ETV Bharat / city

এনআৰচিত নাম নাথাকিলেও দিব পাৰিব ভোট

author img

By

Published : Jan 21, 2021, 1:13 PM IST

2019ৰ 31 আগষ্টত প্ৰকাশ হোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ পুনৰ সৃষ্টি হ’ব নেকি বিতৰ্কৰ ? বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম ভ্ৰমণলৈ অহা নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ মন্তব্যৰ পৰা এনেকুৱা সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷

এনআৰচিত নাম নাথাকিলেও দিব পাৰিব ভোট
এনআৰচিত নাম নাথাকিলেও দিব পাৰিব ভোট

নিউজ ডেস্ক, 21 জানুৱাৰী : বিহুৰ পূৰ্বেই অসমত অনুষ্ঠিত হ’ব পাৰে বিধানসভা নিৰ্বাচন ৷ ইতিমধ্যে নিৰ্বাচনৰ বাবে ৰাজ্যত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে প্ৰতিটো ৰাজনৈতিক দলে ৷ নিৰ্বাচনৰ পূৰ্বেই ৰাজ্যত জন্মলাভ কৰিছে দুটাকৈ আঞ্চলিক ৰাজনৈতিক দলে ৷ দুয়োটা দলেই আনুষ্ঠানিকভাৱে মিত্ৰতাৰ কথা প্ৰকাশ কৰিছে ৷ সমান্তৰালকৈ শাসনত থকা বিজেপিক প্ৰতিহত কৰিবৰ বাবে ৰাজনৈতিক মিত্ৰতাৰ পোষকতা কৰিছে প্ৰধান বিৰোধী দল কংগ্ৰেছ আৰু এআইইউডিএফে ৷ অৱশ্যে ইয়াৰ মাজতো বিজেপিয়ে নিজৰ ৰাজনৈতিক পৰিক্ৰমা চলাই নিয়াৰ লগতে 100+ আসন লাভ কৰিব বুলি দলটোৰ বহুকেইগৰাকী জ্যেষ্ঠ নেতাই ইতিমধ্যে মন্তব্য কৰিছে ৷

লগতে পঢ়ক : এইবাৰো সম্ভব নহ’ল বিজেপি বিৰোধী মহাজোঁট বন্ধন

যিটো সময়ত অখিল গগৈৰ দৰে ব্যক্তিয়ে নাগৰিকত্ব (সংশোধনী) আইন, 2019ৰ বিৰোধিতা কৰাৰ বাবে এতিয়াও জেলত সোমাই আছে তেনে সময়তে নিৰ্বাচনৰ পূৰ্বেই অসমবাসীক আন এক চিন্তাই আগুৰি ধৰিছে ৷ এই বিষয়ত খোদ দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তই কৰা মন্তব্যৰ পৰাই যে বিতৰ্কৰ সৃষ্টি হ’ব সেয়া প্ৰকাৰান্তে নিশ্চিত হৈ পৰিছে ৷ ইতিমধ্যেই বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ বুজ ল’বলৈ তিনিদিনীয়াকৈ অসম ভ্ৰমণ কৰিছে দেশৰ নিৰ্বাচন আয়োগৰ এটা দলে ৷ মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰা, নিৰ্বাচন আয়ুক্তদ্বয় ক্ৰমে ৰাজীৱ কুমাৰ আৰু সুশীল চন্দ্ৰাই অসমৰ ৰাজনৈতিক দলসমূহৰ লগত আলোচনাত মিলিত হোৱাৰ লগতে কালি মহানগৰীত এক সংবাদমেল সম্বোধন কৰিছিল ৷ উক্ত সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাই কৰা এক মন্তব্যৰ পিচতেই সৃষ্টি হ’ব পৰা বিতৰ্কৰ উম পোৱা গৈছে ৷

