চৰাইদেউৰ অনন্ত কৃষ্ণ মহন্তলৈ ৰাজ্যিক কৃৰ্তী শিক্ষক বঁঁটা

author img

By

Published : Sep 4, 2021, 4:13 PM IST

A Teacher of Charaideo got State award to Teacher 2021

2021 বৰ্ষৰ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটাৰ বাবে নিৰ্বাচিত কৰা শিক্ষক সকলৰ নাম ঘোষণা ৷ 2021 চনৰ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে চৰাইদেউৰ কৃতী শিক্ষক অনন্ত কৃষ্ণ মহন্তক ৷

মৰাণ, 4 ছেপ্তেম্বৰ: চৰাইদেউবাসীৰ বাবে এক সু-খবৰ ৷ 2021 বৰ্ষৰ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে চৰাইদেউ জিলাৰ ৰাঙলীৰ মূলাগাভৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অনন্ত কৃষ্ণ মহন্তক ৷ এই খবৰে বাৰুকৈ উৎফুল্লিত কৰিছে কৃতী শিক্ষক অনন্ত কৃষ্ণ মহন্তৰ পৰিয়ালৰ লগতে শিক্ষানুৰাগী সকল ৷

উল্লেখ্য যে, শিক্ষাখণ্ডলৈ অনবদ্য অৱদান আগবঢ়াই অহা শিক্ষকসকলক ৰাজ্য চৰকাৰে প্ৰতিবছৰে ৰাজ্যিক কৃতী শিক্ষক বঁটাৰে সন্মানিত কৰি আহিছে । ক’ভিড পৰিস্থিতিৰ মাজতো ৫ ছেপ্তেম্বৰ অৰ্থাৎ শিক্ষক দিৱসৰ দিনটোত গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত কৃতী শিক্ষকৰ এই বঁটা প্ৰদান কৰা হ’ব ৷ এই অনুষ্ঠানতে চৰাইদেউৰ কৃতী শিক্ষক অনন্ত কৃষ্ণ মহন্তকো প্ৰদান কৰা হ’ব এই বঁটা ৷

অনন্ত কৃষ্ণ মহন্তলৈ ৰাজ্যিক কৃৰ্তী শিক্ষক বঁঁটা

নিষ্ঠাসহকাৰে শিক্ষকতা কৰি অহাৰ পাচতে শিক্ষা বিভাগে এই স্বীকৃতি প্ৰদান কৰাত স্বাভাৱিকতে আনন্দিত হৈ পৰিছে অনন্ত কৃষ্ণ মহন্ত ।

অন্য বৃত্তিৰ ফালে ঢাল নাখাই ১৯৮৮ চনতে শিক্ষকৰ বৃত্তিত জড়িত হৈ পৰিছিল শিক্ষক অনন্ত কৃষ্ণ মহন্ত ৷ বৰ্তমান অনন্ত কৃষ্ণ মহন্ত হৈছে মূলাগাভৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৷ চৰাইদেউ জিলাৰ ২ নং নিৰ্মলীয়া গাঁৱৰ বাসিন্দা তথা শিক্ষক অনন্ত কৃষ্ণ মহন্তই ২০১৯ বৰ্ষত নতুন দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত ড৹ আম্বেদকাৰ সন্মান পদক লাভ কৰিছিল ।

A Teacher of Charaideo got State award to Teacher 2021
চৰাইদেউৰ অনন্ত কৃষ্ণ মহন্তলৈ ৰাজ্যিক কৃৰ্তী শিক্ষক বঁঁটা

ইফালে পূৰ্বতকৈ কিছু উন্নত হৈছে ৰাজ্যৰ ক’ভিড পৰিস্থিতি ৷ যাৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে আগন্তুক 6 ছেপ্তেম্বৰৰ পৰা বিদ্যালয়-মহাবিদ্যালয় সমূহ খোলাৰ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে ৷ শিক্ষক দিৱসৰ পাচৰ দিনাই শিক্ষানুষ্ঠান খোলাৰ প্ৰসংগই স্বাভাৱিকতে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে শিক্ষাৰ্থী তথা শিক্ষক সকলৰ মাজতো ৷

লগতে পঢ়ক: শিৱসাগৰৰ শিক্ষক ব্ৰজেন বৰালৈ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.