ETV Bharat / city

বাঘজানত উপস্থিত হ'বলৈ সময় নাই মুখ্যমন্ত্ৰীৰ, লুৰিণৰ প্ৰতিক্ৰিয়া

author img

By

Published : Jun 13, 2020, 11:15 PM IST

বাঘজানত উপস্থিত হ'বলৈ সময় নাই মুখ্যমন্ত্ৰীৰ, লুৰিণৰ প্ৰতিক্ৰিয়া
বাঘজানত উপস্থিত হ'বলৈ সময় নাই মুখ্যমন্ত্ৰীৰ, লুৰিণৰ প্ৰতিক্ৰিয়া

বাঘজানৰ অগ্নিকাণ্ডৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভূমিকাক সমালোচনা সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ ৷ বাঘজান কাণ্ডত নিহত হোৱা প্ৰাক্তন ফুটবল খেলুৱৈ দুৰ্লভ গগৈৰ বাসগৃহত উপস্থিত হয় আছুৰ সাধাৰণ সম্পাদকগৰাকী ৷ গগৈৰ পৰিয়ালটোক ন্য়ায় প্ৰদানৰ লগতে উচিত ক্ষতিপুৰণ প্ৰদান কৰা সন্দৰ্ভত অইলক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান লুৰিনৰ ৷

ডিব্ৰুগড়, 13 জুন : বাঘজানৰ তৈলখাদত অগ্নি নিৰ্বাপণ কৰিবলৈ গৈ কৰুণ মৃত্যুক সাৱতি লোৱা অইলৰ অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰী তথা সুদক্ষ ফুটবল খেলুৱৈ দুৰ্লভ গগৈৰ নামৰূপস্থিত বাসগৃহত উপস্থিত হয় আছুৰ সাধাৰণ সম্পাদক লুৰিন জ্যোতি গগৈ । দুৰ্লভ গগৈৰ বাসগৃহত উপস্থিত হৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ক্ষুৰধাৰ সমালোচনা কৰে লুৰিনে ৷

দুৰ্লভ গগৈৰ বাসগৃহত লুৰিনজ্য়োতি গগৈ

চিকিৎসালয়ৰ পৰা ৰোগীক বিদায় দিবলৈ বিলাসী উৰাজাহাজত ঘুৰা মুখ্যমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰীসকলে অসমৰ ইমুৰৰ পৰা সিমুৰ ঘুৰি আছে যদিও এতিয়ালৈকে বাঘজান পৰিদৰ্শন কৰিবলৈ সময় পোৱা নাই ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ এটা ব্য়ক্তিগত টেলিভিশ্বন চেনেলৰ এখন ধাৰাবাহিকৰ কৰ্ম-কুশলীৰ সৈতে শনিবাৰে আলোচনাত মিলিত হয় কিন্তু বাঘজান কাণ্ডৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি সেইস্থানত উপস্থিত হ'বলৈ সময় হোৱা নাই তেওঁৰ ৷ এইক্ষেত্ৰত মুখ্য়মন্ত্ৰীগৰাকীক সমালোচনা কৰে আছুৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে ৷ অসমৰ ৰাইজৰ প্ৰতি এইখন চৰকাৰৰ দায়ৱদ্ধতা নাই, তেওঁলোকৰ লক্ষ্য হৈছে 21ৰ নিৰ্বাচন ৷ নিৰ্বাচনৰ কামত ব্যস্ত থকা অসম চৰকাৰৰ মন্ত্ৰীসকলকে ধৰি মুখ্য়মন্ত্ৰীয়ে বিদেশী বিশেষজ্ঞৰ দ্বাৰাও তৈলখাদৰ জুই নিৰ্বাপন কৰিব নোৱাৰাটোৱে তেওঁলোকৰ ব্যৰ্থতাকে প্ৰকাশ কৰিছে বুলি কয় লুৰিনে ৷

