ETV Bharat / city

ডিব্ৰুগড়লৈ দেশৰ শ্ৰেষ্ঠ জিলাৰ সন্মান, আমীৰ খানে প্ৰদান কৰিলে বঁটা

author img

By

Published : Jan 13, 2020, 3:05 AM IST

পুনৰ এবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল ঐতিহাসিক ডিব্ৰুগড় জিলা । বলীউডৰ অভিনেতা আমীৰ খানৰ হাতেৰে লাভ কৰিলে দেশৰ শ্ৰেষ্ঠ জিলাৰ সন্মানৰ বঁটা ।

ডিব্ৰুগড়লৈ দেশৰ শ্ৰেষ্ঠ জিলাৰ সন্মান
ডিব্ৰুগড়লৈ দেশৰ শ্ৰেষ্ঠ জিলাৰ সন্মান

ডিব্ৰুগড়, 13 জানুৱাৰীঃ অসম তথা ডিব্ৰুগড়বাসীলৈ সুঃখবৰ ৷ গ্ৰামাঞ্চলত এবাৰ ব্যৱহৃত প্লাষ্টিকৰ পৰা আৱৰ্জনামুক্ত কৰাৰ দিশত উদ্ভাৱনমূলক আৰু ফলপ্ৰসূ প্ৰচেষ্টা হাতত লৈ দেশৰ ভিতৰতে শ্ৰেষ্ঠ জিলাৰ সন্মানৰ লগতে ‘‘প্লাষ্টিক আৱৰ্জনা নিষ্কাশন বঁটা ২০২০’’ ও লাভ কৰিলে ডিব্ৰুগড় জিলাখনে ৷

12 জানুৱাৰীত দেশৰ ৰাজধানী নতুন দিল্লীৰ এৰ'চিটীৰ প্ৰাইড প্লাজাত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ উপায়ুক্ত শ্ৰী পল্লৱ গোপাল ঝাক এই বঁটা প্ৰদানেৰে জিলাখনলৈ এই সন্মান প্ৰদান কৰে বলীউডৰ খ্যাতনামা অভিনেতা আমীৰ খানে

উপায়ুক্ত শ্ৰী পল্লৱ গোপাল ঝাক বঁটা প্ৰদান আমিৰ খানৰ
উপায়ুক্ত শ্ৰী পল্লৱ গোপাল ঝাক বঁটা প্ৰদান আমিৰ খানৰ

উল্লেখ্য যে, কেন্দ্ৰীয় জলশক্তি মন্ত্ৰালয়ৰ খোৱাপানী আৰু অনাময় বিভাগৰ দ্বাৰা আয়োজিত অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ উপায়ুক্ত শ্ৰী পল্লৱ গোপাল ঝাক আনুষ্ঠানিক ভাৱে এই সন্মান প্ৰদান কৰা হয়।

তথ্য অনুসৰি এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ সংগ্ৰহ আৰু সঠিক পদ্ধতিৰে নিষ্কাশনৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি দেশজুৰি উদযাপিত ‘স্বচ্ছতাই সেৱা ২০১৯’ জন আন্দোলনৰ সময়চোৱাত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক নিষ্কাশনৰ দিশত উদ্ভাৱনমূলক আৰু ফলপ্ৰসূ প্ৰচেষ্টা হাতত লৈ ডিব্ৰুগড় জিলাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল ৷

জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ সংখ্যাক জয়ন্তীত সমগ্ৰ দেশক মুকলিত মল ত্যাগ মুক্ত কৰা আৰু এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ পৰা মুক্ত কৰাৰ দিশত আগবাঢ়ি আহিবলৈ আহ্বান জনাই সমগ্ৰ দেশজুৰি ‘‘স্বচ্ছতাই সেৱা ২০১৯’’ ক এক জন আন্দোলন কাৰ্যসূচীৰূপে ৰূপায়ন কৰা হৈছিল।

