ETV Bharat / city

ৰাজ্যৰ একাংশ যুৱক-যুৱতীয়ে আলফাত যোগদান সন্দৰ্ভত ডিজিপিৰ কবিতা আবৃত্তি

author img

By

Published : May 15, 2022, 8:00 PM IST

Updated : May 16, 2022, 6:12 AM IST

শেহতীয়াকৈ পুনৰ আলফা(স্বা)মুখী হৈছে নতুন প্ৰজন্ম (Youths from Assam joining ULFA I) ৷ প্ৰতি দিনেই ৰাজ্যৰ একাংশ যুৱক-যুৱতী যোগদান কৰিছে আলফা (স্বা) ত ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই (Bhaskar Jyoti Mahanta reacts over youths joining Ulfa I) ৷

bhaskar-jyoti-mahanta-reacts-over-youths-joining-ulfa-i
ৰাজ্যৰ একাংশ যুৱক-যুৱতীয়ে আলফাত যোগদান সন্দৰ্ভত ডিজিপিৰ কবিতা আবৃত্তি

গুৱাহাটী, 15মে’: প্ৰত্যেক দিনাই ৰাজ্যৰ ভিন্ন স্থানৰ যুৱক-যুৱতীয়ে আলফা (স্বা) ত যোগদান কৰাৰ উদ্দেশ্যে ঢাপলি মেলিছে অৰণ্যলৈ (Youths joining Ulfa I) ৷ এই সন্দৰ্ভত দেওবাৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই এখন সংবাদমেল আয়োজন কৰি নিজৰ মন্তব্য আগবঢ়ায় (Bhaskar Jyoti Mahanta reacts over youths joining Ulfa I) ৷

উলুবাৰী অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এই সংবাদমেলখনত আলফাত নিতৌ নৱপ্ৰজন্মৰ যোগদানৰ সন্দৰ্ভত মন্তব্য কৰি ভাস্কৰজ্যোতি মহন্তই চন্দ্ৰকুমাৰ আগৰৱালা ৰচিত মানৱ বন্দনা কবিতাটোৰ 'আহিছে মানুহ গৈছে মানুহ' শীর্ষক পংক্তিটো আওৰায় ৷

ৰাজ্যৰ একাংশ যুৱক-যুৱতীয়ে আলফাত যোগদান সন্দৰ্ভত ডিজিপিৰ কবিতা আবৃত্তি

লগতে 20-22 বছৰ ধৰি আলফালৈ যুৱক যুৱতী গৈয়ে আছে সেইটো নতুন কথা নহয় বুলি মন্তব্য কৰে আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে ৷ আনহাতে মন্ত্ৰী সঞ্জয় কৃষাণক আলফাই ভাবুকি দিয়া আৰু 24 ঘণ্টাৰ ভিতৰত ক্ষমা খোজা প্ৰসংগত (Controversy between ULFA I and Sanjay Kisan) কোনো কথা অৱগত নহয় বুলি মন্তব্য কৰে ভাস্কৰজ্যোতি মহন্তই ৷

লগতে পঢ়ক : ৰাজ্যৰ ভিন্ন স্থানৰ যুৱক-যুৱতীয়ে আলফাত যোগদান সন্দৰ্ভত জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য

Last Updated : May 16, 2022, 6:12 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.