Amit Shah meets Himanta Biswa Sarma : AFSPA নহয়, দলীয় বিষয় সন্দৰ্ভতহে হ’ল আলোচনা

author img

By

Published : Dec 7, 2021, 8:52 PM IST

Amit Shah meets Himanta Biswa Sarma

আগন্তুক পৌৰ নিগম-নিকায় আৰু স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন সম্পৰ্কত আলোচনাত মিলিত হ’ল অসম বিজেপিৰ নেতৃত্ব আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ বুধবাৰে আন এক বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মিলিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে ৷

নিউজ ডেস্ক, 7 ডিচেম্বৰ : দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বিশেষ বৈঠক অসমৰ বিজেপি নেতৃত্বৰ (Amit Shah meets Assam BJP leaders) ৷ সাংগঠনিক ভেটি মজবুত কৰা, আগন্তুক পৌৰ নিগম-নিকায় আৰু স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন সম্পৰ্কত আলোচনা কৰা হয় এই বৈঠকত (Discussion on Assam civic body election) ৷ 2022 বৰ্ষত অনুষ্ঠিত হ’ব ৰাজ্যৰ 81 খন পৌৰ নিগম-নিকায়ৰ লগতে সোণোৱাল কছাৰী আৰু দেউৰী স্বায়ত্ত পৰিষদৰ পৰিষদীয় নিৰ্বাচন ৷ সেই নিৰ্বাচনৰ ৰণ কৌশল প্ৰস্তুতৰ বাবেই এই বৈঠক অনুষ্ঠিত হোৱা বুলি জানিবলৈ দিছে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷

এই বৈঠকত উপস্থিত আছিল অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ অসমৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, অসম বিজেপিৰ সাংগঠনিক সম্পাদক ফণী শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ৷ উল্লেখ্য যে, নিজৰ সকলো অনুষ্ঠান বাতিল কৰি সোমবাৰে বিয়লি দিল্লীলৈ ৰাওনা হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma meets Amit Shah) ৷ মুখ্যমন্ত্ৰী শৰ্মাৰ আকস্মিক দিল্লী ভ্ৰমণক লৈ সকলোৱে ভাবিছিল যে, নিশ্চয় নাগালেণ্ডৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আলোচনাৰ বাবেই দিল্লীলৈ অমিত শ্বাহে তলৱ কৰিছে হিমন্ত বিশ্ব শৰ্মাক ৷ কিন্তু আশ্চৰ্যজনকভাৱে মঙলবাৰৰ বৈঠকত তেনে কোনো বিষয় আলোচনা নহ’ল ৷

AFSPA প্ৰত্যাহাৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সভাপতি ভৱেশ কলিতাই কয় যে, এই বিষয়ত কোনো আলোচনা হোৱা নাই ৷ কেৱল দলীয় সাংগঠনিক স্থিতি মজবুত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰিব লগীয়া পদক্ষেপ সন্দৰ্ভতহে আলোচনা কৰা হয় বুলি ভৱেশ কলিতাই উল্লেখ কৰে ৷

অৱশ্যে, বুধবাৰে আন এক বৈঠকত মুখ্যমন্ত্ৰী শৰ্মা মিলিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে ৷ এই বৈঠকত উত্তৰ-পূৱৰ আন মুখ্যমন্ত্ৰীৰো উপস্থিতিৰ সম্ভাৱনা আছে (Discussion on Nagaland issue)৷ বুধবাৰৰ বৈঠকত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ AFSPA তথা নাগালেণ্ডৰ হিংসাত্মক ঘটনা সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক : সকলো কাৰ্যসূচী বাতিল কৰি হঠাৎ দিল্লীলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.