ডিব্ৰুগড়লৈ দেশৰ শ্ৰেষ্ঠ জিলাৰ সন্মান
ডিব্ৰুগড়লৈ দেশৰ শ্ৰেষ্ঠ জিলাৰ সন্মান

এই সময়চোৱাত ডিব্ৰুগড় জিলা খোৱাপানী আৰু অনাময় সমিতি, ডিব্ৰুগড় জিলা প্ৰশাসন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগে বিভিন্ন দল-সংগঠন, জিলাখনৰ ৰাইজক লগত লৈ ডিব্ৰুগড় জিলাক এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকমুক্ত কৰাৰ বাবে ৰাস্তাই-ঘাটে পৰি থকা প্লাষ্টিকজাতীয় আৱৰ্জনা সংগ্ৰহ আৰু সেই সমূহ সঠিক পদ্ধতিৰে নিষ্কাশনৰ বাবে এক শক্তিশালী অভিযান চলাইছিল।

Intro:বলীউড অভিনেতা আমীৰ খানৰ হাতেৰে প্ৰদান কৰা হ'ল ডিব্ৰুগড় জিলালৈ দেশৰ শ্ৰেষ্ঠ জিলাৰ সন্মান বঁটা।
আৰু এইদৰে পুনৰ এবাৰ
ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল ঐতিহাসিক ডিব্ৰুগড় জিলা।এইবাৰ
গ্ৰামাঞ্চলক এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক আৱৰ্জনামুক্ত কৰাৰ দিশত উদ্ভাৱনমূলক আৰু ফলপ্ৰসূ প্ৰচেষ্টা হাতত লৈ দেশৰ ভিতৰতে শ্ৰেষ্ঠ জিলাৰ সন্মান ডিব্ৰুগড়ক। লগতে ডিব্ৰুগড় জিলাই প্লাষ্টিক আৱৰ্জনা নিষ্কাশন বঁটা-২০২০ লাভ কৰিবলৈ সক্ষম হৈছে।

12 জানুৱাৰীত দেশৰ ৰাজধানী নতুন দিল্লীৰ এৰ'চিটীৰ প্ৰাইড প্লাজাত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ উপায়ুক্ত শ্ৰী পল্লৱ গোপাল ঝাক এই বঁটা প্ৰদানেৰে জিলাখনলৈ এই সন্মান প্ৰদান কৰে বলীউডৰ খ্যাতনামা অভিনেতা আমীৰ খানে।


উল্লেখ যে
কেন্দ্ৰীয় জলশক্তি মন্ত্ৰালয়ৰ খোৱাপানী আৰু অনাময় বিভাগৰ দ্বাৰা আয়োজিত অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ উপায়ুক্ত শ্ৰী পল্লৱ গোপাল ঝাক আনুষ্ঠানিক ভাৱে এই সন্মান প্ৰদান কৰা হয়।

তথ্য অনুসৰি
এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ সংগ্ৰহ আৰু সঠিক পদ্ধতিৰে নিষ্কাশনৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি দেশজুৰি উদযাপিত স্বচ্ছতাই সেৱা-২০১৯ জন আন্দোলনৰ সময়চোৱাত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক নিষ্কাশনৰ দিশত উদ্ভাৱনমূলক আৰু ফলপ্ৰসূ প্ৰচেষ্টা হাতত লৈ ডিব্ৰুগড় জিলাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল আহিছিল।

উল্লেখ্য যে জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ সংখ্যাক জয়ন্তীত সমগ্ৰ দেশক মুকলিত মলত্যাগমুক্ত কৰা আৰু এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ পৰা মুক্ত কৰাৰ দিশত আগবাঢ়ি আহিবলৈ আহ্বান জনাই সমগ্ৰ দেশজুৰি "স্বচ্ছতাই সেৱা-২০১৯" ক এক জন আন্দোলন কাৰ্যসূচীৰূপে ৰূপায়ন কৰা হৈছিল।

এই সময়চোৱাত ডিব্ৰুগড় জিলা খোৱাপানী আৰু অনাময় সমিতি, ডিব্ৰুগড় জিলা প্ৰশাসন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগে বিভিন্ন দল-সংগঠন, জিলাখনৰ ৰাইজক লগত লৈ ডিব্ৰুগড় জিলাক এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকমুক্ত কৰাৰ বাবে ৰাস্তাই-ঘাটে পৰি থকা প্লাষ্টিকজাতীয় আৱৰ্জনা সংগ্ৰহ আৰু সেইসমূহ সঠিক পদ্ধতিৰে নিষ্কাশনৰ শক্তিশালী অভিযান চলাইছিল।Body:DoConclusion:Do

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.