ETV Bharat / business

লক ডাউনত আন ক্ষেত্ৰৰ তুলনাত কম ক্ষতিগ্ৰস্ত হৈছে কৃষি খণ্ডঃ চৰকাৰ

author img

By

Published : Apr 30, 2020, 2:38 PM IST

দেশত যাতে COVID-19 ৰ সংকটৰ পাচত খাদ্যৰ নাটনি নহয় তাৰ বাবে কাম কৰি আছে কৃষি খণ্ডৰ লগত জড়িত লোক সকলে । কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে এই কথা প্ৰকাশ কৰি লগতে কয় যে, ৰবি শস্য সতৰ্কতাৰে সংগ্ৰহ কৰা হৈছে ।

Breaking News

নতুন দিল্লী, 30 এপ্ৰিলঃ চৰকাৰে COVID-19 সংকটৰ সময়ত অৰ্থ ব্যৱস্থাৰ বাবে কৃষিখণ্ডৰ ওপৰত নিৰ্ভৰ কৰাৰ আশা ব্য়ক্ত কৰিছে । কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে এই কথা প্ৰকাশ কৰে যে, লক ডাউনৰ সময়চোৱাত কৃষি খণ্ডৰ কাম সুচাৰু ৰূপে চলি আছে ।

দেশত যাতে খাদ্য সামগ্ৰীৰ নাটনি পিচলৈ নহয় তাৰ বাবে লক ডাউনৰ সময়চোৱাতো জিৰণিবিহীন ভাৱে কাম কৰি আছে । এতিমধ্যে সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰি বহু ৰবি শস্য চপোৱা হৈছে আৰু ধান, তৈল শস্য, মাহ ইত্যাদি MSP ত ক্ৰয়ৰ ব্যৱস্থা চলি আছে বুলি কৃষি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিছে ।

এইবাৰ খৰিফ শস্যৰ ক্ষেত্ৰতো, বিশেষকৈ ধানৰ ক্ষেত্ৰত খেতি কৰা ভূমিৰ পৰিমাণ পূৰ্বতকৈ বাঢ়িছে । বিগত বছৰত কৃষিক্ষেত্ৰৰ পৰিমাণ আছিল 41.31 লাখ হেক্টৰ । এইবাৰ এই ভূমিৰ পৰিমাণ হৈছে 57.07 লাখ হেক্টৰ ।

মন্দাৰ সময়তো কৃষতে উন্নত মূল্য লাভ কৰিব বুলি প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ।

ভাৰতৰ অৰ্থনীতিত উৎপাদন খণ্ডতকৈয়ো কৃষি খণ্ডৰ অৱদান অধিক । ইয়াৰ পৰিমাণ 17 শতাংশ । সেয়ে ভাৰতৰ সংকটত থকা অৰ্থনীতি উদ্ধাৰৰ বাবে কৃষি খণ্ডই সহায় কৰিব বুলি IMF, NITI আয়োগ, ইত্যাদি বিভিন্ন সংস্থাৰ সদস্যই মন্তব্য কৰিছে ।

আনফালে সাম্প্ৰতিক পৰিবেশে কৃষি ক্ষেত্ৰত কিছু প্ৰভাৱ পেলাইছে বুলিও মন্তব্য কৰিছে কৃষি মন্ত্ৰী গৰাকীয়ে ।

লক ডাউনৰ সময়চোৱাত কৃষক সকল যাতে অসুবিধাত নপৰে তাৰ বাবে PM-KISAN আচনিৰ প্ৰথম কৃষ্টিৰ 2000 টকাকৈ কৃষক সকলক প্ৰদান কৰা হৈছে । উল্লেখ্য যে, এই PM-KISAN আচনিৰ জৰিয়তে চৰকাৰে কৃষক সকলক বছৰি 6000 টকাকৈ প্ৰদান কৰিব ।

ইপিনে কৃষকৰ সুবিধাৰ বাবে চৰকাৰে "কিষাণ ৰথ" নামৰ এটা ম'বাইল এপ নিৰ্মাণ কৰিছে ।

কৃষি সামগ্ৰী উপলব্ধ কৰোৱাৰ বাবে লক ডাউনৰ সময়ত চৰকাৰে আন্তঃজিলা বাহন চলাচলৰ লগতে 67 খন ৰে'ল চলাচলৰো ব্যৱস্থা কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.