ডিব্ৰুগড়ত বিজেপিৰ বৌদ্ধিক সন্মিলন

author img

By

Published : Sep 29, 2022, 10:22 PM IST

mp-tapan-gogoi-attended-an-intellectual-convention-at-dibrugarh

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন(PM Modi Birthday) উপলক্ষে ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ বিজেপিয়ে পালন কৰিছে সেৱা পষেক ৷ বিজেপিৰ সেৱা পষেকৰ লগত সংগতি ৰাখি কানৈ মহাবিদ্যালয়ৰ শংকৰদেৱ প্ৰেক্ষাগৃহত জিলা ভিত্তিত বৌদ্ধিক সন্মিলনৰ আয়োজন (BJP's intellectual convention held in Dibrugarh) ৷

মৰাণ, 29 ছেপ্টেম্বৰ: ডিব্ৰুগড়ত অনুষ্ঠিত হ'ল বিজেপিৰ বৌদ্ধিক সন্মিলন(BJP's intellectual convention held in Dibrugarh) । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ বিজেপিয়ে পালন কৰি থকা সেৱা পষেক কাৰ্যসূচীৰ(BJP observe Sewa Pakhwara on Modi's Birthday) লগত সংগতি ৰাখি কানৈ মহাবিদ্যালয়ৰ শংকৰদেৱ প্ৰেক্ষাগৃহত জিলা ভিত্তিত বৌদ্ধিক সন্মিলনখন অনুষ্ঠিত হয় । অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈ(MP Tapan kumar Gogoi) ৷

সাংসদ তপন কুমাৰ গগৈয়ে সন্মিলনত অংশগ্ৰহণ কৰি কয় য়ে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ দেশতে বিকাশৰ গতি ত্বৰাম্বিত হৈছে । সকলো স্তৰৰ ব্যক্তিক সামৰি প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতবৰ্ষক বিশ্বগুৰুৰ আসনত প্ৰতিষ্ঠা কৰাৰ দিশত অগ্ৰসৰ হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাৰ্যকালতে অসমে আন্দোলন নকৰাকৈ সকলো পাবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি কংগ্ৰেছে কৰিব নোৱাৰা বহু কাম প্ৰধানমন্ত্ৰী মোদীয়ে সফলতাৰে সম্পন্ন কৰিছে বুলি তেওঁ মন্তব্য কৰে ।

সাংসদ তপন কুমাৰ গগৈৰ উপস্থিতিত ডিব্ৰুগড়ত অনুষ্ঠিত হ'ল বিজেপিৰ বৌদ্ধিক সন্মিলন

ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতি জগদীশ ৰাজকোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানত ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ শশীকান্ত শইকীয়া, ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, ডিব্ৰুগড় পৌৰসভাৰ পৌৰপতি ডাঃ সৈকত পাত্ৰ আদিকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকি বক্তব্য দিয়ে ।

লগতে পঢ়ক: সীমান্ত কুমাৰ দাসক হোজাইৰ উপায়ুক্তৰ দায়িত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.