ETV Bharat / business

ভাৰতৰ প্ৰথমখন ব্যক্তিগত ৰেল টেজাচৰ প্ৰথম মাহত লাভ 70 লাখ

author img

By

Published : Nov 11, 2019, 3:10 AM IST

Updated : Nov 11, 2019, 7:39 AM IST

ভাৰতীয় ৰেলৰ প্ৰথমখন ব্যক্তিগত ৰেলগাড়ী টেজাচ এক্সপ্ৰেছৰ প্ৰথমটো মাহতে লাভ হৈছে 70 লাখ টকা ৷ বিশেষ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি,অক্টোবৰ মাহলৈ ৰেলগাড়ীখনে 70 লাখ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷

টেজাচৰ প্ৰথম মাহত লাভ 70 লাখ

নেশ্যনেল ডেস্ক, 10 নৱেম্বৰঃ ভাৰতীয় ৰেলৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্পৰেশ্যনৰ দ্বাৰা পৰিচালিত দেশৰ প্ৰথমখন ব্যক্তিগত ৰেলগাড়ী হৈছে টেজাচ এক্সপ্ৰেছ ৷ লক্ষ্ণৌ-দিল্লীৰ মাজত চলাচল কৰা ৰেলগাড়ীখনে ইয়াৰ যাত্ৰাৰ আৰম্ভণিতে বুজন সংখ্যক ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷ চলিত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা যাত্ৰা আৰম্ভ কৰা ৰেলগাড়ীখনে অক্টোবৰ মাহত ৰাজহ হিচাপে সংগ্ৰহ কৰিবলৈ সক্ষম হয় সৰ্বাধিক 3.70 কোটি টকা ৷ ইয়াৰ দ্বাৰাই ৰেলগাড়ীখনে প্ৰথমটো মাহত 70 লাখ টকা লাভ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়কঃ এপ'ল আৰ্কেডে অতিক্ৰম কৰিলে শতাধিক গেম সেৱা

অক্টোবৰ মাহৰ 5 তাৰিখৰ পৰা ৰেলগাড়ীখনে যাত্ৰা আৰম্ভ কৰিছিল ৷ অক্টোবৰ মাহৰ 5 তাৰিখৰ পৰা 28 তাৰিখলৈ (28 দিন, যিহেতু ৰেলগাড়ীখনে সপ্তাহত মাত্ৰ ছদিন যাত্ৰা কৰে) ভাৰতীয় ৰেলৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্পৰেশ্যন চমুকৈ IRCTCএ ৰেলগাড়ীখনৰ পৰা সংগ্ৰহ কৰে 3.70 কোটি টকা ৷ সংস্থাটোৱে প্ৰতিদিনে ৰেলগাড়ীখনৰ যাত্ৰাৰ নামত গড়ে 14 লাখ টকা খৰচ কৰি প্ৰতিদিনে যাত্ৰীৰ ভাড়াৰ পৰা 17.50 লাখ টকা সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়কঃ 87 বছৰ বয়সত মৃত্যু দেশৰ প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত টিএন চেচানৰ

উল্লেখ্য যে, ভাৰতীয় ৰেলৱেৰ অধীনৰ 50টা ৰেলৱে ষ্টেচন আৰু 150খন ৰেলগাড়ী ব্যক্তিগতকৰণ কৰি ইয়াৰ দায়িত্ব প্ৰদান কৰা হৈছে IRCTCক ৷ সংস্থাটোৰ নিৰীক্ষণৰ বাবে কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় সচিবৰ দ্বাৰা গঠিত এটা বিশেষ টাস্ক ফৰ্চ গঠন কৰি দিছে ৷ অৱশ্যে, টাস্ক ফৰ্চে এতিয়ালৈকে এখনো আলোচনাত মিলিত হোৱা নাই ৷

Intro:Body:

ভাৰতৰ প্ৰথমখন ব্যক্তিগত ৰেল টেজাচৰ প্ৰথম মাহত লাভ 70 লাখ 

ভাৰতীয় ৰেলৰ প্ৰথমখন ব্যক্তিগত ৰেলগাড়ী টেজাচ এক্সপ্ৰেছৰ প্ৰথমটো মাহতে লাভ হৈছে 70 লাখ টকা ৷ বিশেষ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, অক্টোবৰ মাহলৈ ৰেলগাড়ীখনে 70লাখ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷ 

নেশ্বনেল ডেস্ক, 10 নৱেম্বৰঃ ভাৰতীয় ৰেলৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্পৰেশ্বনৰ দ্বাৰা পৰিচালিত দেশৰ প্ৰথমখন ব্যক্তিগত ৰেলগাড়ী হৈছে টেজাচ এক্সপ্ৰেছ ৷ লক্ষ্নৌ-দিল্লীৰ মাজত চলাচল কৰা ৰেলগাড়ীখনে ইয়াৰ যাত্ৰাৰ আৰম্ভনিতে বুজন সংখ্যক ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷ চলিত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা যাত্ৰা আৰম্ভ কৰা ৰেলগাড়ীখনে অক্টোবৰ মাহত ৰাজহ হিচাপে সংগ্ৰহ কৰিবলৈ সক্ষম হয় সৰ্বাধিক 3.70 কোটি টকা ৷ 

অক্টোবৰ মাহৰ 5 তাৰিখৰ পৰা ৰেলগাড়ীখনে যাত্ৰা আৰম্ভ কৰিছিল ৷ অক্টোবৰ মাহৰ 5 তাৰিখৰ পৰা 28 তাৰিখলৈ (28 দিন, যিহেতু ৰেলগাড়ীখনে সপ্তাহত মাত্ৰ ছদিন যাত্ৰা কৰে) ভাৰতীয় ৰেলৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্পৰেশ্বন চমুকৈ IRCTCএ ৰেলগাড়ীখনৰ পৰা সংগ্ৰহ কৰে 3.70 কোটি টকা ৷ সংস্থাটোৱে প্ৰতিদিনে ৰেলগাড়ীখনৰ যাত্ৰাৰ নামত গড়ে 14 লাখ টকা খৰচ কৰি প্ৰতিদিনে যাত্ৰীৰ ভাড়াৰ পৰা 17.50 লাখ টকা সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ 

উল্লেখ্য যে, ভাৰতীয় ৰেলৱেৰ অধীনৰ 50টা ৰেলৱে ষ্টেচন আৰু 150খন ৰেলগাড়ী ব্যক্তিগতকৰণ কৰি ইয়াৰ দায়িত্ব প্ৰদান কৰা হৈছে IRCTCক ৷ সংস্থাটোৰ নিৰীক্ষণৰ বাবে কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় সচিবৰ দ্বাৰা গঠিত এটা বিশেষ টাস্ক ফৰ্চ গঠন কৰি দিছে ৷ অৱশ্যে, টাস্ক ফৰ্চে এতিয়ালৈকে এখনো আলোচনাত মিলিত হোৱা নাই ৷

Conclusion:
Last Updated : Nov 11, 2019, 7:39 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.