ETV Bharat / city

ৰাজ্যত অব্যাহত ব্যাপক ক'ভিড প্ৰতিষেধক অভিযান

author img

By

Published : Jun 23, 2021, 10:42 AM IST

Updated : Jun 23, 2021, 11:31 AM IST

ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে ক'ভিড ভেকচিন (covid vaccination) প্ৰদানৰ কাৰ্যসূচী ৷ প্ৰথম দিনা ৩,৭১,০৮০ গৰাকী লোকে ল'লে ক'ভিড প্ৰতিষেধক। দ্বিতীয়া দিনা ভেকচিন ল'লে প্ৰায় আঢ়ৈ লাখ লোকে । বিগত ২৪ ঘণ্টাত ৰাজ্যৰ ১,৫২,৭২০ গৰাকী লোকৰ ক'ভিড টেষ্ট কৰা হৈছিল আৰু ইয়াৰে ২,৮৬৯ গৰাকীৰ দেহত কৰ'ণাৰ উপস্থিতি ধৰা পৰে।

'mega' covid vaccination drive in Assam state
ৰাজ্যত অব্যাহত 'mega' ক'ভিড প্ৰতিষেধক অভিযান

গুৱাহাটী, 23 জুন : 21 জুনৰ পৰা ব্যাপক ৰূপত ক'ভিড ভেকচিন (covid vaccination) প্ৰদানৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ এই কাৰ্যসূচী অনুসৰি প্ৰত্যেক দিনে প্ৰায় 2 লাখ 60 হাজাৰ লোকক ভেকচিন প্ৰদানৰ লক্ষ্য বান্ধি লৈছে ৰাজ্য চৰকাৰে ৷ অসমত সোমবাৰৰ পৰা আৰম্ভ হোৱা 'ব্যাপক ক'ভিড প্ৰতিষেধক অভিযান'ৰ দ্বিতীয় দিনাও ৰাজ্যবাসীয়ে ব্যাপক সঁহাৰি আগবঢ়ায় । বিগত ২৪ ঘণ্টাত ৰাজ্যখনৰ প্ৰায় আঢ়ৈ লাখ লোকে ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰে ।

'mega' covid vaccination drive in Assam state
ৰাজ্যত অব্যাহত 'mega' ক'ভিড প্ৰতিষেধক অভিযান

এই পৰ্যন্ত দৈনিক টীকাকৰণৰ নিৰ্ধাৰিত লক্ষ্যৰ বিপৰীতে বুধবাৰে ৮০ শতাংশৰো বেছি টীকাকৰণ সম্পূৰ্ণ হৈছে । ইফালে প্ৰথম দিনা ৰাজ্যখনত মুঠ ৩,৭১,০৮০ গৰাকী লোকক ক'ভিড প্ৰতিষেধক প্ৰদান কৰিবলৈ সক্ষম হয় স্বাস্থ্য বিভাগ । সেইমতে দুটা দিনত ৰাজ্যত ৬ লাখৰো অধিক লোকে ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰিলে । নিৰ্ধাৰিত লক্ষ্যৰ বিপৰীতে দুদিনৰ মুঠ টীকাকৰণৰ হাৰ হৈছে ১০১ শতাংশ ।

মঙলবাৰে কামৰূপ মহানগৰ জিলা (Kamrup Metro District)ত ২৪,৮৪৮ গৰাকী (দৈনিক লক্ষ্যৰ ৯৯ শতাংশ), ডিব্ৰুগড় জিলাত ১৮,৮২৬ গৰাকী (১২৪ শতাংশ), কাছাৰত ১৮,৮২৬ গৰাকী (১২৬ শতাংশ), বৰপেটাত ১২,৮০৯ গৰাকী (৮৫ শতাংশ), কৰিমগঞ্জত ১১,১৪৫ গৰাকী (১১১ শতাংশ), যোৰহাটত ১০,৪৯১ গৰাকী (১০৬৫ শতাংশ), শিৱসাগৰত ৯,৫৫৩ গৰাকী (১৩৬ শতাংশ), নগাঁৱত ৯,৪০৫ গৰাকী (৬৩ শতাংশ), তিনিচুকীয়াত ৮,২৬০ গৰাকী (৮৩ শতাংশ), শোণিতপুৰত ৭,২৬০ গৰাকী (৪৮ শতাংশ) লোকক প্ৰতিষেধক দিয়া হৈছে ।

