Secure your children future : বীমা বা বিনিয়োগ আঁচনিৰে আপোনাৰ সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰক

author img

By

Published : Dec 10, 2022, 12:14 PM IST

Secure your children future

সামগ্ৰিক বিত্তীয় প্ৰয়োজনীয়তা পূৰণ কৰাত শিশু বীমাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে (Importance of Child insurance)। শিক্ষাৰ ক্ষেত্ৰত খৰছবোৰ বাঢ়িছে । পৰৱৰ্তী ২১ বছৰৰ বাবে শৈক্ষিক আৰু অন্যান্য ব্যয় পূৰণ কৰিবলৈ শিশুৰ জন্মৰ পৰাই বিত্তীয় সুৰক্ষা প্ৰদান কৰাৰ পৰিকল্পনা কৰিব লাগে ।

নিউজ ডেস্ক,১০ ডিচেম্বৰ : প্ৰতিগৰাকী অভিভাৱকে তেওঁলোকৰ সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ যথেষ্ট খৰছ কৰে । শিশু বীমাই এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে কিয়নো ই বীমা আৰু বিনিয়োগৰ উভয়ৰে লাভালাভৰ সৈতে আহে । যদি সজাগতা অৱলম্বন কৰি ইয়াক বাছনি কৰা হয় এই পদক্ষেপ শিশুৰ বাবে পৰ্যাপ্ত হ'ব যি শিশুৰ প্ৰাক আৰু পৰৱৰ্তী শৈক্ষিক বিত্তীয় প্ৰয়োজনীয়তাত সহায় কৰিব ।

শিশুৰ বৰ্ধিত আকাংক্ষাৰ অনুপাতত শিক্ষাৰ মুদ্ৰাস্ফীতি দিনক দিনে বাঢ়ি আহিছে (Education inflation is rising day by day)। পৰৱৰ্তী ২১ বছৰৰ বাবে শৈক্ষিক আৰু অন্যান্য ব্যয় পূৰণ কৰিবলৈ এটি শিশুৰ জন্মৰ পৰাই বিত্তীয় সুৰক্ষা প্ৰদানৰ পৰিকল্পনা কৰিব লাগিব । আগশাৰীৰ শিক্ষানুষ্ঠানসমূহত বৰ্তমান ব্যয় কিমান ? অনুমান কৰক যে ১৫ বছৰৰ পাছত ই কিমান বৃদ্ধি হ'ব । তেতিয়া এটা সমানুপাতিক পৰিমাণ বিনিয়োগ কৰিব লাগে ।

বেছি লাভৰ বাবে আমি বিনিয়োগ কৰা উচিত (Our investments should yield high returns)। ইকুইটি মিউচুৱেল ফাণ্ড, ফিক্সড ডিপজিট আৰু বীমা পলিচিৰ দ্বাৰা এয়া সম্ভৱ হ'ব । অভিভাৱকসকলে তেওঁলোকৰ সন্তানক উচ্চ শিক্ষাৰ বাবে পৃথিৱীৰ যিকোনো স্থানলৈ পঠিয়াইছে । তেওঁলোকে এই ভৱিষ্যতৰ ব্যয়ৰ বাবে সাজু থাকিব লাগিব । উপাৰ্জন সৃষ্টিকাৰী পলিচিত বিনিয়োগ কৰিব লাগে ।

উপাৰ্জনৰ উৎস সৃষ্টি কৰিবলৈ দীঘলীয়া সময়ৰ বাবে বিনিয়োগ অব্যাহত ৰাখিব লাগিব । পিপিএফ (ৰাজহুৱা ভৱিষ্যত নিধি), মিউচুৱেল ফাণ্ড, শ্বেয়াৰ, সোণ, ৰিয়েল ইষ্টেট ইত্যাদি হৈছে উন্নত বিনিয়োগ । শিশু বীমাই উপাৰ্জনকাৰী সদস্যৰ যিকোনো পৰিস্থিতি পূৰণ কৰে যি পৰিয়ালৰ বাবে আৰু উপলব্ধ নহয় । বীমাকৃতৰ মৃত্যুৰ পাছতো শিশুৰ পলিচি অব্যাহত থাকে কিয়নো কোম্পানীবোৰে প্ৰিমিয়াম ৰেহাই দিয়ে (Importance of Child insurance)। এটা চৰ্তৰ দ্বাৰা ক্ষতিপূৰণ কেৱল উচ্চ শিক্ষা আৰু শিশুৰ অন্যান্য ব্যয়ৰ বাবেহে ব্যৱহাৰ কৰিব পাৰি ।

শিশু বীমা পলিচিৰ আন এক বৈশিষ্ট্য হ'ল ক্ষতিপূৰণ দুবাৰ দিয়া হয় (Child insurance policies compensation given twice)। পলিচি হ'ল্ডাৰৰ কিবা হ'লে মনোনীত ব্যক্তিজনক তাৎক্ষণিক ক্ষতিপূৰণ দিয়া হয় । তাৰ পাছত বীমা কোম্পানীয়ে ম্যাদ শেষ নোহোৱালৈকে প্ৰিমিয়াম পৰিশোধ কৰে । তাৰ পাছত ই পুনৰ এবাৰ maturityৰ পাছত মনোনীত ব্যক্তিক পলিচিৰ মূল্য পৰিশোধ কৰে । উচ্চ শিক্ষা, বিবাহ আদিৰ ব্যয় অনুসৰি সময়বোৰ নিৰ্ধাৰণ কৰা হয় ।

এণ্ডোমেণ্ট পলিচি আৰু ইউনিট লিংকড বীমা পলিচিও (ULIPs) পছন্দ কৰা হয় । যিসকলে কম বিপদাশংকা ল'ব বিচাৰে তেওঁলোকে এণ্ডোমেণ্ট পলিচি (Endowment policies) বিবেচনা কৰিব পাৰে । তেওঁলোকে বোনাচ আৰু লয়েলটি সংযোজন লাভ কৰিব । ৰিটাৰ্ণ ৬ শতাংশলৈকে হ'ব পাৰে । ইউ.এল.আই.পি. বিনিয়োগবোৰ বেছিভাগ ইকুইটিত হয়, যাক বাছনি কৰিব পাৰি যেতিয়া শিশুসকলক পৰৱৰ্তী ১০ বছৰৰ পিছতহে ধনৰ প্ৰয়োজন হ'ব বুলি আশা কৰা হয় ।

বিশেষজ্ঞসকলে বাৰ্ষিক উপাৰ্জনৰ ১০-১২ গুণ জীৱন বীমাৰ পৰামৰ্শ দিয়ে । তেওঁলোকে ম্যাদী পলিচিৰ পৰামৰ্শ দিয়ে । কেৱল বীমা পলিচি এখন লোৱাটো কোনো উচিত নহয় । কেৱল অপ্ৰত্যাশিত পৰিস্থিতিতহে বিত্তীয় সুৰক্ষা প্ৰদান কৰে । নিশ্চিতভাৱে আপোনাৰ উপাৰ্জনৰ ১৫-২০ শতাংশ শিশুৰ ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ বাবে বিনিয়োগ কৰিব লাগে । বিত্তীয় সুৰক্ষা নিশ্চিত কৰিবলৈ ম্যাদী পলিচি আৰু মিউচুৱেল ফাণ্ড যুটীয়াভাৱে লোৱা উচিত ।

লগতে পঢ়ক :Top up your SIP investments : ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ SIPত অধিক বিনিয়োগ কৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.