ETV Bharat / city

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে বৈঠকত বহিব মোহন ভাগৱত

author img

By

Published : Jul 20, 2021, 12:01 PM IST

Updated : Jul 20, 2021, 6:26 PM IST

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ(RSS)ৰ সৰসংঘচালক মোহন ভাগৱতে (Mohan Bhagwat) মঙলবাৰে পুৱাৰে পৰা গুৱাহাটীত সংঘ আৰু সংঘৰ‌ বিবিধ সংগঠনৰ নেতৃত্বৰ লগত এলানি আলোচনাত মিলিত হৈছে । মঙলবাৰে, নিশা তেওঁৰ সৈতে আলোচনাত মিলিত হ’ব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা (Bhabesh Kalia)।

rss-chief-mohan-bhagwat-having-series-of-meetings-in-guwahati
গুৱাহাটীত RSS প্ৰধান মোহন ভাগৱতৰ ৰূদ্ধদ্বাৰ বৈঠক

গুৱাহাটী, ২০ জুলাই : এলানি বিশেষ বৈঠকৰ কাৰ্যসূচী ল’বলৈ মঙলবাৰে গুৱাহাটীলৈ আহিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (RSS) সৰসংঘচালক মোহন ভাগৱত (Mohan Bhagwat) ৷ মঙলবাৰে তেওঁ, এলানি বৈঠকত অংশগ্ৰহণ কৰিব । মহানগৰীৰ আদিংগিৰিত থকা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS)ৰ কাৰ্যালয়ত মঙলবাৰে সৰসংঘচালক গৰাকীয়ে পৰ্যায়ক্ৰমে তিনিখন বৈঠকত মিলিত হ‘ব বুলি সংগঠনটোৰ এক শীৰ্ষ সূত্ৰই জানিবলৈ দিছে ।

সূত্ৰটোৰ মতে, এই বৈঠকত সংঘৰ অসম ক্ষেত্ৰৰ পাঁচটা প্ৰান্ত ক্ৰমে উত্তৰ অসম প্ৰান্ত, দক্ষিণ অসম প্ৰান্ত, অৰুণাচল প্ৰান্ত, মণিপুৰ প্ৰান্ত আৰু নতুনকৈ গঠিত ত্ৰিপুৰা প্ৰান্তৰ সংঘচালক আৰু কাৰ্যবাহ সকলে অংশগ্ৰহণ কৰিব । তদুপৰি, আন এলানি বৈঠকত সংঘৰ বিবিধ সংগঠনসমূহৰ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰিব । জানিব পৰা‌ মতে, এই বৈঠকত সংঘৰ সাংগঠনিক বিষয়ৰ আলোচনা হোৱাৰ উপৰি উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ মাজত থকা সীমা বিবাদ, নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে চলা অভিযান আদিয়ে প্ৰাধান্য লাভ কৰিব ।

উল্লেখ্য যে, তিনি লানি বৈঠকত শেষ হোৱাৰ পিছত মঙলবাৰে সন্ধিয়া, সংঘৰ মুৰব্বী গৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাৰ (Bhabesh Kalita) লগত এক আলোচনাত মিলিত হ’ব ।

আনহাতে, প্ৰায় একে সময়তে মোহন ভাগৱতক সাক্ষাৎ কৰাৰ কথা ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়েও । সোমবাৰে, শংকৰদেৱ কলাক্ষেত্ৰত এক অনুষ্ঠানত অধ্যাপক ননী গোপাল মহন্তৰ এখন গ্ৰন্থ উন্মোচন কৰি সংঘৰ মুৰব্বী গৰাকীয়ে গুৱাহাটী এৰিব বুলি জানিব পৰা গৈছে । সম্প্ৰতি, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নেতা গৰাকীৰ অসম আগমনে আনন্দিত কৰিছে তেওঁৰ সমৰ্থক সকলক ৷

লগতে পঢ়ক : পুনৰ চৰ্চাত মানিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়

Last Updated : Jul 20, 2021, 6:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.