'mega' covid vaccination drive in Assam state
ৰাজ্যত অব্যাহত 'mega' ক'ভিড প্ৰতিষেধক অভিযান

আনহাতে, ডিমা হাচাও জিলা Dima hasao District)ই নিৰ্ধাৰিত লক্ষ্যৰ বিপৰীতে সৰ্বাধিক ১৫৭ শতাংশ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। ইফালে কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমে নতুনকৈ দুটা দিনত মুঠ ৩.৪ লাখ পালি বিনামূলীয়া ক'ভিড প্ৰতিষেধক লাভ কৰিছে । ইয়াৰে ২.৫ লাখ পালি সোমবাৰে লাভ কৰাৰ পাছত মঙলবাৰে পুনৰ ৯০ হাজাৰ পালি ক'ভিড প্ৰতিষেধক লাভ কৰে ।

ইতিমধ্যে এই প্ৰতিষেধক সমূহ প্ৰতিখন জিলালৈ ভাগে ভাগে প্ৰেৰণ কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমে (National Health Mission)। ৰাজ্যত বৰ্তমান ক'ভিড প্ৰতিষেধক অভিযানৰ বাবে পৰ্যাপ্ত সংখ্যক প্ৰতিষেধক মজুত থকা বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে । ইফালে বিগত ২৪ ঘণ্টাত ৰাজ্যৰ ১,৫২,৭২০ গৰাকী লোকৰ ক'ভিড টেষ্ট কৰা হৈছিল আৰু ইয়াৰে ২,৮৬৯ গৰাকীৰ দেহত কৰ'ণাৰ উপস্থিতি ধৰা পৰে। আক্ৰান্তৰ হাৰ ১.৮৮ শতাংশ ।

'mega' covid vaccination drive in Assam state
ৰাজ্যত অব্যাহত 'mega' ক'ভিড প্ৰতিষেধক অভিযান

আনহাতে, বিগত ২৪ ঘণ্টাত মৃত্যু হয় ৩৭ গৰাকী ক'ভিড ৰোগীৰ । এই সময়চোৱাত ক'ভিডৰ পৰা আৰোগ্য লাভ কৰিছে ২,৪৮২ গৰাকী লোকে । ৰাজ্যখনত ক'ভিড আৰোগ্যৰ হাৰ ৯২.৩৭ শতাংশলৈ বৃদ্ধি পাইছে । বৰ্তমান সময়ত ৰাজ্যত সক্ৰিয় হৈ থকা ক'ভিড ৰোগীৰ সংখ্যা হৈছে ৩১,৬২৮ গৰাকী । ক'ভিডত এতিয়ালৈকে ৰাজ্যৰ ৪,২৮০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে ।

উল্লেখ যে, গুৱাহাটী মহানগৰীত ক'ভিড সংক্ৰমণৰ হাৰ ক্ৰমাৎ হ্ৰাস পোৱাৰ বিপৰীতে অন্য জিলাত চিন্তনীয় ৰূপত বৃদ্ধি পাব ধৰিছে । আক্ৰান্তৰ ফালৰ পৰা ক্ৰমে শোণিতপুৰ, গোলাঘাট, ডিব্ৰুগড় আৰু তিনিচুকীয়া গুৱাহাটী মহানগৰীৰ ওপৰত আছে ।

লগতে পঢ়ক-মেগা(mega) ভেকচিনেচনক লৈ তৎপৰ প্ৰতিখন জিলাৰ অভিভাৱক মন্ত্ৰী

Last Updated :Jun 23, 2021, 11:31 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.