ETV Bharat / business

বিত্তীয় বৰ্ষৰ শেষলৈ 2.4 শতাংশ মুদ্ৰাস্ফীতি হোৱাৰ সম্ভাৱনা

author img

By

Published : Apr 11, 2020, 12:09 PM IST

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মৌদ্ৰিক নীতিৰ প্ৰতিবেদন অনুসৰি 2020-21 বিত্তীয় বৰ্ষত ভাৰতৰ উপভোক্তা মূল্য সূচকাংকৰ ওপৰত নিৰ্ভৰ কৰি আংশিক ৰূপত প্ৰথম ত্ৰিমাশিকত 4.8%, দ্বিতীয় ত্ৰিমাশিকত 4.4% , তৃতীয় ত্ৰিমাশিকত 2.7% আৰু চতুৰ্থ ত্ৰিমাশিকত 2.4 শতাংশ মুদ্ৰাস্ফীতি হোৱাৰ সম্ভাৱনা আছে ।

বিত্তীয় বৰ্ষৰ শেষলৈ 2.4 শতাংশ মুদ্ৰাস্ফিতি হোৱাৰ সম্ভাৱনা
বিত্তীয় বৰ্ষৰ শেষলৈ 2.4 শতাংশ মুদ্ৰাস্ফিতি হোৱাৰ সম্ভাৱনা

নিউজ ডেস্ক, 11 এপ্ৰিলঃ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মৌদ্ৰিক নীতি প্ৰতিবেদনে শুকুৰবাৰে কয় যে, দেশৰ খুচৰা বজাৰৰ মুদ্ৰাস্ফিতি আৰু খাৰুৱা তেলৰ মূল্য হ্ৰাসৰ বাবে COVID-19 মহামাৰীয়ে বিশ্ব অৰ্থনীতিক আঘাত কৰিব ।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰা নীতিৰ প্ৰতিবেদন অনুসৰি 2020-21 বিত্তীয় বৰ্ষত ভাৰতৰ উপভোক্তা মূল্য সূচকাংকৰ ওপৰত নিৰ্ভৰ কৰি আংশিক ৰূপত প্ৰথম ত্ৰিমাশিকত 4.8%, দ্বিতীয় ত্ৰিমাশিকত 4.4% , তৃতীয় ত্ৰিমাশিকত 2.7% আৰু চতুৰ্থ ত্ৰিমাশিকত 2.4 শতাংশ মুদ্ৰাস্ফীতি হোৱাৰ সম্ভাৱনা আছে । ভাৰতৰ কেন্দ্ৰীয় বেংকটোৱে লগতে কয় যে, বৰ্তমান চলি থকা অধিক অনিশ্চয়তাৰ বাবে , প্ৰত্যশিক ৰূপত বৰ্তমান অৰ্থনীতি দুৰ্বল হোৱাৰ লগতে মুদ্ৰাস্ফীতিও হ'ব পাৰে । য'ত যোগান ব্যৱস্থায়ো অধিক প্ৰভাৱ পেলাব পাৰে । তাৰ বাবে আমি কাম কৰা উচিত ।

আৰ বি আইৰ প্ৰতিবেদন খনে লগতে কয় যে, লক ডাউনৰ ফলত বৰ্তমান চাহিদা ব্যৱস্থাটো ক্ৰমাগতভাৱে দুৰ্বল হৈ গৈ আছে । এই মহামাৰীৰ ফলত উদ্ভৱ হোৱা শক্তিশালী চাপ ভাৰতে সহ্য কৰিব নোৱাৰিব ।

আনহাতে আৰ বি আইৰ এই প্ৰতিবেদনে ভাৰতৰ খুচুৰা বজাৰতো মুদ্ৰাস্ফীতিৰ প্ৰভাৱ পৰিব বুলি উল্লেখ কৰে । 2021-22 বৰ্ষলৈ এই মুদ্ৰাস্ফীতি 3.6 শতাংশৰ পৰা 3.8 শতাংশলৈ হ'ব পাৰে বুলি ব্যক্ত কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.