লুৰিনজ্য়োতিয়ে প্ৰকাশ কৰা অনুসৰি, অইল ইণ্ডিয়া লিমিটেডে চক্ৰান্ত কৰিয়ে এই ঘটনা সংঘটিত কৰিছে ৷ ইয়াৰ পূৰ্বেও অইল ইণ্ডিয়াই ধনৰ লেনদেন কৰি বহু তৈলখাদ ব্যক্তিগত খণ্ডক বিক্ৰী কৰিছে আৰু বাঘজানৰ ক্ষেত্ৰটো একেই চক্ৰান্ত ৰচনা কৰি তৈলখাদটোক মৃত ঘোষণা কৰি ব্যক্তিগত খণ্ডৰ হাতত বিক্ৰী কৰিবলৈ এই ঘটনা সংঘটিত কৰিব পাৰে বুলি প্ৰকাশ কৰে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷

আছুৰ সাধাৰণ সম্পাদকগৰাকীৰ মতে, অসমৰ জনতা এতিয়া চৰম নিৰাপত্তাহীনতাত ভূগিছে । অসমত শেহতীয়াকৈ বৃদ্ধি পাবলৈ লৈছে গণহত্যাৰ দৰে ঘটনা ৷ ঝংকাৰ শইকীয়াৰ পৰা আৰম্ভ কৰি অভি-নীল, দেবেন দত্ত, সনাতন ডেকা, দেবাশীষ গগৈ, পৰাগজ্যোতি নেওঁগ আৰু শেহতীয়াকৈ ঋতুপৰ্ণ পেগুকে ধৰি বহু নিৰীহ অসমীয়াই এইদৰে অকালতে প্ৰাণ হেৰুৱাইছে । যেতিয়ালৈকে অসমত ফাৰ্ষ্ট ট্ৰেক আদালত স্থাপন কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰা নহয় তেতিযালৈকে অসমত এনে ধৰণৰ ঘটনা হৈয়ে থাকিব । চৰকাৰে অতিশীঘ্ৰে ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিব লাগে বুলিও দাবী উত্থাপন কৰে লুৰিনে ৷

অসমৰ জনতা এতিয়া নিৰাপত্তাহীনতাত ভূগিছেঃ লুৰিনজ্য়োতি গগৈ

অইলৰ কৰ্মচাৰী তথা সুদক্ষ ফুটবল খেলুৱৈ, দুৰ্লভ গগৈৰ বাসগৃহত উপস্থিত হৈ গগৈৰ মৃত্য়ুৰ বাবে অইল ইণ্ডিয়া লিমিটেডেই দায়ী আৰু তেওঁলোকৰ চূড়ান্ত গাফিলতি আৰু হেমাহিৰ বাবেই দুৰ্লভ গগৈয়ে প্ৰাণ ত্য়াগ কৰিবলগা হ'ল বুলি উল্লেখ কৰে লুৰিনজ্যোতিয়ে । অইলৰ অগ্নিনিৰ্বাপক বাহিনীৰ পৰ্যাপ্ত সা-সৰঞ্জাম নথকাৰ বাবেই এই ঘটনা সংঘটিত হ'ল । ইয়াৰ উচিত তদন্ত আৰু বিচাৰ হ'ব লাগিব । দুৰ্লভ গগৈৰ পৰিয়ালক উচিত ক্ষতিপুৰণ প্ৰদান কৰাৰ লগতে তেখেতৰ পত্নীক অতিশীঘ্ৰে অইল ইণ্ডিয়াত নিযুক্তি প্ৰদান কৰিব লাগিব আৰু এই সম্পৰ্কত অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষই নিজৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী উত্থাপন কৰে লুৰিনে ৷

লগতে পঢ়কঃ বাঘজানৰ ঘটনা সন্দৰ্ভত অইলৰ জনসম্পৰ্কৰক্ষী বিষয়া ত্ৰিদিপ হাজৰিকাৰ সৈতে আচুতীয়া সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.