ETV Bharat / city

28 নৱেম্বৰৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিবেশন

author img

By

Published : Nov 27, 2019, 5:43 PM IST

অহাকালি অৰ্থাৎ 28 নৱেম্বৰ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন ৷ বিধানসভাৰ শীতকালীন অধিৱেশনৰ আৰম্ভণিৰ দিনটোতে শপতগ্ৰহণ কৰিব চাৰিগৰাকীকৈ নৱ নিৰ্বাচিত বিধায়কে ৷ অধিবেশনত উত্থাপিত হ'ব ছখনকৈ বিধেয়ক ৷

অসম বিধানসভাৰ অধিৱেশন, অসম বিধানসভাৰ শীতকালীন অধিৱেশন, বৃহস্পতিবাৰৰ পৰা অসম বিধানসভাৰ অধিৱেশন, বিধানসভাৰ শীতকালীন অধিৱেশনত ছখনকৈ বিধেয়ক, বিধানসভাত শপতগ্ৰহণ নৱনিৰ্বাচিত বিধায়কৰ, Assam Assembly Session, Assam Assembly Winter Session, Assam Legislative Assembly, Winter Session of Assam Legislative Assembly
28 নৱেম্বৰৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিবেশন

গুৱাহাটী, ২৭ নৱেম্বৰঃ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ শীতকালীন অধিবেশন। 28 নৱেম্বৰৰ পৰা 6 ডিচেম্বৰলৈকে চলিব লগীয়া এই অধিবেশনৰ প্ৰথম দিনটোতে শপতগ্ৰহণ কৰিব বিগত উপ নিৰ্বাচনত চাৰিটা সমষ্টিৰ পৰা জয়ী হৈ অহা চাৰিগৰাকী নৱ নিৰ্বাচিত বিধায়কে। তেওঁলোক হৈছে ক্ৰমে জনিয়া সমষ্টিৰ ৰফিকুল ইছলাম,সোণাৰিৰ নৱনীতা সন্দিকৈ,ৰাতাবাৰীৰ বিজয় মালাকাৰ আৰু ৰঙাপাৰাৰ ৰাজেন বৰঠাকুৰ

28 নৱেম্বৰৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিবেশন

লগতে পঢ়কঃ এন.আৰ.চি সন্দৰ্ভত ৱাজেদ আলী চৌধুৰীৰ সকীয়নি

বিধানসভাৰ এই শীতকালীন অধিবেশনত উত্থাপিত হ'ব ছখনকৈ বিধেয়ক । ইয়াৰে বেছিভাগেই সংশোধনী বিধেয়ক হিচাপে সদনত উত্থাপিত হ'ব ৷ তেনেই কম সময়ৰ বাবে অনুষ্ঠিত হ'ব লগীয়া এই শীতকালীন অধিবেশনৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বিধানসভা সচিবালয়ে ৷

লগতে পঢ়কঃ মহানগৰীৰ পদপথত কুকুৰৰ বাবে আশ্ৰয়গৃহ

আনহাতে, বিধানসভাৰ প্ৰধান সচিব মৃগেন ডেকাই জনোৱা মতে যদিওবা এই অধিবেশনত ছখনকৈ বিধেয়ক উত্থাপন হোৱাৰ কথা,কিন্তু বৰ্তমানলৈকে এখন বিধেয়কৰ জাননীহে বিধানসভা সচিবালয়ে লাভ কৰিছে।

Intro:গুৱাহাটী, ২৭ নৱেম্বৰ: বৃহস্পতিবাৰৰ পৰা আৰম্ভ হব অসম বিধানসভাৰ শীতকালীন অধিবেশন । ৬ ডিচেম্বৰলৈকে চলিব লগীয়া এই অধিবেশনৰ প্ৰথম দিনটোতে শপতগ্ৰহণ কৰিব বিগত উপ নিৰ্বাচনত চাৰিটা সমষ্টিৰ পৰা বিজয়ী হৈ অহা চাৰিগৰাকী নৱ নিৰ্বাচিত বিধায়কে । তেওঁলোক হৈছে ক্ৰমে ৰফিকুল ইছলাম, নৱনীতা সন্দিকৈ, বিজয় মালাকাৰ আৰু ৰাজেন বৰঠাকুৰ ।


Body:বিধানসভাৰ এই শীতকালীন অধিবেশনত উল্থাপিত হব ছখনকৈ বিধেয়ক । ইয়াৰে বেছিভাগেই সংশোধনী বিধেয়ক হিচাপে সদনত উল্থাপিত হব । তেনেই চমু সময়ৰ বাবে অনুষ্ঠিত হব লগীয়া এই শীতকালীন অধিবেশনৰ বাবে বিধানসভা সচিবালয়ে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ।


Conclusion:আনহাতে, বিধানসভাৰ প্ৰধান সচিব মৃগেন ডেকাই জনোৱা মতে যদিওবা এই অধিবেশনত ছখনকৈ বিধেয়ক উল্থাপন হোৱাৰ কথা কিন্তু বৰ্তমানলৈকে এখন বিধেয়কৰ জাননীহে বিধানসভা সচিবালয়ে লাভ কৰিছে ।

( বাইট : মৃগেন ডেকা, প্ৰধান সচিব, অসম বিধানসভা )
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.