰ কেইজনৰ কোনো সন্ধান উলিয়াব নোৱাৰি বৰডুমচা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । বৰডুমচা আৰক্ষীয়ে এই এজাহাৰৰ ভিত্তিতে কিশোৰকেইজনৰ সন্ধান ওলাবলৈ অভিযান আৰম্ভ কৰে ৷

ইয়াৰ মাজতে শনিবাৰে গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনৰ (Kamakhya Junction in Guwahati) পৰা মালিগাঁও আৰু জালুকবাৰী আৰক্ষীয়ে উদ্ধাৰ কৰে কিশোৰ কেইজনক (Teenagers rescued in Guwahati) । উল্লেখ্য যে, কিশোৰ কেইজনক সোপাধৰাই ধৰি নিয়া বুলি পৰিয়ালৰ লগতে স্থানীয় লোকসকলে সন্দেহ কৰি থানাত এজাহাৰ দাখিল কৰিছিল ।

লগতে পঢ়ক: PFIৰ সদস্য গ্ৰেপ্তাৰ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.