লগতে পঢ়ক : বিহুৰ পূৰ্বেই অসমত নিৰ্বাচনৰ ইংগিত মুখ্য নিৰ্বাচন আয়ুক্তৰ

ৰাজ্যৰ ছাত্ৰ সংগঠন তথা জনগোষ্ঠীয় সংগঠনসমূহৰ নেতৃত্বত পুনৰবাৰ আৰম্ভ হৈছে নাগৰিকত্ব (সংশোধনী) আইন, 2019ৰ বিৰোধী প্ৰতিবাদ ৷ সমান্তৰালকৈ পুনৰবাৰ প্ৰসংগলৈ আহিছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ নাম ৷ অসমৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাই সম্বোধন কৰা সংবাদমেলত উত্থাপিত হৈছিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এনআৰচি প্ৰসংগ ৷ নিৰ্বাচন আয়োগৰ প্ৰতিনিধি দলটো অসমত থকাৰ সময়তে ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছিল 2021ৰ চূড়ান্ত ভোটাৰ তালিকা ৷ প্ৰকাশিত ভোটাৰ তালিকাত অন্তৰ্ভূক্ত হৈছে মুঠ ২,২৯,৯২,৫০৫ গৰাকী ভোটাৰ ৷ ইয়াৰ ভিতৰত ১,১৬,৫৬,৯২৬ জন পুৰুষ আৰু ১,১৩,৩৫,৫৭৯ গৰাকী মহিলা ভোটাৰ আছে । বিগত নিৰ্বাচনৰ তুলনাত এইবাৰ 2.46 শতাংশ অধিক ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে ৷

লগতে পঢ়ক : বিৰােধীৰ মহাজোঁটে ক্ষতি কৰিব নোৱাৰে বিজেপিক : ৰণজিৎ কুমাৰ দাস

মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাই সংবাদমেলত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ কৰা মন্তব্যৰ পিচতেই এই সন্দৰ্ভত সন্দেহ ঘনীভূত হৈছে ৷ মুখ্য নিৰ্বাচন আয়ুক্তই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনাৰ বিষয়ে জনাই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাতিল হোৱা ব্যক্তিয়েও আগন্তুক নিৰ্বাচনত ভোটদান কৰিব পাৰিব বুলি কৈছে ৷ উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ হস্তক্ষেপত 2019ৰ 31 আগষ্টত এক দীঘলীয়া প্ৰক্ৰিয়াৰ পিচত প্ৰকাশ পাইছিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী য’ত বাদ পৰিছিল 1.9 মিলিয়ন লোকৰ নাম ৷ এনআৰচিত নাম বাদ এইসকল ব্যক্তিয়ে আগন্তুক বিধানসভা নিৰ্বাচনত ভোটদান কৰিব পাৰিব বুলি সংবাদমেলত উল্লেখ কৰিছিল সুনীল আৰোৰাই ৷ ভোটাৰ তালিকাত যিসকল লোকৰ নাম সংযুক্ত হৈছে তেওঁলোক সকলোৱে ভোটদান কৰিব পাৰিব বুলি কৈছে ৷ আয়ুক্তগৰাকীৰ মতে, এনআৰচিত নাম নাহিলেই তেওঁক বিদেশী বুলি ক’ব নোৱাৰি ৷ এনআৰচিত নাম বাদ পৰিলেও ভোটাৰ তালিকাত তেওঁলোকৰ নাম থাকিলে এই সন্দৰ্ভত সংশ্লিষ্ট বিদেশী ন্যায়াধীকৰণে যেতিয়ালৈকে তেওঁলোকক বিদেশী ঘোষণা নকৰে তেতিয়ালৈকে তেওঁলোকে ভোটদান কৰিব পাৰিব বুলি কয় মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাই ৷

লগতে পঢ়ক : নিবার্চনলৈ সাজু বিজেপি: চাৰি জ্যেষ্ঠ নেতাই বিচাৰিলে ৰাইজৰ পৰামর্শ

1971 চনৰ 25 মাৰ্চৰ পূৰ্বেই অসমত প্ৰৱেশ কৰা অবৈধ বাংলাদেশী চিনাক্তকৰণৰ বাবে অসমত সম্পূৰ্ণ কৰা হৈছিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম ৷ 2013ৰ পৰাই অসম চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম আৰম্ভ কৰিছিল আৰু 2015ৰ পৰা উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ হস্তক্ষেপত ইয়াৰ প্ৰস্তুতকৰণৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ হৈছিল ৷ প্ৰায় 7 বছৰৰ অন্তত 2019ৰ 31 আগষ্টত প্ৰকাশ পাইছিল অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী য’ত বাদ পৰিছিল 1.9 মিলিয়ন লোকৰ নাম ৷

স্বাভাৱিকতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে, যদিহে ভোটাৰ তালিকাত নাম থকা সকলোৱে ভোটদান কৰিব পাৰিব, এনে অৱস্থাত এক দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেৰে অসমৰ বাবে পৃথকে এখন চূড়ান্ত নাগৰিকপঞ্জী প্ৰস্তুত কৰাৰ প্ৰয়োজন কি আছিল ? অসমৰ ৰাইজৰ হাৰাশাস্তি কৰি, কোটি টকা খৰচ কৰি প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সাংবিধানিক বৈধতা কি ?

লগতে পঢ়ক : প্ৰকাশ পালে ৰাজ্যৰ চূড়ান্ত ভোটাৰ তালিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.